প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৬ ছেপ্টেম্বৰত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
25 SEP 2023 6:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ২৬ ছেপ্টেম্বৰত নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত বিয়লি প্ৰায় ৪ বজাত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰিব।
জি-২০ জন ভাগিদাৰী আন্দোলনত দেশৰ ভিন্ন বিদ্যালয়, উচ্চ শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ ৫ কোটিৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণেৰে অভিলেখ সৃষ্টি কৰিছে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ়ি তোলা আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। এই কাৰ্য্যসূচীত সমগ্ৰ ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ ১ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰথমতে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৭৫খন বিশ্ববিদ্যালয়ৰ বাবে পৰিকল্পনা কৰা এই পদক্ষেপে অৱশেষত সমগ্ৰ ভাৰতৰ ১০১খন বিশ্ববিদ্যালয়ক সংযোগ কৰে।
জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপৰ অধীনত সমগ্ৰ দেশতে কেইবাটাও কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। ইয়াত উচ্চ শিক্ষানুষ্ঠানসমূহে ব্যাপকভাৱে অংশগ্ৰহণ কৰে। প্ৰথমতে বিশ্ববিদ্যালয়ৰ বাবে আৰম্ভ কৰা কাৰ্য্যসূচীয়ে ক্ষীপ্ৰতাৰে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহকো সামৰি লয়।
জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ স্থানত অংশগ্ৰহণ কৰিব প্ৰায় ৩,০০০ ছাত্ৰ-ছাত্ৰী, ফেকাল্টি মেম্বাৰ আৰু অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য্যসকলে। ইয়াৰোপৰি, দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলেও এই অনুষ্ঠানত অনলাইন মাধ্যমেৰে অংশগ্ৰহণ কৰিব।
***
DS/LP/SB
(Release ID: 1960612)
(ৰিলিজ আই ডি : 1960786)
অতিথি কক্ষ : 147
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam