প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰত ১৯ অক্টোবৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
18 OCT 2023 11:04AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে ১৯ অক্টোবৰ, ২০২৩ তাৰিখে আবেলি প্ৰায় ৪:৩০ বজাত মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰিব। এই কেন্দ্ৰসমূহ মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপন কৰা হৈছে।
‘গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’সমূহে গাঁও অঞ্চলৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন খণ্ডত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিব। প্ৰতিটো কেন্দ্ৰই কমেও দুটা বৃত্তিমূলক পাঠ্যক্ৰমত প্ৰায় ১০০ গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ দিব। ‘ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পৰিষদ’ৰ অধীনত তালিকাভুক্ত উদ্যোগসমূহৰ অংশীদাৰ আৰু সংস্থাসমূহৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই কেন্দ্ৰসমূহ স্থাপনে অঞ্চলটোক অধিক পাৰদৰ্শী আৰু দক্ষ জনশক্তি বিকাশৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰিব।
***
DS/LP/KB/BM
(रिलीज़ आईडी: 1968657)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam