গৃহ মন্ত্ৰালয়

স্বাধীনতা দিৱস উপলক্ষে অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী (এইচজি) আৰু অসামৰিক প্ৰতিৰক্ষা (চিডি) বিভাগৰ কৰ্মচাৰীলৈ ৰাষ্ট্ৰপতিৰ পদক

Posted On: 14 AUG 2023 3:53PM by PIB Guwahati

প্ৰতি বছৰে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসত অগ্নি নিৰ্বাপক সেৱা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কৰ্মচাৰীসকলক সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতি পদক আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদকৰ লগতে সাহসিকতা পদক আৰু প্ৰশংসনীয় সেৱা পদক প্ৰদান কৰা হয়।

 

এইবেলিও স্বাধীনতা দিৱস উপলক্ষে, অগ্নিনিৰ্বাপনৰ ক্ষেত্ৰত বিশেষ সাহসিকতা আৰু সাফল্য প্ৰদৰ্শন কৰাৰ বাবে ৫৩গৰাকী কৰ্মচাৰীক পদক প্ৰদান কৰা হৈছে।

 

ইয়াৰ ভিতৰত, সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতিৰ অগ্নি সেৱা পদক ৩গৰাকী কৰ্মচাৰীক প্ৰদান কৰা হয় আৰু সাহসিকতাপূৰ্ণ কামৰ বাবে অগ্নি সেৱা পদক এগৰাকী কৰ্মচাৰীক প্ৰদান কৰা হয়।

 

নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ অগ্নি সেৱা পদক 8 জন কৰ্মচাৰীক প্ৰদান কৰা হয় আৰু ৪১জন কৰ্মচাৰীক তেওঁলোকৰ নিষ্ঠাপূৰ্ণ আৰু প্ৰশংসনীয় সেৱাৰ বাবে অগ্নি সেৱা পদক প্ৰদান কৰা হয়।

ইয়াৰ উপৰিও, স্বাধীনতা দিৱস, উপলক্ষে ৪৮ জন কৰ্মচাৰী/স্বেচ্ছাসেৱকক গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদক প্ৰদান কৰা হয়।

 

ইয়াৰ ভিতৰত, নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদক আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদক ক্ৰমান্বয়ে ৫জন কৰ্মচাৰী/স্বেচ্ছাসেৱক আৰু ৪৩জন কৰ্মচাৰী /স্বেচ্ছাসেৱকক প্ৰদান কৰা হয়।

 

অগ্নি নিৰ্বাপক সেৱা পদক আৰু গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদক বঁটা প্ৰাপকসকলৰ তালিকাখন পৰিশিষ্ট হিচাপে সংলগ্ন কৰা হৈছে।

 

অগ্নি সেৱা পদকৰ তালিকাৰ বাবে ইয়াত ক্লিক কৰক -

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2023/aug/doc2023814238501.pdf

গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদকৰ তালিকাৰ বাবে ইয়াত ক্লিক কৰক -

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2023/aug/doc2023814238601.pdf

 

*************************



(Release ID: 1949276) Visitor Counter : 100