স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে ১৩ ছেপ্টেম্বৰ, ২০২৩ত ৰাষ্ট্ৰপতি ভৱনত আয়ুষ্মান ভৱ অভিযানৰ শুভাৰম্ভ কৰিব

এটি বিস্তৃত ৰাষ্ট্ৰজোৰা স্বাস্থ্যসেৱা পদক্ষেপ আয়ুষ্মান ভৱই স্বাস্থ্য সেৱা আঁচনিসমূহৰ সম্পূৰ্ণ ক’ভাৰেজ নিশ্চিতকৰণেৰে প্ৰতিখন গাঁও আৰু চহৰক স্পৰ্শ কৰিব

১৭ ছেপ্টেম্বৰ-২ অক্টোবৰ, ২০২৩ত অনুষ্ঠিতব্য ‘সেৱা পষেকে’ প্ৰতিজন নাগৰিকৰ আৱশ্যকীয় স্বাস্থ্য সেৱা লাভ নিশ্চিত কৰিব

আয়ুষ্মান ভৱৰ তিনিটা অংশ যথাঃ আয়ুষ্মান-আপকে দ্বাৰ ৩.০, এইচডব্লিউচি আৰু চিএইচচিসমূহত আয়ুষ্মান মেলা আৰু প্ৰতিখন গাঁও আৰু প্ৰতিটো পঞ্চায়ততে আয়ুষ্মান সভাৰ জৰিয়তে স্বাস্থ্য সেৱাসমূহৰ সম্পূৰ্ণ ক’ভাৰেজ

আয়ুষ্মান ভৱৰ লক্ষ্য হৈছে আয়ুষ্মান কাৰ্ড প্ৰদান, আভা (ABHA) আইডি সৃষ্টি আৰু গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহ আৰু অ-সংক্ৰামক ৰোগ, যক্ষ্মাৰোগ আৰু ছিকেল চেল ৰোগৰ দৰে ৰোগসমূহৰ স্থিতি সম্পৰ্কে সজাগতা সৃষ্টি

Posted On: 12 SEP 2023 5:51PM by PIB Guwahati

ভাৰতত স্বাস্থ্যসেৱাৰ উপলব্ধতা আৰু অন্তৰ্ভুক্তিক এক নতুন মাত্ৰা প্ৰদানৰ অৰ্থে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে ১৩ ছেপ্টেম্বৰ, ২০২৩ত অভিলাষী ‘আয়ুষ্মান ভৱ’ অভিযানৰ শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰপতি ভৱনত এক ভাৰ্চুৱেল কাৰ্য্যসূচীৰ জৰিয়তে ইয়াৰ ঐতিহাসিক শুভাৰম্ভণিয়ে সৰ্বজনীন স্বাস্থ্য ক’ভাৰেজ (UHC)ৰ লক্ষ্যত উপনীত হোৱা আৰু সকলোৰে বাবে স্বাস্থ্য সেৱা নিশ্চিতকৰণৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আৰম্ভ হ’বলগীয়া ‘আয়ুষ্মান ভৱ’ অভিযান হৈছে দেশখনৰ প্ৰতিখন গাঁও আৰু চহৰত স্বাস্থ্যসেৱাৰ সম্পূৰ্ণ ক’ভাৰেজ প্ৰদানৰ লক্ষ্যৰে এক বিস্তৃত দেশজোৰা স্বাস্থ্যসেৱা পদক্ষেপ। এই যুগান্তকাৰী পদক্ষেপ আয়ুষ্মান ভাৰত কাৰ্য্যক্ৰমৰ সফলতাৰ ভিত্তিত গ্ৰহণ কৰা হৈছে আৰু ই স্বাস্থ্যসেৱাত এক লক্ষণীয় পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।

অহা ১৭ ছেপ্টেম্বৰৰপৰা ২ অক্টোবৰ, ২০২৩লৈ অনুষ্ঠিতব্য ‘সেৱা পষেক’ৰ সময়ছোৱাত ৰূপায়ণ হ’বলগীয়া এই অভিযানে সমগ্ৰ ৰাষ্ট্ৰ আৰু সমগ্ৰ সমাজ পন্থা অৱলম্বন কৰিব। ই চৰকাৰী খণ্ড, নাগৰিক সমাজৰ সংগঠন আৰু সমাজসমূহক এক উমৈহতীয়া অভিযানৰ অধীনত একত্ৰিতকৰণেৰে প্ৰতিজন ব্যক্তিৰ বৈষম্যবিহীনভাৱে বা বাদ নপৰাকৈ অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা লাভ নিশ্চিত কৰিব।

আয়ুষ্মান ভৱ অভিযান হৈছে গাঁও পঞ্চায়তসমূহৰ নেতৃত্বত স্বাস্থ্য বিভাগ, আন-আন চৰকাৰী বিভাগ আৰু গ্ৰাম্য তথা চহৰাঞ্চলসমূহৰ স্থানীয় নিৰ্বাচিত সংস্থাসমূহৰ সমন্বয়ত ৰূপায়ণ হ’বলগীয়া এক সহযোগিতামূলক প্ৰচেষ্টা। ইয়াৰ মূল উদ্দেশ্য হৈছে ভৌগোলিক বাধাসমূহ অতিক্ৰম আৰু কোনো বাদ নপৰাকৈ প্ৰতিখন গাঁও আৰু চহৰলৈ ব্যাপক স্বাস্থ্যসেৱাৰ ক’ভাৰেজ সম্প্ৰসাৰণ কৰা।

এই অভিযানৰ লক্ষ্য হৈছে ইয়াৰ তিনিটা অংশ যথাঃ আয়ুষ্মান-আপকে দ্বাৰ ৩.০, স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ (HWC) আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰ (CHC)সমূহত আয়ুষ্মান মেলা আৰু প্ৰতিখন গাঁও আৰু প্ৰতিটো পঞ্চায়ততে আয়ুষ্মান সভাৰ জৰিয়তে স্বাস্থ্য সেৱাসমূহৰ সম্পূৰ্ণ ক’ভাৰেজঃ

আয়ুষ্মান-আপকে দ্বাৰ ৩.০: এই পদক্ষেপৰ লক্ষ্য হৈছে পিএম-জেএৱাই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত, বাকী থকা যোগ্য হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড প্ৰদানৰে অধিক ব্যক্তিৰ অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ সুবিধা লাভক প্ৰশস্ত কৰা।

এইচডব্লিউচি আৰু চিএইচচিসমূহত আয়ুষ্মান মেলাঃ এইচডব্লিউচি আৰু চিএইচচিসমূহত অনুষ্ঠিতব্য আয়ুষ্মান মেলাসমূহে আভা আইডি (Health ID) সৃষ্টি আৰু আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ সুবিধা প্ৰদান কৰিব। ইয়াৰোপৰি, ইয়াত আগতীয়াকৈ ৰোগ নিৰ্ণয়, বিস্তৃত প্ৰাথমিক স্বাস্থ্যসেৱা, বিশেষজ্ঞৰ সৈতে টেলিকন্সালটেচন আৰু উপযুক্ত ৰেফাৰেল প্ৰদান কৰা হ’ব।

আয়ুষ্মান সভাঃ প্ৰতিখন গাঁও আৰু প্ৰতিটো পঞ্চায়তত এই সমাৱেশসমূহে আয়ুষ্মান কাৰ্ড প্ৰদান, আভা (ABHA) আইডি সৃষ্টি আৰু গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহ আৰু অ-সংক্ৰামক ৰোগ, যক্ষ্মাৰোগ আৰু ছিকেল চেল ৰোগৰ দৰে ৰোগসমূহৰ স্থিতি সম্পৰ্কে সজাগতা সৃষ্টিত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

আয়ুষ্মান ভৱ অভিযানে ‘সুস্থ গাঁও’ আৰু ‘সুস্থ গাঁও পঞ্চায়ত’ গঢ়াৰ দৃষ্টিভংগীৰে সংগতি ৰাখি ভাৰতত সৰ্বজনীন স্বাস্থ্য ক’ভাৰেজ লাভৰ ভেটি স্থাপন কৰিব। স্বাস্থ্য আঁচনিসমূহ সফলতাৰে সম্পূৰ্ণ কৰা পঞ্চায়তসমূহে ন্যায্য স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰতি তেওঁলোকৰ সমৰ্পণৰ প্ৰতীক হিচাপে ‘আয়ুষ্মান গাঁও পঞ্চায়ত’ বা ‘আয়ুষ্মান নগৰীয়া ৱাৰ্ড’ৰ সন্মান লাভ কৰিব।

উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ মনসুখ মাণ্ডবিয়া, কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ডাঃ ভাৰতী প্রবীণ পাৱাৰ আৰু অধ্যাপক এছপি সিং বাঘেল, নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভিকে পাল, কেইবাজনো সাংসদ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব। ইয়াত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাননীয় ৰাজ্যপালসকল, মাননীয় মুখ্যমন্ত্ৰীসকল, ৰাজ্যিক মন্ত্ৰীসকল আৰু ভিন্ন বিভাগৰ বিষয়াসকলে ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰিব। ইয়াত জিলা সদৰ, ব্লক সদৰ আৰু গাঁৱৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহৰপৰা গৰিষ্ঠ সংখ্যক জনপ্ৰতিনিধি, হিতাধিকাৰী আৰু অংশগ্ৰহণকাৰী উপস্থিত থাকিব।  

 

****



(Release ID: 1956685) Visitor Counter : 178