গৃহ মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        ১৫ ছেপ্টেম্বৰ, ২০২৩ লৈকে খোলা থাকিব পদ্ম সন্মানৰ মনোনয়ন দাখিলৰ দিন
                    
                    
                        
                    
                
                
                    Posted On:
                12 SEP 2023 10:47AM by PIB Guwahati
                
                
                
                
                
                
                গণৰাজ্য দিৱস ২০২৪ উপলক্ষে ঘোষণা কৰিবলগীয়া পদ্ম বঁটা, ২০২৪ৰ বাবে অনলাইন মনোনয়ন/পৰামৰ্শ দাখিল ১ মে’ৰ পৰা আৰম্ভ কৰা হৈছে। পদ্ম বঁটাৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ হৈছে ১৫ ছেপ্টেম্বৰ, ২০২৩। পদ্ম বঁটাৰ বাবে মনোনয়ন/পৰামৰ্শৱলী ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল (https://awards.gov.in)ত অনলাইনযোগে গ্ৰহণ কৰা হ’ব।
পদ্ম বঁটা অৰ্থাৎ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰত অন্যতম। ১৯৫৪ চনত প্ৰতিষ্ঠা হোৱা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা হয়। এই বঁটাই ‘বিশিষ্ট কাম’ক স্বীকৃতি দিয়ে৷ সকলো ক্ষেত্ৰ/শাখাতে বিশিষ্ট আৰু ব্যতিক্ৰমী কৃতিত্ব/সেৱা, যেনে— কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সামাজিক কাম, বিজ্ঞান আৰু অভিযান্ত্ৰিক, জনসংযোগ, অসামৰিক সেৱা, বাণিজ্য আৰু উদ্যোগ আদিৰ জাতি, বৃত্তি, পদ বা লিংগ নিৰ্বিশেষে সকলো ব্যক্তি এই বঁটাৰ বাবে যোগ্য। চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে ৰাজহুৱা খণ্ড প্ৰতিষ্ঠানৰ সৈতে কাম কৰা সকলকে ধৰি চৰকাৰী চাকৰিয়াল পদ্ম বঁটাৰ বাবে যোগ্য নহয়।
চৰকাৰে পদ্ম বঁটাক “জনতাৰ পদ্ম”লৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সেয়েহে, সকলো নাগৰিককে নিজাকৈ মনোনয়ন দাখিলৰ লগতে আনৰ হৈ মনোনয়ন/পৰামৰ্শ দিবলৈ অনুৰোধ কৰা হৈছে। মহিলা, সমাজৰ দুৰ্বল শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, দিব্যাংগ ব্যক্তি আৰু সমাজৰ নিস্বাৰ্থ সেৱা কৰা আনসকলৰ মাজৰ পৰা যিসকলৰ উৎকৃষ্ট কাম আৰু কৃতিত্ব সঁচাকৈয়ে স্বীকৃতি পোৱাৰ যোগ্য ব্যক্তিক চিনাক্ত কৰাৰ বাবে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰে।
মনোনয়ন/পৰামৰ্শৱলীত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত (https://awards.gov.in) উপলব্ধ আৰ্হিত নিৰ্দিষ্ট কৰা সকলো প্ৰাসংগিক বিৱৰণ থাকিব লাগে, য’ত কাহিনীৰ ৰূপত সৰ্বাধিক ৮০০ শব্দৰ উদ্ধৃতি, বিশিষ্ট আৰু ব্যতিক্ৰমী কৃতিত্বসমূহ স্পষ্টভাৱে লিপিবদ্ধ থাকিব লাগিব/নিজ নিজ ক্ষেত্ৰ/অনুশাসনৰ সম্পৰ্কে পৰামৰ্শ দিয়া ব্যক্তিজনৰ সেৱা সম্পৰ্কেও উল্লেখ থাকিব লাগিব।
এই সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইট (https://mha.gov.in) আৰু পদ্ম বঁটা পৰ্টেল (https://padmaawards.gov.in)ত ‘বঁটা আৰু পদক’ শিৰোনামত সবিশেষ তথ্য উপলব্ধ৷ এই বঁটাসমূহৰ সৈতে জড়িত বিধি আৰু নিয়মসমূহ ৱেবছাইটৰ https://padmaawards.gov.in/AboutAwards.aspx লিংকত উপলব্ধ।
*****
 
RK/AY/ASH/AKS/AS/DS
                
                
                
                
                
                (Release ID: 1956770)
                Visitor Counter : 208
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Malayalam 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada