নৌ-পৰিবহন মন্ত্ৰালয়
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বিশেষ অভিযান ৩.০-ৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে
বৰ্তমানলৈকে স্ক্ৰেপ আৰু অপ্ৰয়োজনীয় সামগ্ৰী নিষ্কাশন কৰি প্ৰায় ১, ১৭, ০৯,০৯৫ টকা ৰাজহ সংগ্ৰহ
৯৭ টা এমঅ'পিএছডব্লিউ-এ ৯৪ টা স্বচ্ছতা অভিযান অনুষ্ঠিত কৰিছে
Posted On:
27 OCT 2023 11:50AM by PIB Guwahati
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বিশেষ অভিযান ৩.০ আৰম্ভ কৰিছে। এই অভিযান কাৰ্যকৰী কৰাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিতৰত আছে ৰাজহুৱা অভিযোগৰ কাৰ্যকৰী নিষ্পত্তি, সংসদীয় সদস্যসকলৰ প্ৰসংগ, সংসদৰ আশ্বাস, কৰ্মক্ষেত্ৰ আৰু ইয়াৰ চাৰিওফালে স্বচ্ছতা অভিযান, স্ক্ৰেপৰ নিষ্পত্তি আৰু ফাইলৰ পৰিস্কাৰ।
এতিয়ালৈকে ২৪২১৫টা ফাইলৰ ভিতৰত ২৪,০২৩ টা ফাইল পুনৰীক্ষণ কৰা হৈছে; পুনৰীক্ষণৰ বাবে মুঠ ১৩৮৪৮ টা ই-ফাইল ৰখা হৈছিল যাৰ ভিতৰত ১০১২ টা পুনৰীক্ষণ কৰা হৈছে আৰু ৭৫৩৮টা ফাইল বন্ধ কৰা হৈছে। এক্স (টুইটাৰ), ফেচবুক আৰু ইনষ্টাগ্ৰামত মন্ত্ৰালয় আৰু ইয়াৰ স্বতন্ত্ৰ সংস্থাসমূহৰ অফিচিয়েল ছ'চিয়েল মিডিয়া হেণ্ডেলৰ দ্বাৰা এই স্বচ্ছতা অভিযানৰ সজাগতা বৃদ্ধিৰ বাবে ৫০ টাতকৈও অধিক টুইট পোষ্ট কৰা হৈছে।
৯৭ টা স্থানৰ ভিতৰত ৯৪ টা স্থানত ইতিমধ্যে এই স্বচ্ছতা অভিযান চলোৱা হৈছে। এতিয়ালৈকে ১৪২১ বৰ্গফুট এলেকা মুক্ত কৰা হৈছে। মন্ত্ৰালয়ে স্ক্ৰেপ নিষ্কাশনৰ দ্বাৰা ১,১৭,০৯,০৯৫ টকা ৰাজহ সংগ্ৰহ কৰিছে লগতে ৯১ টা ৰাজহুৱা অভিযোগৰ ভিতৰত লক্ষ্য ৯০টা সমাধান কৰা হৈছে; পি.এম.অ'ৰ. ৯টা প্ৰসংগৰ ভিতৰত ৬টা , সাংসদসকলৰ ৫৯ প্ৰসংগৰ ভিতৰত ৪৭ টা; সংসদীয় নিশ্চয়তাৰ লক্ষ্য আছিল ৪২ টা যাৰ ভিতৰত ৩৭টায়ে লক্ষ্য পূৰণ কৰিছে। ৪ টা আইএমচি ৰেফাৰেন্সৰ (কেবিনেট প্ৰস্তাৱ) আৰু ৭ টা ৰাজ্য চৰকাৰৰ প্ৰসংগই ইতিমধ্যে লক্ষ্য পূৰণ কৰা হৈছে।
২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব এই অভিযান। ১৫ ছেপ্টেম্বৰত এক প্ৰস্তুতি পৰ্যায়ৰ সৈতে আৰম্ভ হোৱা এই অভিযানৰ উদ্দেশ্য হৈছে মূল পৰ্যায়ত স্বচ্ছতাৰ বাবে নিৰ্দিষ্ট লক্ষ্যসমূহ চিনাক্ত কৰা।
****************
AR/BM
(Release ID: 1972376)
Visitor Counter : 64