আয়ুষ

আয়ুৰ্বেদ বিজ্ঞানে পৰিৱেশক গ্ৰহণ কৰি প্ৰাণী, উদ্ভিদৰ লগতে মানৱ জীৱনৰ উপকাৰ সাধন কৰে: সৰ্বানন্দ সোণোৱাল

Posted On: 10 OCT 2023 2:50PM by PIB Guwahati

আয়ুস, বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি অষ্টম ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশজুৰি চলিবলগীয়া মাহজোৰা উদযাপন অভিযান সন্দৰ্ভত মিডিয়া চেণ্টাৰত এক সংবাদমেল সম্বোধন কৰে। আয়ুৰ্বেদৰ ভগৱান ধনবন্তৰীক সন্মান জনোৱাৰ চিন স্বৰূপে সমগ্ৰ ভাৰতবৰ্ষত আয়ুৰ্বেদ দিৱস পালন কৰা হয়। ধনতেৰাছৰ সৈতেও ইয়াৰ মিল আছে, নিজৰ লগতে আনৰো সুস্থ স্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়।

                                              

সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে “আয়ুৰ্বেদৰ জন আৰোগ্য দিশটোৰ বাবে জন সন্দেশ, জন অংশীদাৰিত্ব লগতে জন আন্দোলন সম্পৰ্কত গুৰুত্ব আৰোঁপ কৰে আৰু কয়, ”অষ্টম আয়ুৰ্বেদৰ বাবে আয়ুস মন্ত্ৰণালয়ে আয়ুৰ্বেদৰ সম্ভাৱনাক অন্বেষণ কৰাৰ মনস্থ কৰিছে আৰু কেৱল মানৱেই নহয়, পৰিৱেশ, উদ্ভিদ প্ৰাণী আদিৰ মংগলৰ কথাও চিন্তা কৰিছে। সেয়েহে এইবাৰৰ থীম মানে মূল বিষয়বস্তু হৈছে “এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ”।

এই থীম ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তু ‘বসুধৈৱ কুটুম্বকম’ৰ সৈতে সাদৃশ্য় আছে, আৰু আয়ুৰ্বেদ দিৱস-২০২৩ৰ বাবে কেন্দ্ৰীয় থীমটো ‘এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ’ হিচাপে নিৰ্ধাৰণ কৰা হৈছে আৰু টেগ লাইন ‘প্ৰতিদিনে সকলোৰে বাবে আয়ুৰ্বেদ’ অৰ্থাৎ, ‘প্ৰতিদিনে আয়ুৰ্বেদ' মানৱ-প্ৰাণী-উদ্ভিদ-পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।"

শ্ৰী সৰ্বানন্দ সোণোৱালে এতিয়ালৈকে আয়ুস মন্ত্ৰণালয়ে কৰা প্ৰচেষ্টাসমূহৰ ওপৰত বিশদভাৱে আলোকপাত কৰি মাহজোৰা উদযাপনৰ সমগ্ৰ চৰকাৰী পন্থাৰ বিষয়ে উল্লেখ কৰৰে। “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বাসুধৈৱ কুটুম্বকমৰ নীতিত বিশ্বাস কৰে। তেওঁ কয় যে আয়ুৰ্বেদৰ সম্ভাৱনা, সামগ্ৰিক নিৰাময় আৰু সুস্থ জীৱন-যাপনৰ বিজ্ঞানৰ মূলধন হিচাপে ব্যৱহাৰ কৰি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক বিপ্লৱ আনি এক স্বাস্থ্য়ৰ সৈতে জড়িত হৈ বিষয়বোৰ সমাধান কৰিব পাৰি।’

সমগ্ৰ ভাৰতবৰ্ষত মাহজোৰা উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে যাতে আয়ুৰ্বেদক লৈ ছাত্ৰ-ছাত্ৰী, কৃষক আৰু জনসাধাৰণক সংবেদনশীল কৰি তুলিব পাৰি। এইবাৰ অষ্টম আয়ুৰ্বেদ দিৱস ১০ নৱেম্বৰ, ২০২৩ তাৰিখে হয়। আয়ুস মন্ত্ৰালয়ে আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে বিভিন্ন বিষয়বস্তু বাছি লোৱাৰ লগতে আয়ুৰ্বেদৰ জৰিয়তে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সমাধানৰ বাবে কাম কৰিছে। নিৰ্বাচিত বিষয়বস্তুৰ ওপৰত সমগ্ৰ দেশতে লাখ লাখ লোকক সামৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। ইয়াৰ দ্বাৰা স্বাস্থ্যজনিত বিষয় সন্দৰ্ভত মানুহৰ মাজত সজাগতা সৃষ্টিৰ লগতে আয়ুৰ্বেদৰ জৰিয়তে ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা হৈছে।

                                                    

শ্ৰী সৰ্বানন্দ সোণোৱালে পুনৰাই কয় যে, ”কৃষি-আয়ুৰ্বেদৰ প্ৰসাৰ, নিজা অংশগ্ৰহণৰ বাবে মানুহক উদগনি আৰু উৎসাহিত কৰি স্বাস্থ্যৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, লগতে আয়ুৰ্বেদৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ বাবে পেছাদাৰীসকলক উৎসাহিত কৰি বিষয়বস্তুটো নিৰ্বাচিত কৰা হৈছে। ইয়াৰ লগতে বহনক্ষম কৃষি ব্য়ৱস্থা, মানুহ, পশু, উদ্ভিদ, বন, আৰু জলজ কৃষিৰ স্বাস্থ্য, খাদ্য সুৰক্ষা আদি বিষয় জড়িত কৰি ৰখা হৈছে। কৃষকৰ বাবে আয়ুৰ্বেদ, ছাত্ৰ-ছাত্ৰীৰ বাবে আয়ুৰ্বেদ আৰু জনসাধাৰণৰ বাবে আয়ুৰ্বেদ এই তিনিটা মূল ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি মূল বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে।

আয়ুস মন্ত্ৰণালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই জনোৱা মতে, এনএএমৰ অধীনত মুঠ ১২,৫০০ আয়ুস স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ভিতৰত ৮০৯৫টা কাৰ্যক্ষম হৈ আছে। এমাহজোৰা আয়ুৰ্বেদ অভিযানত আয়ুৰ্বেদ প্ৰতিষ্ঠানবোৰত প্ৰদৰ্শনী সহ মিনি-এক্সপো; গৱেষণা অধ্যয়নৰ ফলাফলৰ প্ৰচাৰ; চিকিৎসা শিবিৰ; বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ বাবে জনসচেতনতামূলক ভাষণ; কৃষকসকলৰ মাজত সাধাৰণ ঔষধি উদ্ভিদ বিতৰণ; সাধাৰণ জনতাৰ মাজত আয়ুৰ্বেদক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন প্ৰতিযোগিতা; আন কেইবাটাও অনুষ্ঠানৰ লগতে ৰান ফৰ আয়ুৰ্বেদ তথা দ্য ৰাইডাৰ্ছ ৰেলী শীৰ্ষক দৌৰ আয়োজন কৰা হ’ব। আয়ুস মন্ত্ৰীৰ উপদেষ্টা আয়ুৰ্বেদ ড০ মনোজ নেছাৰীয়ে সংবাদ মেলত দৃশ্য়ৰ উপস্থাপনৰ মাধ্য়মত আয়ুৰ্বেদ দিৱস উদযাপন আৰু উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ চমু বিৱৰণ দাঙি ধৰে।

আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক ছায়েন্স (চিচিআৰএএছ), হৈছে সমন্বয়ক সংস্থা যি নিজৰ ৩০টা গোটৰ জৰিয়তে দেশজুৰি আৰ্য়ুবেদ দিৱস, ২০২৩ পালন কৰিব।

 

**********

SKG/BM



(Release ID: 1966290) Visitor Counter : 129