প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছ ২০২২ত আৰ্চাৰী মিক্সড টিম কম্পাউণ্ড ইভেণ্টত জ্যোতি সুৰেখা ভেনাম আৰু ওজাছৰ স্বৰ্ণজয়, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
04 OCT 2023 12:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত আৰ্চাৰী মিক্সড টিম কম্পাউণ্ড ইভেণ্টত সোণৰ পদক লাভ কৰাৰ বাবে জ্যোতি সুৰেখা ভেন্নম আৰু ওজাছক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“এছিয়ান গেমছত আৰ্চাৰীত প্ৰথম স্বৰ্ণ পদক! মিক্সড টিম কম্পাউণ্ড ইভেণ্টত ‘বুলছ-আই’ত কাঁড় মাৰি দেশলৈ সুনাম কঢ়িওৱা বাবে জ্যোতি সুৰেখা ভেনাম আৰু ওজাছক বহুত বহুত ধন্যবাদ। তেওঁলোকৰ ব্যতিক্ৰমী দক্ষতা, নিখুঁততা আৰু দলীয় কামে দেশবাসীক গৰ্বিত কৰিছে। তেওঁলোকক অভিনন্দন।”
***
(रिलीज़ आईडी: 1964488)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam