প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

“গোবিন্দ গুৰু জীৰ মৃত্যু বাৰ্ষিকী আৰু চৰ্দাৰ পেটেল জীৰ জন্ম বাৰ্ষিকী হিচাপে ক্ৰমে ৩০ আৰু ৩১ অক্টোবৰ সকলোৰে বাবে এক অসীম প্ৰেৰণাৰ উৎস”

“ভাৰতৰ উন্নয়নৰ কথা সমগ্ৰ বিশ্বৰে আলোচনাৰ বিষয় হৈ পৰিছে”

“মোদীয়ে গ্ৰহণ কৰা সংকল্প বাস্তৱায়িত কৰে”

“জলসিঞ্চন প্ৰকল্পৰাজিৰ বাবে ২০-২২ বছৰত উত্তৰ গুজৰাটত জলসিঞ্চনৰ পৰিসৰ বহুগুণে বৃদ্ধি পাইছে”

“গুজৰাটত আৰম্ভ কৰা জল সংৰক্ষণ আঁচনিখনে এতিয়া দেশৰ বাবে জল জীৱন মিছনৰ ৰূপ লৈছে”

“উত্তৰ গুজৰাটতো ৮০০ ৰোধিক নতুন গ্ৰাম্য দুগ্ধ সমবায় সমিতি গঠন কৰা হৈছে”

“আজি দেশখনত আমাৰ ঐতিহ্যক উন্নয়নেৰে সংযুক্তকৰণৰ অভূতপূৰ্ব কাম অব্যাহত আছে”

Posted On: 30 OCT 2023 3:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰেল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ দৰে একাধিক খণ্ডৰ অন্তৰ্গত।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৩০ আৰু ৩১ অক্টোবৰৰ তাৰিখ দুটা সকলোৰে বাবে এক অসীম প্ৰেৰণাৰ উৎস, কিয়নো প্ৰথম দিনটো গোবিন্দ গুৰু জীৰ মৃত্যু বাৰ্ষিকী আৰু পিছৰ দিনটো চৰ্দাৰ পেটেল জীৰ জন্ম বাৰ্ষিকী। “বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি ঐক্যৰ প্ৰতিমূৰ্তি নিৰ্মাণেৰে আমাৰ প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে উল্লেখ কৰে যে গোবিন্দ গুৰু জীৰ জীৱনটোও ভাৰতৰ স্বাধীনতাত জনজাতীয় সমাজখনৰ অৱদান আৰু ত্যাগৰ প্ৰতীক। চৰকাৰে মানগড় ধামৰ গুৰুত্ব ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিষ্ঠা কৰাত তেখেতে সন্তোষ প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে আম্বাজী মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনাৰ কথা উল্লেখেৰে দেৱী আম্বাজীৰ আশীৰ্বাদ বিচৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ গাব্বৰ পৰ্বতৰ উন্নয়নৰ বাবে কৰা কামৰ শলাগ লয়। আজিৰ প্ৰকল্পৰাজি সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান আম্বেৰ আশীৰ্বাদত প্ৰায় ৬০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। তেখেতে কয় যে এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে অঞ্চলটোৰ কৃষকসকলক উপকৃত কৰিব। “মহেচাণা, পাতন, বানাস্কান্থা, সাবৰকান্থা, মহিসাগৰ, আহমেদাবাদ আৰু গান্ধীনগৰৰ আশে-পাশে থকা জিলাসমূহো এই প্ৰকল্পসমূহৰ দ্বাৰা উপকৃত হ’ব”, তেখেতে লগতে কয়। আজিৰ প্ৰকল্পসমূহৰ বাবে গুজৰাটবাসীক অভিনন্দন জনায়।

“ভাৰতৰ উন্নয়নৰ কথা সমগ্ৰ বিশ্বৰে আলোচনাৰ বিষয় হৈ পৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ আৰু জি-২০ৰ সফল অধ্যক্ষতাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে নতুন সংকল্পবোধৰ কথা উল্লেখেৰে ভাৰতৰ গৰিমা বৃদ্ধিৰ বাবে জনতাৰ শক্তিক কৃতিত্ব প্ৰদান কৰে। তেখেতে দেশৰ সৰ্বাংগীন উন্নয়নৰ ওপৰত আলোকপাতেৰে জল সংৰক্ষণ, জলসিঞ্চন আৰু খোৱাপানীৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে। পথ, ৰেল বা বিমানবন্দৰেই হওঁক, শ্ৰী মোদীয়ে সকলো খণ্ডতে অভূতপূৰ্ব বিনিয়োগৰ ওপৰত আলোকপাত কৰে যাৰ ফলশ্ৰুতিত ভাৰতত আধুনিক আন্তঃগাঁথনিৰ বিকাশ ঘটিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপেৰে কয় যে আজি দেশৰ বাকী অংশই যি উন্নয়নমূলক কাম-কাজৰ কথা শুনিছে, সেই কামসমূহ গুজৰাটৰ জনসাধাৰণে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। “মোদীয়ে গ্ৰহণ কৰা সংকল্প বাস্তৱায়িত কৰে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে এই দ্ৰুত বিকাশৰ কৃতিত্ব গুজৰাটৰ জনসাধাৰণে নিৰ্বাচিত কৰা সুস্থিৰ চৰকাৰখনক প্ৰদানেৰে উত্তৰ গুজৰাটকে প্ৰমুখ্য কৰি সমগ্ৰ ৰাজ্যখন ইয়াৰদ্বাৰা লাভৱান হোৱা বুলি কয়।

খোৱা আৰু জলসিঞ্চনৰ বাবে পানীৰ অভাৱত সমগ্ৰ উত্তৰ গুজৰাট অঞ্চলৰ জনসাধাৰণৰ জীৱন-যাত্ৰা কঠিন হৈ পৰা আৰু একমাত্ৰ দুগ্ধ ব্যৱসায়িক প্ৰতিষ্ঠানটো বহু অসুবিধাৰ সন্মুখীন হোৱা সময়ৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলে বছৰি মাত্ৰ এটা শস্য আৰু সেয়াও কোনো নিশ্চয়তা নোহোৱাকৈ কৰিবলগীয়া হৈছিল। শ্ৰী মোদীয়ে অঞ্চলটোক সজীৱ কৰি তোলাৰ বাবে কৰা কামৰ ওপৰত আলোকপাতেৰে ইয়াত পানী যোগান আৰু জলসিঞ্চনৰ বাবে কৰা কামৰ কথা উল্লেখ কৰে। “আমি উত্তৰ গুজৰাটৰ উদ্যোগ খণ্ডৰ লগতে কৃষি খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিছিলো”, তেখেতে কয়। উত্তৰ গুজৰাটৰ জনসাধাৰণৰ বাবে যিমান পাৰি উপাৰ্জনৰ নতুন পথ সৃষ্টি কৰাটোৱেই চৰকাৰৰ লক্ষ্য বুলিও তেখেতে কয়। তেখেতে গুজৰাটৰ উন্নয়নৰ বাবে নৰ্মদা আৰু মাহী নৈৰ পানী ব্যৱহাৰ কৰা সুজালাম-সুফলাম আঁচনিখনৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে জনায় যে সৰ্বাধিক সুবিধা নিশ্চিত কৰিবলৈ সবৰমতীত ৬টা বেৰেজ নিৰ্মাণ কৰা হৈছে। “এই বেৰেজৰ এটা আজি উদ্বোধন কৰা হৈছে। ইয়াৰপৰা আমাৰ কৃষক আৰু কেইবা ডজন গাঁও যথেষ্ট উপকৃত হ’ব”, তেখেতে কয়।

এই জলসিঞ্চন প্ৰকল্পসমূহৰ বাবেই ২০-২২ বছৰত উত্তৰ গুজৰাটত জলসিঞ্চনৰ পৰিসৰ বহুগুণে বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। চৰকাৰে উপলব্ধ কৰা ক্ষুদ্ৰ জলসিঞ্চনৰ নতুন প্ৰযুক্তি উত্তৰ গুজৰাটৰ কৃষকসকলে তৎক্ষণাত গ্ৰহণ কৰিছে বুলি উল্লেখেৰে বানাস্কান্থাৰ ৭০ শতাংশ অঞ্চলে এই নতুন প্ৰযুক্তিৰ ব্যৱহাৰত সন্তুষ্টি প্ৰকাশ কৰে। “কৃষকসকলে এতিয়া ঘেঁহু, মাটিমাহ আদি বহু শস্যৰ লগতে ভেন্দি, জিৰা আদি মছলাৰ খেতি কৰিব পাৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় যে দেশৰ ইছাবগোলৰ ৯০ শতাংশই গুজৰাটত সংসাধনে ইয়াক এক অনন্য পৰিচয় প্ৰদান কৰিছে। তেওঁ কৃষিজাত সামগ্ৰীৰ খেতিৰ কথাও উল্লেখেৰে আলু, বিলাহী, আম, আমলখি, ডালিম আৰু নেমুৰ কথা উল্লেখ কৰে। দীছাক আলুৰ জৈৱিক কৃষি কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈয়ো প্ৰচেষ্টা চলোৱা হৈছে বুলি তেওঁ কয়। শ্ৰী মোদীয়ে বানাস্কান্থাত আলু সংসাধনৰ বাবে এটা বিশাল উদ্যোগ স্থাপনৰ কথা উল্লেখ কৰে। মহেচাণাত স্থাপন কৰা এগ্ৰ’ ফুড পাৰ্কৰ কথাও উল্লেখেৰে তেখেতে কয় যে বানাস্কান্থাতো একেধৰণৰ বিশাল ফুড পাৰ্ক স্থাপনৰ কাম অব্যাহত আছে।

শ্ৰী মোদীয়ে প্ৰতিঘৰ গৃহস্থীতে পানী যোগানৰ কথা উল্লেখেৰে গুজৰাটত আৰম্ভ হোৱা পানী সংৰক্ষণ আঁচনিৰ কথা কয় যিয়ে এতিয়া দেশৰ বাবে জল জীৱন মিছনৰ ৰূপ ধাৰণ কৰিছে। “গুজৰাটৰ দৰে হৰ ঘৰ জল অভিযানে দেশৰ কোটি-কোটি লোকৰ জীৱন সলনি কৰিছে”, তেখেতে কয়।

পশুপালন আৰু দুগ্ধ খণ্ডৰ উন্নয়নত মহিলাসকল সৰ্বাধিক হিতাধিকাৰী হোৱা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে উত্তৰ গুজৰাটত বছৰ-বছৰ ধৰি শ-শ নতুন পশু চিকিৎসালয় স্থাপন কৰা হৈছে, যাৰ ফলত পশুবোৰৰ সুস্বাস্থ্য নিশ্চিত হৈছে আৰু ইয়াৰ ফলত গাখীৰৰ উৎপাদন বৃদ্ধি পাইছে। যোৱা দুটা দশকৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে উত্তৰ গুজৰাটতো ৮০০ ৰোধিক নতুন গ্ৰাম্য দুগ্ধ সমবায় সমিতি গঠন কৰা হৈছে। “বানাছ ডেইৰীয়েই হওঁক, দূধসাগৰেই হওঁক বা সবাৰ ডেইৰীয়েই হওঁক, এইসমূহৰ অভূতপূৰ্বভাৱে সম্প্ৰসাৰণ কৰা হৈছে। গাখীৰৰ উপৰিও এইসমূহ কৃষকৰ আন-আন উৎপাদিত সামগ্ৰীৰ বাবেও বিশাল প্ৰচেছিং চেন্টাৰ হৈ পৰিছে”, তেখেতে লগতে কয়। তেখেতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে পশুধনৰ বিনামূলীয়া টিকাকৰণৰ বাবে এক বৃহৎ অভিযান অব্যাহত ৰাখিছে। ইয়াত ১৫ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। তেখেতে অঞ্চলটোৰ গো-পালকসকলক তেওঁলোকৰ গো-ধনৰ টিকাকৰণ কৰিবলৈ আহ্বান জনায়। গোবৰ-ধন যোজনাৰ অধীনত বহু উদ্যোগ স্থাপনৰ কথাও উল্লেখ কৰে। ইয়াত গৰুৰ গোবৰৰ পৰা বাঅ’গেছ আৰু বাঅ’ চিএনজি প্ৰস্তুত কৰা হৈছে।

উত্তৰ গুজৰাটৰ অট’ম’বাইল উদ্যোগৰ সম্প্ৰসাৰণৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে মণ্ডল-বেচাৰজী অট’ম’বাইল হাবৰ উন্নয়নৰ কথা কয় যিয়ে কৰ্মসংস্থাপনৰ সুযোগ আৰু জনসাধাৰণৰ আয়ৰ বৰ্ধন ঘটাইছে। “ইয়াত উদ্যোগসমূহৰপৰা আয় মাত্ৰ ১০ বছৰতে দুগুণ হৈছে। খাদ্য সংসাধনৰ উপৰিও মহেচাণাত ঔষধ উদ্যোগ আৰু অভিযান্ত্ৰিক উদ্যোগৰ বিকাশ ঘটিছে। বানাস্কান্থা আৰু সবৰকান্থা জিলাত চিৰামিক সম্পৰ্কীয় উদ্যোগ গঢ় লৈ উঠিছে”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ ৫০০০ কোটিৰো অধিক টকা মূল্যৰ ৰেল প্ৰকল্পৰ ওপৰত আলোকপাতেৰে মহেচাণা আৰু আহমেদাবাদৰ মাজত সমৰ্পিত মালবাহী কৰিডৰৰ কথা উল্লেখ কৰে। তেখেতে আঙুলিয়াই দিয়ে যে ইয়াৰদ্বাৰা উত্তৰ গুজৰাটৰ পিপাভাভ, পোৰবন্দৰ আৰু জামনগৰৰ দৰে ডাঙৰ বন্দৰৰ সৈতে সংযোগ অধিক শক্তিশালী হ’ব। ইয়াৰদ্বাৰা উত্তৰ গুজৰাটৰ লজিষ্টিক আৰু ষ্ট’ৰেজ সম্পৰ্কীয় খণ্ডও সুদৃঢ় হ’ব বুলিও তেখেতে কয়।

দেশখনৰ সেউজ হাইড্ৰজেন আৰু সৌৰশক্তি উৎপাদনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পাটন আৰু তাৰ পিছত বানাস্কান্থাৰ সৌৰ উদ্যানখনৰ ওপৰত আলোকপাতৰে কয় যে মধেৰা আজি ২৪ ঘন্টাই সৌৰশক্তিৰে চালিত গাঁও বুলি গৌৰৱ কৰে। “আজি চৰকাৰে আপোনালোকক ছাদৰ ওপৰৰ সৌৰশক্তিৰ বাবে সৰ্বাধিক আৰ্থিক সাহায্য দিছে। আমাৰ প্ৰচেষ্টা হৈছে প্ৰতিটো পৰিয়ালৰ বিদ্যুতৰ বিল কম কৰা”, তেখেতে কয়। যোৱা ৯ বছৰৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰায় ২৫০০ কিলোমিটাৰ পূব আৰু পশ্চিম নিৰ্দিষ্ট মালবাহী কৰিডৰ সম্পূৰ্ণ হৈছে, যাৰ ফলত যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেল উভয়ৰে যাত্ৰাৰ সময় হ্ৰাস পাইছে। তেখেতে হাৰিয়ানাৰ পলানপুৰৰপৰা ৰে’ৱাৰীলৈ ৰেলযোগে গাখীৰ সৰবৰাহৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ পৰ্যটনৰ সম্ভাৱনাৰ ওপৰত আলোকপাতেৰে বিশ্ববিখ্যাত কচ্চ ৰণ উৎসৱৰ কথা উল্লেখ কৰে। শেহতীয়াকৈ তেখেতে বিশ্বৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰা কুচৰ ধোৰদো গাঁৱৰ কথাও উল্লেখ কৰে। উত্তৰ গুজৰাট দেশৰ এক প্ৰধান পৰ্যটন স্থলীত পৰিণত হৈছে বুলিও তেখেতে কয়। গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰলৈ পৰিণত হোৱা নাদাবেটৰ উদাহৰণ দি লগতে গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা ধৰয়ৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে মহেচাণাৰ মধেৰা সূৰ্য্য মন্দিৰ, চহৰৰ মাজমজিয়াত প্ৰজ্বলিত অখণ্ড জ্যোতি, বদনগৰৰ কীৰ্তি তোৰণ আৰু আন-আন বিশ্বাস তথা আধ্যাত্মিকতাৰে সংপৃক্ত স্থানসমূহৰ ওপৰতো আলোকপাত কৰে। “কেন্দ্ৰীয় চৰকাৰে ইয়াত হেৰিটেজ চাৰ্কিটৰ অধীনত ১০০০ কোটি টকা ব্যয় সাপেক্ষে বহু ঠাইৰ উন্নয়ন সাধন কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে গড়ে প্ৰতি বছৰে ৩ লাখৰো অধিক পৰ্যটকৰ আগমণ ঘটা ৰাণী কী বাভৰ উদাহৰণ দাঙি ধৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি দেশখনত আমাৰ ঐতিহ্যক উন্নয়নেৰে সংযুক্তকৰণৰ অভূতপূৰ্ব কাম অব্যাহত আছে। এই কাৰ্য্যই আমাৰ এখনি উন্নত ভাৰত গঢ়াৰ সংকল্পক অধিক সুদৃঢ় কৰিব।”

ইয়াত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাংসদ শ্ৰী চি আৰ পাটিল আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী দৰ্শনা জৰ্দোশৰ লগতে আন-আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমি

প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা প্ৰকল্পৰাজিৰ ভিতৰত আছে পশ্চিম সমৰ্পিত ফ্ৰেইট কৰিডৰ (WDFC)ৰ নিউ ভাণ্ডু-নিউ সানন্দ (উ) শাখা;  বিৰামগাম-চামাখিয়ালী ৰেল লাইন দ্বৈতকৰণ; কাটোচন ৰোড-বেচৰাজী, মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেড (MSIL Siding) ৰেল প্ৰকল্প; মহেচাণা জিলাৰ সবৰমতী নদীৰ ওপৰত ভালাসানা বেৰেজ; পালনপুৰত খোৱা পানীৰ ব্যৱস্থাৰ বাবে দুটা আঁচনি আৰু ধাৰোই বান্ধ আধাৰিত পালনপুৰ লাইফলাইন প্ৰকল্প-প্ৰধান কাম (HW) আৰু ৮০ এমএলডি ক্ষমতাৰ পানী শোধন প্ৰকল্প।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পৰাজিৰ ভিতৰত আছে খেৰালুৰ ভিন্ন উন্নয়নমূলক প্ৰকল্প; মহিসাগৰ জিলাৰ সন্ত্ৰমপুৰ তালুকত জলসিঞ্চনৰ সুবিধা প্ৰদানৰ প্ৰকল্প; নৰোদা – ডেহগাম – হৰছল – ধনচুৰা পথ, সবৰকান্থা বহলকৰণ; গান্ধীনগৰ জিলাৰ কালোল নগৰপালিকা নলা আৰু ছেপ্টেজ ব্যৱস্থাপনাৰ বাবে প্ৰকল্প আৰু সিদ্ধপুৰ (পতন), পালানপুৰ (বানাস্কান্থা), বায়াদ (আৰাৱল্লী) আৰু বদনগৰ (মহেচাণা)ত নলা পৰিশোধন প্ৰকল্পৰ বাবে প্ৰকল্প।

*****

DS/TS/SB/BM



(Release ID: 1973142) Visitor Counter : 86