তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আই এফ এফ আই ৫৪ৰ বিশেষ মুহূৰ্তৰ সাক্ষী হওক : সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক পঞ্জীয়নৰ বাবে আমন্ত্ৰণ

ভাৰতৰ ৫৪ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ বাবে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ পঞ্জীয়ন মুকলি

Posted On: 11 OCT 2023 12:47PM by PIB Guwahati

অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ৰ ৫৪ সংখ্যক সংস্কৰণৰ বাবে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ পঞ্জীয়ন মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে। এই মহোৎসৱত ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ সমসাময়িক আৰু কালজয়ী চলচ্চিত্ৰসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব।

৫৪ সংখ্যক ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে গোৱাত বিশ্বৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, কলা-কুশলী, সমালোচক, শিক্ষাবিদ আৰু চলচ্চিত্ৰ অনুৰাগীসকলৰ সৈতে একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিব।

                                                               

সংবাদ মাধ্যমৰ প্ৰতিনিধি হ'বলৈ বিচৰা ইচ্ছুক ব্যক্তিৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ২১ বছৰ সম্পূৰ্ণ হোৱাৰ লগতে ছপা, বৈদ্যুতিন, ডিজিটেল বা অনলাইন মিডিয়া সংগঠনৰ অন্তৰ্ভুক্ত হ'ব লাগিব। বয়সৰ প্ৰয়োজনীয় চৰ্ত পূৰণ কৰা ফ্ৰিলান্স সাংবাদিকসকলেও ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব। এই পঞ্জীয়ন প্ৰক্ৰিয়া পোনপটীয়া আৰু  https://my.iffigoa.org/extranet/media/ অনলাইনত সম্পূৰ্ণ কৰিব পাৰিব 

ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱক সফল কৰাৰ লগতে চিনেমাৰ প্ৰশংসাৰ সংস্কৃতি গঢ়ি তোলা আৰু চলচ্চিত্ৰ নিৰ্মাণ কলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত তথ্য আৰু যোগাযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

এই মহোৎসৱত চলচ্চিত্ৰৰ সম্পূৰ্ণ আনন্দ আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ জীৱন, সপোন, আকাংক্ষা আৰু সংগ্ৰামক প্ৰতিফলিত কৰা বিভিন্ন চলচ্চিত্ৰৰ কাহিনীসমূহ সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হ'ব। এই মহোৎসৱ পৰ্দাত চলচ্চিত্ৰ প্ৰদৰ্শনতে সীমাবদ্ধ নাথাকে, ইয়াৰ বাহিৰেও মাষ্টাৰক্লাছ, পেনেল আলোচনা, বৈঠক আৰু মত-বিনিময় আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব।

পঞ্জীয়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত যিকোনো তথ্যৰ বাবে অনুগ্ৰহ কৰি (https://static.pib.gov.in/WriteReadData/specificdocs/documents/2023/oct/doc20231011259501.pdf) আৰু পঞ্জীয়ন লিংকত প্ৰদান কৰা নিৰ্দেশনাবোৰ চাব পাৰে। অধিক সহায়ৰ বাবে অনুগ্ৰহ কৰি পি আই বি-গোৱাৰ সৈতে [এট]গভ[ডট]ইন ইমেইলযোগে যোগাযোগ কৰিব পাৰিব অথবা +৯১-৮৩২-২৯৫৬৪১৮ নম্বৰলৈ ফোন কৰিব পাৰিব। এই ফোনলাইন আটাইকেইটা কৰ্মদিনত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজা পৰ্যন্ত সক্ৰিয় থাকিব।

পঞ্জীয়নৰ অন্তিম সময় ১৮ নৱেম্বৰ, ২০২৩ৰ নিশা ১১:৫৯:৫৯ বজা (ভাৰতীয় মানক সময়) ধাৰ্য কৰা হৈছে।

প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে মিডিয়া আউটলেটৰ ম্যাদ, আকাৰ (প্ৰচলন, দৰ্শক, উপলব্ধি), চলচ্চিত্ৰ বিষয়ক আৰু ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আনুমানিক মিডিয়া কভাৰেজৰ দৰে কাৰকৰ ওপৰত ভিত্তি কৰি প্ৰতিটো মিডিয়া সংগঠনক প্ৰদান কৰিব লগা স্বীকৃতিৰ সংখ্যা নিৰ্ণয় কৰিব।

 

Gautam/CY/NB/AT



(Release ID: 1966657) Visitor Counter : 81