গৃহ মন্ত্ৰালয়

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত ২০২২ চনৰ নৱেম্বৰৰ পৰা ২০২৩ চনৰ আগষ্টলৈকে মাহেকীয়া ভিত্তিত বিচাৰধীন বিষয়সমূহ হ্ৰাস কৰাৰ বাবে বিশেষ অভিযান

ৰাজহুৱা ইণ্টাৰফে’চ থকা ফিল্ড/আউটষ্টেচন কাৰ্যালয়ত বিশেষ গুৰুত্ব দি মন্ত্ৰালয়ে বিভিন্ন স্থানত চলাইছে ৩,৪৩৮টা স্বচ্ছতা অভিযান

৬৩২ গৰাকী সাংসদ ৰেফাৰেন্স, ৩৭টা সংসদীয় আশ্বাস, ৬টা কেবিনেট প্ৰস্তাৱ, ২১৩টা ৰাজ্য চৰকাৰৰ ৰেফাৰেন্স আৰু ৪৭টা পিএমঅ’ ৰেফাৰেন্স নিষ্পত্তি কৰা হৈছে

২০২২ চনৰ নৱেম্বৰৰ পৰা ২০২৩ চনৰ আগষ্টলৈকে লাভ কৰা ৩৮,৫৫০টা ৰাজহুৱা অভিযোগ আৰু ৪,১৫৯টা পিজি আপীল নিষ্পত্তি কৰা হৈছে, লগতে চিএপিএফৰ কাৰ্যালয়ত ২৫,৫০৪ বৰ্গফুট স্থান মুকলি কৰা হৈছে

বিশেষ অভিযান ৩.০ৰ প্ৰস্তুতি পৰ্যায় (১৫-৩০ ছেপ্টেম্বৰ, ২০২৩) আৰু ৰূপায়ণ পৰ্যায় (০২-৩১ অক্টোবৰ, ২০২৩)ৰ সময়ত সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে কাম কৰিবলৈ গৃহ মন্ত্ৰালয় সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ

Posted On: 21 SEP 2023 4:11PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২২ চনৰ নৱেম্বৰৰ পৰা ২০২৩ চনৰ আগষ্টলৈকে মাহেকীয়া ভিত্তিত বিচাৰাধীন বিষয়সমূহ হ্ৰাস কৰাৰ বাবে বিশেষ অভিযান চলাইছিল। ৰাজহুৱা আন্তঃপৃষ্ঠ থকা ফিল্ড/আউটষ্টেচন কাৰ্যালয়সমূহত বিশেষ গুৰুত্ব দি মন্ত্ৰালয়ে বিভিন্ন স্থানত মুঠ ৩,৪৩৮টা স্বচ্ছতা অভিযান চলাইছে।

উক্ত সময়ছোৱাত ৬৩২টা সাংসদ ৰেফাৰেন্স, ৩৭টা সংসদীয় আশ্বাস, ৬টা কেবিনেট প্ৰস্তাৱ, ২১৩টা ৰাজ্য চৰকাৰৰ ৰেফাৰেন্স আৰু ৪৭টা পিএমঅ’ ৰেফাৰেন্স নিষ্পত্তি কৰা হয়। লগতে ২০২২ চনৰ নৱেম্বৰৰ পৰা ২০২৩ চনৰ আগষ্টলৈকে লাভ কৰা মুঠ ৩৮,৫৫০টা ৰাজহুৱা অভিযোগ আৰু ৪,১৫৯টা পিজি আপীল মন্ত্ৰালয়ে নিষ্পত্তি কৰিছে। চিএপিএফৰ কাৰ্যালয়ত মুঠ ২৫,৫০৪ বৰ্গফুট ঠাই মুকলি কৰি দিয়া হৈছে।

তদুপৰি মন্ত্ৰালয়ৰ ভিতৰৰ সকলো সংমণ্ডলৰ সৈতে দক্ষতাৰে সমন্বয় স্থাপনৰ বাবে মন্ত্ৰালয়ৰ ভিতৰৰ পৰ্টেল এটা প্ৰস্তুত কৰা হৈছে। এইটোৱেই হৈছে মন্ত্ৰালয়ৰ সৰ্বোত্তম পদ্ধতি য’ত সকলো সংমণ্ডলে বিশেষ অভিযানৰ সৈতে জড়িত তথ্য আপলোড কৰে। ইয়াৰ ফলত যিকোনো বিলম্ব নাইকিয়া কৰি সময়মতে সঠিক তথ্য আহৰণ কৰাত সুবিধা হৈছে।

বিশেষ অভিযানৰ পূৰ্বৱৰ্তী অনুষ্ঠানসমূহৰ সফলতাৰ দ্বাৰা উৎসাহিত হৈ, গৃহ মন্ত্ৰালয়ে প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে গ্ৰহণ কৰা বিশেষ অভিযান ৩.০-ৰ প্ৰস্তুতি পৰ্যায় (১৫-৩০ ছেপ্টেম্বৰ, ২০২৩) আৰু ৰূপায়ণ পৰ্যায় (০২-৩১ অক্টোবৰ, ২০২৩) ত সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে কাম কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ত আয়োজন কৰা এই বিশেষ অভিযানত বহনক্ষম আৰু পৰিৱেশ অনুকূল কৰ্মক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

২০২৩ চনৰ ০২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ, ২০২৩লৈ অনুষ্ঠিত হ’বলগীয়া বিশেষ অভিযান ৩.০ ৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰীক্ষণ কৰি থকা হৈছে। সকলো চিএপিএফ আৰু চিপিঅ'ক এই বিশেষ অভিযান ৩.০ৰ গুৰুত্বৰ ওপৰত মনোনিৱেশ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু চিনাক্ত কৰা পৰিমাপ অনুসৰি উত্তম ফলাফলৰ বাবে একত্ৰিতভাৱে কাম কৰিবলৈ উৎসাহিত কৰা হৈছে।

আমি সকলোৰে বাবে অধিক বহনক্ষম ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে কৰ্মক্ষেত্ৰত বহনক্ষম পদ্ধতিৰ প্ৰতি মনোভাৱ/আচৰণগত মনোভাৱৰ পৰিৱৰ্তনৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব।

*****

RK/ASH/AKS/AS



(Release ID: 1959696) Visitor Counter : 88