জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

২১ ছেপ্টেম্বৰ, ২০২৩ৰ পৰা ‘উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ’(পিটিপি-এনইআৰ-২.০)ৰ দ্বিতীয় পৰ্যায় শুভাৰম্ভ কৰিব ট্ৰাইফেডে

পিটিপি-এনইআৰ-১.০ৰ সময়ত ৪৪টা জনগোষ্ঠীৰ ২,৫০০তকৈ অধিক শিল্পীক সামৰি লোৱা লগতে ১০৫৬গৰাকীক তালিকাভূক্ত আৰু ১,৪৬৫গৰাকীক প্ৰশিক্ষণৰ বাবে চিনাক্ত কৰিছে ট্ৰাইফেডে

প্ৰথম পৰ্যায়ত ট্ৰাইফেডে ৩,১০০তকৈ অধিক জনজাতীয় সামগ্ৰী ক্ৰয় কৰিছে

Posted On: 20 SEP 2023 1:49PM by PIB Guwahati

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্ত ট্ৰাইবেল কোঅ’পাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড(ট্ৰাইফেড)এ ২১ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰ, ২০২৩লৈকে ‘উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ’(পিটিপি-এনইআৰ-২.০)ৰ দ্বিতীয় পৰ্যায় শুভাৰম্ভ কৰিব৷ এই পৰ্যায়ত ট্ৰাইফেড, উত্তৰ পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম (এনইএইচএইচডিচি)-কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰালয় আৰু ৰাজ্য প্ৰশাসনৰ বহু দলে উত্তৰ পূৰ্বাঞ্চলৰ ২৯খন জিলা ভ্ৰমণ কৰিব, যাতে পুনৰবাৰ জনজাতীয় শিপিনীসকলক সামৰি লয়৷ তদুপৰি, দলসমূহৰ জৰিয়তে তেওঁলোকৰ সাংস্কৃতিক সমৃদ্ধি আৰু ঐতিহ্য কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে প্ৰদৰ্শন কৰিব পাৰে।

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই মণিপুৰত ১৮ এপ্ৰিল, ২০২৩ত উত্তৰ-পূৰ্বাঞ্চলৰ অনুসূচীত জনজাতিসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় খণ্ডৰ আঁচনি 'উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰৰ বাবে বিপণন আৰু লজিষ্টিক উন্নয়ন (পিটিপি-এনইআৰ)' মুকলি কৰিছিল৷(লিংক: https://pib.gov.in/PressReleasePage.aspx?PRID=1917747) জনজাতীয় শিল্পীসকলৰ বাবে প্ৰযুক্তিৰ জৰিয়তে তেওঁলোকৰ উৎপাদন ক্ষমতা বৃদ্ধি আৰু ফলপ্ৰসূ বিপণন আৰু আকৰ্ষণীয় পেকেজিঙৰ দ্বাৰা তেওঁলোকৰ সামগ্ৰীসমূহক বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদানেৰে জীৱিকাৰ সুযোগ শক্তিশালী আৰু গতি প্ৰদান কৰাৰ লক্ষ্যৰে একেদিনাই ট্ৰাইফেডে এই আঁচনিখন আৰম্ভ কৰিছিল।

ৰাজ্য প্ৰশাসনৰ সহযোগত আঁচনিখনৰ প্ৰথম পৰ্যায়ত (পিটিপি-এনইআৰ ১.০) আঠখন ৰাজ্যক সামৰি লৈছিল আৰু ট্ৰাইফেড আৰু এনইএইচএইচডিচিৰ দলে ইয়াৰে ৩৮খন জিলা ভ্ৰমণ কৰিছিল। এই দলসমূহে ২০২৩ চনৰ এপ্ৰিল-মে’ মাহত ৬৪গৰাকী জনজাতীয় শিল্পীৰ তালিকাভূক্ত মেলা (টিএইএম) অনুষ্ঠিত কৰিছিল। এই পদক্ষেপৰ জৰিয়তে ট্ৰাইফেডে ৪৪টা জনজাতিৰ ২,৫২৬গৰাকী শিল্পীৰ সৈতে যোগাযোগ কৰে৷ ইয়াৰে ১,০৫৬টা শিল্পীক তালিকাভূক্ত কৰাৰ লগতে ১,৪৬৫গৰাকীক প্ৰশিক্ষণ কেপচুলৰ বাবে চিনাক্ত কৰিছিল। প্ৰথম পৰ্যায়ত বস্ত্ৰশিল্প, বনজ সামগ্ৰী, বাঁহৰ সামগ্ৰী, গহনা, মৃৎশিল্প, চিত্ৰকলা আদিৰ পৰা আৰম্ভ কৰি ৩,১১৫বিধ আকৰ্ষণীয় সামগ্ৰী ক্ৰয় কৰা হৈছিল।

 

                       

মিজোৰামৰ আইজলত আত্মসহায়ক গোটৰ সামগ্ৰী প্ৰদৰ্শনী   ৷      অৰুণাচলৰ বাছাৰত জনজাতীয় শিল্পীৰ তালিকাভূক্ত মেলাত (TAeM)

 

মেঘালয়ৰ জয়ন্তীয়া হিলছত জনজাতীয় শিল্পীৰ তালিকাভূক্ত মেলাত সামগ্ৰী প্ৰদৰ্শনী 

                                                    

 মনিপুৰৰ কাছোমত শিল্পীৰ সামগ্ৰী প্ৰদৰ্শন

ছিকিমৰ গেংটকত জনজাতীয় শিল্পীৰ তালিকাভূক্ত মেলাত সামগ্ৰী প্ৰদৰ্শনী

 

উত্তৰ ত্ৰিপুৰাত শিল্পীৰ সামগ্ৰীৰ প্ৰদৰ্শন

অসমৰ বাক্সাত জনজাতীয় অলংকাৰ প্ৰদৰ্শন   নাগালেণ্ডৰ ৱখাত শিল্পীসকলৰ সামগ্ৰী পৰিদৰ্শন কৰিছে ডিচি আৰু ট্ৰাইফেডৰ দলে

জনজাতীয় শিল্পীৰ তালিকাভূক্ত মেলাৰ (TAeM) দ্বিতীয় পৰ্যায়ৰ সূচীঃ পিটিপি-এনইআৰ ২.০ আঁচনি

 

১৷ অৰুণাচল প্ৰদেশ

ইষ্ট কামেং (ছেপ্পা)      ২১ ছেপ্টেম্বৰ, ২০২৩

ইষ্ট কামেং (ছেপ্পা)     ২২ ছেপ্টেম্বৰ, ২০২৩

কুৰুং কুমেই (ছাংগ্ৰাম) ২৪ ছেপ্টেম্বৰ, ২০২৩

ক্ৰা দাদি (পালিন )   ২৬ ছেপ্টেম্বৰ, ২০২৩

আপাৰ সোৱনশিৰি/ 

কমলে (ডাপৰিজো)      ২৯ ছেপ্টেম্বৰ, ২০২৩

২৷ নাগালেণ্ড

পেৰেন                 ২১ ছেপ্টেম্বৰ,২০২৩

জুনহেবোটো          ২৩ ছেপ্টেম্বৰ, ২০২৩

নকলাক               ২৫ ছেপ্টেম্বৰ, ২০২৩

লংলেং                 ২৭ ছেপ্টেম্বৰ, ২০২৩

মন                     ২৯ ছেপ্টেম্বৰ, ২০২৩

 

৩৷ ত্ৰিপুৰা

ছেফাইজালা ২৭ ছেপ্টেম্বৰ, ২০২৩

উনাকোইটি ২৯ ছেপ্টেম্বৰ, ২০২৩

উনাকোটি ৩০ ছেপ্টেম্বৰ, ২০২৩

খোৱাই ০৩ অক্টোবৰ, ২০২৩

খোৱাই ০৪ অক্টোবৰ, ২০২৩

৪৷ মেঘালয়

তুৰা (পশ্চিম গাৰো পাহাৰ) ০৪ অক্টোবৰ, ২০২৩

দক্ষিণ পশ্চিম গাৰো পাহাৰ ০৬ অক্টোবৰ, ২০২৩

পুব গাৰো পাহাৰ        ০৯ অক্টোবৰ, ২০২৩

উত্তৰ গাৰো পাহাৰ             ১১ অক্টোবৰ, ২০২৩

দক্ষিণ পশ্চিম খাচী পাহাৰ    ১৩ অক্টোবৰ, ২০২৩

 

৫৷ অসম 

কোকৰাঝাৰ                ০৯ অক্টোবৰ, ২০২৩

গোৱালপাৰা                 ১১ অক্টোবৰ, ২০২৩

কামৰূপ গ্ৰাম্য (বকো)  ১৩ অক্টোবৰ, ২০২৩

পশ্চিম কাৰ্বিআংলং (হামৰেণ) ১৬ অক্টোবৰ, ২০২৩

মৰিগাঁও                            ১৮ অক্টোবৰ, ২০২৩

৬৷ মিজোৰাম 

কোলাছিব ৩০ অক্টোবৰ, ২০২৩

কোলাছিব ৩১ অক্টোবৰ, ২০২৩

খোৱাজল  ০২ নৱেম্বৰ, ২০২৩

চম্পাই      ০৪ নৱেম্বৰ, ২০২৩

মামিত      ০৬ নৱেম্বৰ, ২০২৩

 

৭৷ ছিকিম

ছোৰেং                ০২ নৱেম্বৰ, ২০২৩

ছোৰেং                ০৩ নৱেম্বৰ, ২০২৩

মাংগান (ডংগজু) ০৬ নৱেম্বৰ, ২০২৩

মংগন (চুংথাং)   ০৮ নৱেম্বৰ, ২০২৩

পাকিয়ং               ১০ নৱেম্বৰ, ২০২৩

 

*****

NB/VM/DB



(Release ID: 1959218) Visitor Counter : 106