কেবিনেট
তেলেংগানাত ছাম্মাক্কা ছাৰাক্কা কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আইন, ২০০৯ৰ সংশোধনত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
04 OCT 2023 4:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত অন্ধ্ৰপ্ৰদেশ পুনৰ গঠন আইন-২০১৪ (২০১৪ৰ ৬নং)ৰ ত্ৰয়োদশ সূচীত দিয়া বিধান অনুসৰি তেলেংগানাৰ মুলুগু জিলাত ছাম্মাক্কা ছাৰাক্কা কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আইন, ২০০৯ৰ সংশোধন কৰি সংসদ কেন্দ্ৰীয় বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপনত অনুমোদন জনাইছে৷
ইয়াৰ বাবে ৮৮৯.০৭ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হ’ব। নতুন বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰ উচ্চ শিক্ষাৰ সুবিধা বৃদ্ধিৰ লগতে ইয়াৰ মান উন্নত কৰাই নহয়, জনজাতীয় লোকসকলৰ সুবিধাৰ্থে জনজাতীয় শিল্প, সংস্কৃতি আৰু পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ নিৰ্দেশনামূলক আৰু গৱেষণামূলক সুবিধা প্ৰদান কৰি উচ্চ শিক্ষাৰ পথ আৰু উন্নত জ্ঞানৰ প্ৰসাৰ ঘটাব৷ এই নতুন বিশ্ববিদ্যালয়ে অতিৰিক্ত সক্ষমতা সৃষ্টি কৰাৰ লগতে আঞ্চলিক ভাৰসাম্যহীনতা দূৰ কৰিবলৈ প্ৰচেষ্টা হাতত ল’ব।
*****
DS/SKS/DB/BM
(रिलीज़ आईडी: 1964158)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam