নৌ-পৰিবহন মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ অক্টোবৰত সৰ্ববৃহৎ সামুদ্ৰিক অনুষ্ঠান গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ উদ্বোধন কৰিব

মুম্বাইৰ বি.কে.চি(BKC) ৰ এমএমআৰডিএ খেলপথাৰত ১৭ ৰ পৰা ১৯ অক্টোবৰ ২০২৩ লৈ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে আৰু গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ ৱাই নায়েক, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰ, আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছৰ সৈতে উদ্বোধনী অনুষ্ঠানত অংশ ল'ব

কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে শ্ৰীমতী নিৰ্মলা সীতাৰমণ; শ্ৰী পীয়ুষ গোৱেল; শ্ৰী নীতিন গাডকাৰী; শ্ৰী নাৰায়ণ ৰাণে; ডাঃ মনসুখ মাণ্ডৱিয়া; শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান; শ্ৰীমতী মীনাক্ষী লেখী আৰু শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে তিনিদিনৰ এই অনুষ্ঠানটোত শোভা বঢ়াব

জিএমআইএছ ২০২৩ উদ্বোধনী অধিৱেশনত ১২ খন দেশৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব

Posted On: 16 OCT 2023 6:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ এমএমআৰডিএ খেলপথাৰত ১৭ ৰ পৰা ১৯ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট (GMIS) ২০২৩ ৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰিব। এই আটাইতকৈ ডাঙৰ সামুদ্ৰিক অনুষ্ঠানটো বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আয়োজন কৰিছে।

এই সন্মিলনত ভৱিষ্যতৰ বন্দৰসমূহৰ সৈতে সামুদ্ৰিক খণ্ডৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ লগতে ডিকাৰ্বনাইজেচন; উপকূলীয় জাহাজ আৰু আইডব্লিউটি; জাহাজ নিৰ্মাণ; মেৰামতি আৰু পুনৰ্ব্যৱহাৰ; বিত্ত, বীমা আৰু মধ্যস্থতা; সামুদ্ৰিক গোট; উদ্ভাৱন আৰু প্ৰযুক্তি; সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা; আৰু সামুদ্ৰিক পৰ্যটনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।

এই উদ্বোধনী অধিৱেশনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে, গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্ত উপস্থিত থাকিব। অধিৱেশনখনত আৰ্মেনিয়া, বাংলাদেশ, বেলাৰুছ, কেমোৰোছ, ইৰাণ, ইটালী, শ্ৰীলংকা, তাঞ্জানিয়া, তুৰ্কমেনিস্তান, উজবেকিস্তান, স্পেইন আৰু নেপালকে ধৰি ১২ খন দেশৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিবলৈও সাজু হৈছে। ইয়াৰ উপৰিও ভাৰতৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬ গৰাকী ৰাজ্যিক মন্ত্ৰী আৰু উপ-ৰাজ্যপাল উপস্থিত থাকিব।

'এয়া কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ সামুদ্ৰিক সম্প্ৰদায়ৰ বাবে এক যুগান্তকাৰী ঘটনা। ইয়াত আৰম্ভ কৰা আলোচনাই বিশ্বজুৰি সামুদ্ৰিক নীতি আৰু কৌশলসমূহক যথেষ্ট প্ৰভাৱিত কৰিব'- কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল এইদৰে কয়।

বহল আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধিত্ব

বেলাৰুছ, বেলজিয়াম, ভূটান, ডেনমাৰ্ক, ফ্ৰান্স, ইৰাণ, ইটালী, নেডাৰলেণ্ড, ৰাছিয়া, চৌদি আৰৱ, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা, স্পেইন, নৰৱে, মেক্সিকো, ইউ.এ.ই, ইউ.কে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বহুতো দেশৰ ১১৫ জন বিষয়াৰ নিশ্চিত অংশগ্ৰহণৰ দ্বাৰা সন্মিলনখন শক্তিশালী হৈছে।

'অমৃত কাল ভিজন ২০৪৭' উন্মোচন

এই সন্মিলনে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ২৫ বছৰীয়া ব্লুপ্ৰিণ্ট ‘অমৃত কাল ভিজন ২০৪৭’ উন্মোচনৰ মঞ্চ হিচাপে কাম কৰে। এই পৰিকল্পনাত বন্দৰৰ সুবিধাসমূহ বৃদ্ধি, বহনক্ষম পদ্ধতিসমূহক প্ৰসাৰ কৰা, আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে কৌশলগত পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ২৩,৩৬৪ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হ'ব।

অভূতপূৰ্ব উদ্যোগ আৰু বিনিয়োগৰ পথ

২৭খন দেশৰ ৮১ জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় বক্তা আৰু ১০০ৰো অধিক ভাৰতীয় সমকক্ষৰ সৈতে এই সন্মিলন উদ্যোগ বিশেষজ্ঞতাৰ কেন্দ্ৰবিন্দু হ’বলৈ সাজু হৈছে। ৩১ জন আগশাৰীৰ গ্ল’বেল চিইঅ’কে ধৰি ৩ হাজাৰৰো অধিক পঞ্জীয়নভুক্ত প্ৰতিনিধিয়ে আলোচনাত অংশগ্ৰহণ কৰিব। বিনিয়োগৰ ফালৰ পৰা এই অনুষ্ঠানত ৭.১৮ লাখ কোটি টকাতকৈ অধিক মূল্যৰ ৩১৬টা বুজাবুজি চুক্তি (এম অ’ ইউ) কাৰ্যকৰী কৰা হ’ব, য’ত প্ৰায় ১.৭ লাখ কোটি টকাৰ ৮৬টা বিনিয়োগযোগ্য প্ৰকল্প প্ৰদৰ্শন কৰা হ’ব।

বিস্তৃত প্ৰদৰ্শনী আৰু সন্মিলনৰ লাইন-আপ

১৫০ জন প্ৰদৰ্শকৰ সৈতে এক বিস্তৃত প্ৰদৰ্শনী আৰু কাৰিকৰী আলোচনা, ৰাজ্যিক অধিবেশন, আৰু আন্তঃৰাষ্ট্ৰীয় ঘূৰণীয়া মেজকে ধৰি ৩১খন অধিবেশনৰ বিস্তৃত সন্মিলন সূচীয়ে সামুদ্ৰিক উদ্যোগৰ ভৱিষ্যতৰ গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব।

আপডেইটসমূহৰ বাবে চাওক:

 

* * *

AN/BM



(Release ID: 1968361) Visitor Counter : 82