উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
পূৰ্বোত্তৰ ৰাজ্যসমূহলৈ পৰিবহণ সংযোগৰ বাবে বাজেট নিৰ্ধাৰণ
Posted On:
31 JUL 2023 4:14PM by PIB Guwahati
নিজ নিজ ন’ডেল মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, উত্তৰ-পূৱৰ ৰাজ্যসমূহত সংযোগ শক্তিশালী কৰিবলৈ চৰকাৰে তলত উল্লেখ কৰা ৰে’ল, বিমান আৰু স্থলপথ প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে:
৮১,৯৪১ কোটি টকা ব্যয় সাপেক্ষে মুঠ ১৯০৯ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লোৱা মুঠ ১৯টা ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্প, সম্পূৰ্ণ/আংশিকভাৱে উত্তৰ-পূৱৰ ৰাজ্যসমূহে সামৰি লয়। আৰু এই প্ৰকল্পবোৰ সম্প্ৰতি পৰিকল্পনা/অনুমোদন/কাৰ্য্যকৰীকৰণৰ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰে ৪৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাম চলাই থকা হৈছে আৰু মাৰ্চ,২০২৩ লৈকে ইয়াত ব্যয় কৰা হৈছে ৩৭,৭১৩ কোটি টকা।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দেশৰ বিমানসেৱা বিহীন অঞ্চলৰ পৰা সমগ্ৰ দেশতে আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ বাবে বিমান যাত্ৰা সুলভ কৰি তোলাৰ উদ্দেশ্যে ২১ অক্টোবৰ ২০১৬ তাৰিখে আঞ্চলিক সংযোগ আঁচনি (আৰ চি এছ)-উড়ান (উদে দেশ কা আম নাগৰিক) আৰম্ভ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ উড়ানৰ অধীনত ৬৪টা পথৰ সৈতে জড়িত ৰূপসী, তেজু, তেজপুৰ, পাছিঘাট, যোৰহাট, লিলাবাৰী, শিলচৰ, পাকিয়ং, ইটানগৰ, আৰু ডিমাপুৰৰ বিমানবন্দৰৰ কাম কাৰ্যকৰী কৰা হৈছে। ইয়াৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলত ২০১৪ চনত ৯টা কাৰ্যক্ষম বিমানবন্দৰ আছিল। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত আছে ১৬টা কাৰ্যকৰী বিমানবন্দৰ। ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশৰ জিৰোত এডভান্সড লেণ্ডিং গ্ৰাউণ্ডো সাজি উলিওৱা হৈছে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত ১৫৪৩.৭০ কোটি টকাৰ ১৩টা বৃহৎ আন্তঃগাঁথনিৰ কাম ৰূপায়ণ হৈ আছে।
উত্তৰ-পূৱৰ ৰাজ্যসমূহত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল) আৰু ৰাজ্যিক ৰাজহুৱা নিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ জৰিয়তে মুঠ ১,০২,৫৯৪ কোটি টকাৰ অনুমোদিত ব্যয়ৰ সৈতে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ অধীনত মুঠ ২৬১ টা পথ প্ৰকল্প ৰূপায়ণ কৰিবলৈ মনস্থ কৰা হৈছে।
তদুপৰি, পূৰ্বৰ উত্তৰ-পূৱ পথ খণ্ড উন্নয়ন আঁচনি (এনইআৰএছডিএছ), যাক এতিয়া উত্তৰ-পূৱ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (এনইএছআইডিএছ) বুলি কোৱা হয়, তাৰ অধীনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে ৩৩৭২.৫৮ কোটি টকা ব্যয়সাপেক্ষে মুঠ ৭৭ টা পথ প্ৰকল্পৰ অনুমোদন জনাইছে।
তদুপৰি উত্তৰ-পূৱ পৰিষদৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল, বিমান, আৰু পথ সংযোগ উন্নত কৰাৰ সৈতে জড়িত এন ই চিৰ আঁচনিৰ অধীনত ৪৩৪৫.১৬ কোটি টকাৰ ৫১টা প্ৰকল্প অনুমোদন কৰা হৈছে।
উল্লেখ্য যে ২০২২-২৩ আৰু ২০২৩-২৪ চনৰ বাবে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্য আঁচনিৰ অধীনত বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে তলত বিতংভাৱে উল্লেখ কৰা ধৰণে উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ধন মোকলাই দিছে:
২০২২-২৩ আৰু ২০২৩-২৪ চনৰ ভিতৰত মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সহায়ৰ আঁচনিৰ অধীনত উত্তৰ-পূব ৰাজ্যসমূহলৈ মোকলাই দিয়া ধন
|
(কোটিত)
|
ক্ৰমিক নং
|
ৰাজ্য
|
BE
২০২২-২৩
|
২০২৩-২৪
|
আবণ্টন
|
আবণ্টিত ধনৰ পৰিমা
|
মোকলাই দিয়া ধন
|
১
|
অৰুণাচল প্ৰদেশ
|
১৫৬৪.১০
|
১৭৫৭.০০
|
১২৫৪.৮৬
|
|
২
|
অসম
|
৪৩০০.১৪
|
৩১২৮.০০
|
৩১২৮.০০
|
১৫১৪.৮৩
|
৩
|
মণিপুৰ
|
৪৬৭.২২
|
৭১৬.০০
|
|
|
৪
|
মেঘালয়
|
১০৪৯.০২
|
৭৬৭.০০
|
৫১১.৭৫
|
|
৫
|
মিজোৰাম
|
২৯৭.৫০
|
৫০০.০০
|
৩৯৯.২৪
|
|
৬
|
নাগালেণ্ড
|
৫০৪.১৬
|
৫৬৯.০০
|
৫৬৯.০০
|
|
৭
|
ছিকিম
|
৫৫১.৩৬
|
৩৮৮.০০
|
৩৮৭.৬২
|
২৫৮.৪৩
|
৯
|
ত্ৰিপুৰা
|
৩৪৯.৭৯
|
৭০৮.০০
|
|
|
মুঠ:
|
৯০৮৩.২৯
|
৮৫৩৩.০০
|
৬২৫০.৪৭
|
১৭৭৩.২৬
|
ইফালে, নতুন প্ৰকল্প আৰম্ভ কৰাৰ আগতে প্ৰয়োজনীয় পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন (EIA) কৰা হয়। প্ৰয়োজনীয় পৰিৱেশ আৰু বন আবণ্টনো আইন অনুসৰি মন্ত্ৰালয়/বিভাগ/ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট সংস্থাসমূহে লাভ কৰিছে।
উল্লেখ্য যে এই তথ্য আজি লোকসভাত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জি কিষাণ ৰেড্ডীয়ে লিখিত উত্তৰত প্ৰদান কৰে।
*****
(Release ID: 1944506)
Visitor Counter : 147