আয়ুষ

‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ প্ৰথম পৰম্পৰাগত ঔষধৰ গোলকীয় সন্মিলন ২০২৩-ৰ ফলাফল সম্পৰ্কীয় গুজৰাট ঘোষণা পত্ৰৰ উন্মোচন

'গুজৰাট ঘোষণা পত্ৰ'ই গোলকীয় প্ৰতিশ্ৰুতি দোহৰাৰ লগতে সকলোৰে বাবে স্বাস্থ্য আৰু কল্যাণ সম্ভৱ কৰাৰ বাবে পৰম্পৰাগত ঔষধৰ প্ৰায়োগিক সম্ভাৱনীয়তা নিশ্চিত কৰে

‘বিশ্ব স্বাস্থ্য সংস্থা-জিচিটিএম’ৰ আয়োজক হিচাপে ভাৰতে সদস্য ৰাষ্ট্ৰসমূহক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে শীৰ্ষ কাৰ্যসূচী আগবঢ়াই নিব

Posted On: 04 SEP 2023 12:47PM by PIB Guwahati

‘বিশ্ব স্বাস্থ্য সংস্থা’ই "গুজৰাট ঘোষণা পত্ৰ"ৰ ৰূপত ‘বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ প্ৰথমখন গোলকীয় সন্মিলন ২০২৩’-ৰ ফলাফল দস্তাবেজ মুকলি কৰে। ঘোষণা পত্ৰখনে থলুৱা জ্ঞান, জৈৱ বৈচিত্ৰ্য আৰু পৰম্পৰাগত, পৰিপূৰক আৰু একীকৃত ঔষধৰ প্ৰতি গোলকীয় প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰে যে সকলোৰে বাবে স্বাস্থ্য আৰু কল্যাণৰ বাবে অধিক সামগ্ৰিক, প্ৰসংগ-নিৰ্দিষ্ট, জটিল আৰু ব্যক্তিগতকৃত পদ্ধতি সমূহ ভালদৰে বুজিবলৈ, মূল্যাঙ্কন কৰিবলৈ আৰু য'ত উপযুক্ত হয় প্ৰয়োগ কৰিবলৈ কঠোৰ বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োজন হয়।

ই পুনৰ কয় যে গুজৰাটৰ জামনগৰত ‘বিশ্ব স্বাস্থ্য সংস্থাৰ বিশ্ব স্বাস্থ্য সংস্থাৰগোলকীয় পৰম্পৰাগত ঔষধ কেন্দ্ৰ’ৰ আয়োজক হিচাপে ভাৰতে সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰসকলক শীৰ্ষ সন্মিলনৰ কাৰ্যসূচী আৰু অন্যান্য প্ৰাসংগিক প্ৰাথমিকতাসমূহ আগবঢ়োৱাত সহায় কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ সামৰ্থ্য বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত দুদিনীয়া ‘বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ গোলকীয় সন্মিলন ২০২৩’ৰ কাৰ্যবিন্দুসমূহ সন্মিলনত উপস্থাপন কৰা প্ৰমাণ, আলোচনা আৰু ফলাফলৰ ওপৰত আধাৰিত। মানুহৰ স্বাস্থ্য আৰু কল্যাণ, গৱেষণা আৰু প্ৰমাণ, সাৰ্বজনীন স্বাস্থ্যসেৱাৰ ব্যাপ্তি, প্ৰাথমিক স্বাস্থ্য সেৱা আৰু স্বাস্থ্য প্ৰণালী, তথ্য আৰু নিয়মীয়া তথ্য প্ৰণালী, ডিজিটেল স্বাস্থ্য সীমা, জৈৱ বৈচিত্ৰ্য আৰু স্থিৰতা, মানৱ অধিকাৰ, সমতা আৰু নৈতিকতাৰ দৰে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছিল।

 

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "গুজৰাট ঘোষণা পত্ৰ হৈছে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত ঔষধ ব্যৱস্থাৰ বিষয়ে আমাৰ প্ৰাচীন জ্ঞানক প্ৰচাৰ কৰাৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ প্ৰমাণিক নিদৰ্শন। সহযোগিতামূলক প্ৰচেষ্টা আৰু বহনক্ষম পদ্ধতিৰ জৰিয়তে আমি অনাগত প্ৰজন্মৰ বাবে এক স্বাস্থ্যকৰ ভৱিষ্যত নিশ্চিত কৰিব পাৰোঁ।"

‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ পৰম্পৰাগত ঔষধ সম্পৰ্কীয় গোলকীয় সন্মিলনৰ সময়ত ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ সঞ্চালক প্ৰধান ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে "গুজৰাট ঘোষণাপত্ৰ"ই বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰম্পৰাগত ঔষধৰ সম্ভাৱনীয়তাসমূহৰ প্ৰয়োগ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰণালীত পৰম্পৰাগত ঔষধৰ একত্ৰীকৰণত গুৰুত্ব দিব আৰু পৰম্পৰাগত ঔষধৰ শক্তি উন্মোচিত কৰাত সহায় কৰিব।

“গুজৰাট ঘোষণাপত্ৰ”ত সাৰ্বজনীন স্বাস্থ্যসেৱা ব্যাপ্তি (ইউএইচচি) আৰু সকলো স্বাস্থ্য সম্পৰ্কীয় বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) সমৰ্থনত প্ৰমাণ-আধাৰিত টিচিআইএম (পৰম্পৰাগত প্ৰশংসামূলক একীকত ঔষধ) হস্তক্ষেপ আৰু দৃষ্টিভংগী অধিক কাৰ্যকৰী কৰাৰ প্ৰচেষ্টা বৃদ্ধি কৰাৰ কথা কোৱা হৈছে। ইয়াত ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ মুখ্য কাৰ্যালয়সমূহৰ কামৰ সৈতে সংযোজিত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিপূৰক জিচিটিএমৰ জৰিয়তে বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত ‘টিচিআইএম’ৰ প্ৰমাণ আধাৰিত লাভ সৰ্বাধিক কৰিব পৰা আৰু বিশ্ব সন্মিলনত প্ৰদৰ্শিত বহু-আঞ্চলিক, বহুমুখী আৰু বহু-অংশীদাৰ সহযোগিতাৰ ভূমিকা সন্দৰ্ভত উল্লেখ কৰা হৈছে।

সৰ্বোচ্চ মানৰ গৱেষণাক আধাৰ কৰি ‘ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি আৰু প্ৰণালী’ত প্ৰমাণ-আধাৰিত একত্ৰীকৰণক সমৰ্থন কৰক। বৈজ্ঞানিকভাৱে প্ৰমাণিত টিচিআইএম সামগ্ৰী আৰু পদ্ধতিসমূহৰ উৎপাদন, নিয়ন্ত্ৰণ আৰু আনুষ্ঠানিক ব্যৱহাৰ ত্বৰান্বিত কৰক। নিয়মীয়া স্বাস্থ্য তথ্য প্ৰণালীৰ ভিতৰত এক মানক উপায়েৰে ‘টিচিআইএম’-ত প্ৰমাণ আৰু তথ্যৰ সংগ্ৰহ একত্ৰিত কৰাৰ বাবে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘ৰোগৰ আন্তৰ্জাতিক শ্ৰেণী বিভাজন’ (আইচিডি-১১)ৰ সম্প্ৰসাৰিত আৰু ত্বৰান্বিত ব্যৱহাৰসহ মানক ‘টিচিআইএম’ নথিপত্ৰৰ প্ৰচাৰ কৰা আগতীয়া নীতি। ‘টিচিআইএম ৰেফাৰেন্স ক্লিনিকেল চেণ্টাৰ’ৰ এক গোলকীয় নেটৱৰ্ক স্থাপন কৰক যি নিয়মীয়াকৈ ‘বিশ্ব স্বাস্থ্য সংস্থাৰ আইচিডি-১১’ কোডিঙৰ ওপৰত আধাৰিত কৰি মানক তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কৰিব পাৰে।

ডিজিটেল স্বাস্থ্য প্ৰযুক্তিৰ উপযুক্ত বিকাশ আৰু প্ৰয়োগ, আৰু বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা (এআই)ক কেনেদৰে মানুহৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে ‘টিচিআইএম’ত ডিজিটেল স্বাস্থ্য সম্পদ আগবঢ়াই নিয়াৰ বাবে সক্ষম কৰি তুলিব পাৰি তাৰ আছিল সন্মিলনৰ মুখ্য আকৰ্ষণ।

জৈৱ বৈচিত্ৰ্য সুৰক্ষিত, পুনৰুদ্ধাৰ আৰু স্থিৰভাৱে পৰিচালনা কৰাৰ বাবে, আৰু জৈৱ বৈচিত্ৰ্য সম্পদ, সম্পৰ্কিত আনুবংশিক সামগ্ৰী আৰু থলুৱা জ্ঞানৰ ব্যৱহাৰৰ ফলত উদ্ভৱ হোৱা লাভালাভসমূহৰ ন্যায্য আৰু ন্যায়সঙ্গত অংশীদাৰিত্ব নিশ্চিত কৰাৰ বাবে সকলো স্তৰত পদক্ষেপ গ্ৰহণক উত্সাহিত কৰাৰ লগতে গ্ৰহণৰ প্ৰসংগ ইয়াত উল্লেখ কৰা হৈছে। খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত উল্লেখ কৰা অনুসৰি খিলঞ্জীয়া লোকসকলৰ অধিকাৰক সম্পূৰ্ণৰূপে স্বীকৃতি, সন্মান আৰু সুৰক্ষা প্ৰদান কৰা হৈছে। ‘টিচিআইএম’ গৱেষণা আৰু অনুশীলনীত নৈতিক পদ্ধতি আৰু প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰক।

পৰম্পৰাগত ঔষধ সন্দৰ্ভত ‘প্ৰথমখন গোলকীয় সন্মিলন’ ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ উদ্যোগত তথা ‘আয়ুষ মন্ত্ৰালয়’ৰ সহযোগত গুজৰাটৰ গান্ধীনগৰত ১৭-১৮ আগষ্ট, ২০২৩ তাৰিখে অনুষ্ঠিত হৈছিল।

*****



(Release ID: 1954726) Visitor Counter : 121