প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীৰ প্রগতি ময়দানত আন্তর্জাতিক প্রদর্শনী-কাম-কনভেনশ্যন চেণ্টাৰ (IECC) কমপ্লেক্সৰ উদ্বোধন অনুষ্ঠানত প্রধানমন্ত্রীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

Posted On: 26 JUL 2023 10:52PM by PIB Guwahati

নমস্কাৰ,
মোৰ সন্মুখত এক অপূর্ব দৃশ্য দেখিবলৈ পাইছোঁ। যি অনিন্দ্যসুন্দৰ, বিশাল, বিহঙ্গম দৃষ্টিত অসাধাৰণ। আৰু আজিৰ এই যি উপলক্ষ, ইয়াৰ অন্তৰালত যি কল্পনা, যাক আজি মই যেতিয়া বাস্তৱায়িত হোৱা দেখিছোঁ, সেই স্বপ্নক যেতিয়া চকুৰ আগত সঁচা হোৱা দেখিছোঁ, তেতিয়া মোৰ মনলৈ এটি বিখ্যাত কবিতাৰ লাইন উচ্চাৰণৰ ইচ্ছা জাগিছে:-

नया प्रात है, नई बात है, नई किरण है, ज्योति नई।

नई उमंगें, नई तरंगे, नई आस है, साँस नई।

उठो धरा के अमर सपूतो, पुनः नया निर्माण करो।

जन-जन के जीवन में फिर से नई स्फूर्ति, नव प्राण भरो।


(নতুন প্ৰভাত, নতুন কথা, নতুন কিৰণ, জ্যোতি নতুন।
নতুন উদ্যম, নতুন ঢৌ, নতুন আশা, নিঃশ্বাস নতুন।
উঠা পৃথিৱীৰ অমৰ সুপুত্রসকল, আকৌ নতুন নিৰ্মাণ কৰা।
প্রত্যেক মানুহৰ জীৱনত আকৌ নতুন স্ফুৰ্তি, নতুন প্রাণ সঞ্চাৰ কৰা।)


আজিৰ এই দিব্য আৰু অনিন্দ্যসুন্দৰ 'ভাৰত মণ্ডপম' দেখি প্রত্যেক ভাৰতবাসী আনন্দিত, আনন্দত ভৰপুৰ তথা গর্ব বোধ কৰিছে। 'ভাৰত মণ্ডপম' 'ল ভাৰতৰ সম্ভাৱনা, ভাৰতৰ নতুন শক্তিৰ আহ্বান। 'ভাৰত মণ্ডপম' 'ল ভাৰতৰ মহিমা তথা ভাৰতৰ ইচ্ছাশক্তিৰ এক মূর্ত ৰূপ। কৰোণাৰ কঠিন সময়ত যেতিয়া সর্বত্র কাম বন্ধ আছিল, তেতিয়া আমাৰ দেশৰ শ্রমজীৱী মানুহে দিনে-নিশাই পৰিশ্রম কৰি ইয়াৰ নির্মাণকাৰ্য সম্পন্ন কৰিছে।


আজি, মোৰ হৃদয়ৰ গভীৰৰ পৰা, মই 'ভাৰত মণ্ডপম' নির্মাণৰ সৈতে জড়িত প্রত্যেক শ্রমিক, ভাই আৰু ভনীক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আজি পুৱা মই এই কর্মীসকলৰ সৈতে দেখা কৰাৰ সুযোগ পাইছোঁ, আমাৰ এই কর্মীসকলক সন্মান জনোৱাৰ সৌভাগ্য মোৰ হৈছে। তেওঁলোকৰ পৰিশ্রমৰ এই ফচল দেখি আজি সমগ্ৰ ভাৰত বিস্মিত, সমগ্ৰ ভাৰত উচ্ছ্বসিত!


মই এই নতুন আন্তর্জাতিক কনভেনশ্যন চেণ্টাৰ- 'ভাৰত মণ্ডপম'-ৰ বাবে ৰাজধানী দিল্লীৰ জনগণক আৰু দেশৰ মানুহক অভিনন্দন জনাইছোঁ। আজি ইয়ালৈ দেশৰ প্রতিটো প্রান্তৰ পৰা অতিথিসকল আহিছে, মই তেওঁলোক সকলোকে আদৰণি জনাইছোঁ। মই সেই কোটি কোটি মানুহক অভিনন্দন জনাইছোঁ যিসকলে বর্তমান টিভি আৰু ছচিয়েল মিডিয়াৰ মাধ্যমত আমাৰ সৈতে যুক্ত আছে।


বন্ধুসকল,
আজিৰ দিনটো এনেয়েও প্রত্যেক ভাৰতবাসীৰ বাবে এটা ঐতিহাসিক দিন, আজি কার্গিল বিজয় দিৱস। দেশৰ শত্রুহঁতে যি দুঃসাহস দেখুৱাইছিল ভাৰতমাতাৰ সাহসী পুত্র-কন্যাই  পৰাক্রম প্রদর্শনৰ মাধ্যমত তেওঁলোকক পৰাজিত কৰিছিল। এটা কৃতজ্ঞ জাতিৰ ফালৰ পৰা, মই প্রতিজন বীৰক শ্রদ্ধা জনাইছোঁ যিসকলে কার্গিল যুদ্ধত তেওঁলোকৰ জীৱন উৎসর্গ কৰিছে।

বন্ধুসকল,

অলপ আগতেই আমাৰ পীযূষ জীয়ে কৈছে, 'ভাৰত মণ্ডপম'-ৰ এই নামৰ অন্তৰালত আছে ভগৱান বসভেশ্বৰৰ 'অনুভৱ মণ্ডপম'-ৰ অনুপ্রেৰণা। অনুভৱ মণ্ডপম মানে বিতর্ক আৰু সংলাপৰ গণতান্ত্রিক পদ্ধতিৰ বিকাশ, অনুভৱ মণ্ডপম মানে প্রত্যেকৰ নিজস্ব আৰু সমষ্টিগত অভিব্যক্তি আৰু মতামত প্রকাশৰ মাধ্যম। আজি বিশ্বই স্বীকাৰ কৰিছে যে ভাৰত মাডাৰ অফ ডেমোক্রেচিবা গণতন্ত্রৰ জননী। তামিলনাডুৰ উত্তৰমেৰু অঞ্চলত পোৱা শিলালিপিৰ পৰা আৰম্ভ কৰি উত্তৰ ভাৰতৰ বৈশালী পর্যন্ত পোৱা বিভিন্ন শিলালিপিত বিধৃত আমাৰ নানা গণতান্ত্রিক ঐতিহ্যৰ ইতিহাসৰ পৰা উঠি অহা ভাৰতৰ স্পন্দিত গণতন্ত্র বহু শতাব্দী ধৰি আমাৰ গর্ব।


আজি, যেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে অমৃত মহোৎসৱ উদযাপন কৰিছোঁ, আজিৰ ভাৰতীয়সকলৰ পক্ষৰ পৰা আমাৰ গণতন্ত্রক দিয়া এটি সুন্দৰ উপহাৰ হ'ল এই 'ভাৰত মণ্ডপম'। কেইবা সপ্তাহ পিছত, ইয়াত জি-২০ গোষ্ঠীভুক্ত দেশসমূহৰ নানা অনুষ্ঠান আয়োজিত হ', বিশ্বৰ প্রধান দেশসমূহৰ ৰাষ্ট্রপ্রধানসকল ইয়াত উপস্থিত থাকিব। সমগ্র বিশ্বই এই বিশাল 'ভাৰত মণ্ডপম'ৰ পৰা দেখিবলৈ পাব ভাৰতৰ আগুৱাই যোৱাৰ সপক্ষে লোৱা নানা পদক্ষেপ আৰু অনুভৱ কৰিব ভাৰতৰ ক্রমবর্ধমান মর্যাদাক।


বন্ধুসকল,
আজি যেতিয়া সমগ্ৰ বিশ্ব আন্তঃসংযুক্ত, আন্তঃ-নির্ভৰশীল, তেতিয়া আন্তর্জাতিক পর্যায়ত বিভিন্ন কর্মসূচী আৰু শীর্ষ সন্মিলনৰ ধাৰাবাহিকতা অব্যাহত আছে। এনে ধৰণৰ অনুষ্ঠান কেতিয়াবা এখন দেশত আকৌ কেতিয়াবা অন্য দেশত আয়োজিত হয়। এনে অৱস্থাত ভাৰতৰ ৰাজধানী দিল্লীত আন্তর্জাতিক পর্যায়ৰ এটা কনভেনশ্যন চেণ্টাৰ গঢ়ি তোলাৰ অত্যন্ত প্রয়োজন আছিল। ইয়াত যি আয়োজন আছিল, যি হলবিলাক আছিল, সেইবোৰ বহু যুগ আগতে গঢ়ি তোলা হৈছিল। বিগত শতাব্দীৰ সেই পুৰণি ব্যৱস্থা আজি আৰু একবিংশ শতাব্দীৰ ভাৰতৰ সৈতে তাল মিলাব পৰা নাই। একৈশ শতকৰ ভাৰতত, একৈশ শতকৰ চাহিদা পূৰাবলৈ আমাৰ এনেকুৱা নতুন নতুন অনেক পৰিকাঠামো গঢ়ি তুলিব লাগিব।


সেয়ে এই বিশাল নির্মাণ, এই 'ভাৰত মণ্ডপ' আজি আমাৰ দেশবাসীৰ সন্মুখত গঢ়ি উঠিছে, আপোনালোকৰ সন্মুখত প্রস্তুত। 'ভাৰত মণ্ডপম' ভাৰত আৰু বিদেশৰ পৰা অহা ডাঙৰ ডাঙৰ প্রদর্শকসকলৰ অনুকূল পৰিকাঠামো প্রদান কৰিব। 'ভাৰত মণ্ডপম' দেশত সন্মিলন পর্যটনৰ এটি প্রধান ধাৰক হৈ উঠিব। 'ভাৰত মণ্ডপম'য়ে আমাৰ ষ্টাৰ্টআপবিলাকৰ শক্তি প্রদর্শনৰ এটি মাধ্যম হৈ উঠিব। 'ভাৰত মণ্ডপম' আমাৰ চিনেমা-জগত, আমাৰ শিল্পীসকলৰ অভিনয়ৰ সাক্ষী হৈ উঠিব।


'ভাৰত মণ্ডপম' আমাৰ হস্তশিল্পীসকলৰ, কাৰিকৰসকলৰ, তাঁতীসকলৰ কঠোৰ পৰিশ্রমক এটি আন্তর্জাতিক মানৰ মঞ্চ প্রদানৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ মাধ্যম হৈ উঠিবলৈ গৈছে আৰু 'ভাৰত মণ্ডপম' আত্মনির্ভৰ ভাৰত আৰু স্থানীয় পণ্যৰ প্রচাৰৰ বাবে সৰৱ হৈ উঠিব, ‘লোকেল ফৰ ভোকেলঅভিযানৰ প্রতিফলন হৈ উঠিব। অর্থাৎ অর্থনীতিৰ পৰা বাস্তুশাস্ত্র, বাণিজ্যৰ পৰা প্রযুক্তি, এই ধৰণৰ প্রতিটো আয়োজনৰ বাবে ব্যাপক প্রচেষ্টাৰ প্রতিফলন এই পৰিসৰত দেখা যাব, এই ক্ষেত্রত এই 'ভাৰত মণ্ডপম' এটি বিশাল মঞ্চত পৰিণত হ'ব।


বন্ধুসকল,
ভাৰত মণ্ডপৰ দৰে এনেকুৱা পৰিকাঠামো কেইবা দশক আগতেই ইয়াত নিৰ্মাণ হোৱা উচিত আছিল। কিন্তু মোৰ ভাব হয়, বহু কামেই মোৰ হাতেৰে উদ্বোধনৰ বাবে নির্ধাৰিত আছিল। আৰু আমি দেখিছোঁ, পৃথিৱীৰ কোনো দেশত অলিম্পিক ছামিট অনুষ্ঠিত হ'লে সেই দেশৰ প্রোফাইল গোটেই বিশ্বত সম্পূর্ণ সলনি হৈ যায়। আজিৰ বিশ্বত এই কথাবোৰৰ গুৰুত্ব বহু ডাঙৰ হৈ উঠিছে আৰু দেশৰ প্রোফাইলো বহু ক্ষেত্রত অত্যন্ত গুৰুত্বপূর্ণ। আৰু  এই ধৰণৰ উন্নত মানৰ পৰিকাঠামো গঢ়ি উঠিলে সিও এইক্ষেত্রত কিবা নহয় কিবা উপায়ে মূল্য সংযোজন কৰে।


কিন্তু আমাৰ দেশত ভিন্ন চিন্তাৰ কিছু মানুহো আছে। ইয়াত নেতিবাচক চিন্তাভাবনা কৰা মানুহৰো অভাব নাই। এই নির্মাণকার্যক বন্ধ কৰাৰ বাবে সেই নেতিবাচক চিন্তাবিদসকলে কিমান যে চেষ্টা নকৰিছিল! নানা মঞ্চত বহু ধুমুহা তোলা হয়, কোনো কোনো আদালতৰ  শৰণাপন্নও হয়, আদালতত ঘুৰি ফুৰে। কিন্তু য'ত সত্য থাকে, তাত ঈশ্বৰো থাকে, সহায়ক হয়। আৰু এইভাবেই এতিয়া এই অনিন্দ্যসুন্দৰ কেম্পাছ আপোনালোকৰ চকুৰ আগত গঢ়ি উঠিছে।


প্রকৃততে, কিছু লোকৰ মাজত এটা প্রৱণতা থাকে, তেওঁলোকে প্রতিটো ভাল উদ্যোগক বন্ধ কৰাৰ, ভাল কামক বাধা দিয়াৰ চেষ্টা কৰি থাকে। এতিয়া আপোনালোকৰ মনত থাকিব যেতিয়া কর্তব্য পথ’  তৈয়াৰ হৈছিল, কি কি গল্প আৰু গুজব বতাহত উৰিছিল, আনকি খবৰৰ কাগজবোৰৰ প্রথম পৃষ্ঠাত ব্রেকিং নিউজত কি কি লেখা চলিছিল, আদালততো কিমান মামলা হৈছে নাজানো। কিন্তু এতিয়া সেই কর্তব্য পথ তৈয়াৰ হৈ গৈছে, সেইবোৰ মানুহেও আজি চুপেচাপে দমিত সুৰত কৈছে, ভাল কিবা হৈছে, দেশৰ গৌৰৱ বাঢ়িছে। আজি মই নিশ্চিত যে কিছু সময় পাছত, সেই নিন্দুক দলৰ মানুহবোৰে এই ভাৰত মণ্ডপমক লৈও খোলামেলা কথা ক'ব পাৰে বা নোৱাৰিলেও তেওঁলোকে মনে মনে এই কথা মানি ল', আৰু আনকি কোনো কোনোৱে নানা অনুষ্ঠানত বক্তৃতা দিবলৈ ইয়ালৈ আহিব পাৰে।


বন্ধুসকল,
কোনো দেশ বা সমাজে, বিচ্ছিন্নভাৱে পৰিকল্পনা কৰি, বিচ্ছিন্নভাৱে টুকুৰা টুকুৰ কাম কৰি কেতিয়াও সার্বিকভাৱে আগুৱাই যাব নোৱাৰে। আজি, এই কনভেনশ্যন চেণ্টাৰত, এই 'ভাৰত মণ্ডপ'ও সেই সত্যৰ সাক্ষী যে আমাৰ চৰকাৰে কেনেকৈ সামগ্রিকভাৱে কাম কৰিছে, বহু আগুৱাই চিন্তা কৰিছে। এই ধৰণৰ কেন্দ্রবোৰলৈ অহা যাতে সহজ হৈ উঠে, দেশৰ বিভিন্ন প্রান্ত আৰু বিদেশৰ পৰা ডাঙৰ কোম্পানীবোৰ যাতে ইয়ালৈ আহিব পাৰে, তাক সুনিশ্চিত কৰিবলৈ আজি ভাৰতে ১৬০খনৰো বেছি দেশৰ নাগরৰিকৰ বাবে ই-কনফাৰেন্স ভিছা পৰিসেৱা আৰম্ভ কৰিছে। অর্থাৎ ইয়াক কেৱল এনেকৈ গঢ়ি তোলা হোৱা নাই, ইয়াৰ বাবে সমগ্ৰ ছাপ্লাই চেইন বা সৰবৰাহ শৃংখলা আৰু ছিষ্টেম চেইন বা ব্যৱস্থা শৃংখলা সজোৱা হৈছে।


২০১৪ চনত, দিল্লী বিমানবন্দৰৰ ক্ষমতা বার্ষিক প্রায় ৫০ মিলিয়ন যাত্রী ব্যৱস্থাপনা পৰিচালনা কৰাৰ উপযোগী আছিল। আজি ইয়াত বার্ষিক প্রায় ৭৫ মিলিয়ন যাত্রী বাঢ়িছে। টার্মিনেল ২ আৰু ৪র্থ ৰাণৱেও আৰম্ভ হৈছে। গ্রেটাৰ নয়ডাৰ জেওৱাৰত আন্তর্জাতিক বিমানবন্দৰ আৰম্ভ হোৱাৰ পাছত ই অধিক শক্তি পাব। বিগত বছৰবোৰত, হোটেল শিল্পও দিল্লী-এনচিআৰত বহু প্রসাৰিত হৈছে। অর্থাৎ, আমি খুব পৰিকল্পিতভাৱে সন্মিলন পর্যটনৰ বাবে এটা সম্পূর্ণ ইকো-ছিষ্টেম গঢ়ি তোলাৰ চেষ্টা কৰিছোঁ।


বন্ধুসকল,
তাৰ উপৰিও ইয়াত, এই ৰাজধানী দিল্লীত বিগত বছৰবোৰত যিবোৰ নির্মাণকাৰ্য হৈছে সেইবোৰে নিঃসন্দেহে  দেশৰ গর্ব বঢ়াই দিছে। এনে ভাৰতীয় কোন আছে, যাৰ শিৰ দেশৰ নতুন সংসদ ভবন দেখিলে ওখ নহ'! আজি দিল্লীত গঢ়ি উঠিছে নেশ্যনেল ৱাৰ মেমোৰিয়েল, পুলিচ মেমোৰিয়েল আৰু বাবা চাহেব আম্বেদকাৰ মেমোৰিয়েল। বর্তমান খুব দ্রুতগতিত কর্তব্য পথৰ আশেপাশে চৰকাৰৰ বিভিন্ন দপ্তৰৰ বাবে সমস্ত আধুনিক সুবিধাসম্পন্ন নতুন নতুন ভৱন নির্মাণৰ কাম চলিছে। আমাৰ কর্ম সংস্কৃতিৰ সমান্তৰালকৈ কামৰ পৰিৱেশতো পৰিৱর্তন আনিব লাগিব।


আপোনালোক সকলোৱে নিশ্চই দেখিছে যে আজিৰ নতুন প্রজন্মই আমাৰ গঢ়ি তোলা প্রাইম মিনিষ্টাৰ্ছ মিউজিয়ামঘুৰি দেখে দেশৰ সকলো প্রধানমন্ত্রী আৰু তেওঁলোকৰ অৱদান সম্পর্কে জনাৰ সুযোগ পাইছে। শীঘ্রেই দিল্লীত গঢ়ি উঠিব বিশ্বৰ বৃহত্তম যাদুঘৰ! হয়, ঠিকেই শুনিছে, এয়া আপোনালোকৰ বাবে যেনেকৈ এটি সুখবৰ, তেনেকৈ ই বিশ্বৰ বাবেও এটি সুখবৰ যে, শীঘ্রেই দিল্লীত বিশ্বৰ বৃহত্তম যাদুঘৰ গঢ়ি উঠিব। আৰু মই যেতিয়া কৈছোঁ যে বিশ্বৰ বৃহত্তম যাদুঘৰ, তেতিয়া সঁচাই বিশ্বৰ বৃহত্তম যাদুঘৰ যুগে যুগেনশীঘ্রেই ভাৰতত গঢ়ি উঠিবলৈ গৈছে।


বন্ধুসকল,
সমগ্ৰ বিশ্বই আজি ভাৰতৰ ফালে চাই আছে। ভাৰতে আজি সেই সকলো অর্জন কৰিছে যি আগতে অকল্পনীয় আছিল, কোনেও কল্পনাও কৰিব পৰা নাছিল। ডাঙৰ হ'বলৈ হ'লে ডাঙৰ ভাবিব লাগিব, ডাঙৰ লক্ষ্য অর্জন কৰিব লাগিব। সেয়ে, “Think Big, Dream Big, Act Big” বা ডাঙৰ ভাবা, ডাঙৰ স্বপ্ন দেখা, ডাঙৰ কাম কৰানীতি গ্রহণ কৰি ভাৰত আজি দ্রুত আগুৱাই গৈছে। আৰু এইটোও কোৱা হৈছে- ‘যিমান ওখত আকাশ সিমান ওখলৈ উঠা!’ আমি আগতকৈ আৰু ডাঙৰ ডাঙৰ নির্মাণ কৰিছোঁ, আমি আগতকৈ আৰু উন্নত মানৰ নির্মাণ কৰিছোঁ, আমি আগতকৈ দ্রুত নির্মাণ কৰিছোঁ।


পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, ভাৰতৰ পৰিকাঠামো সলনি হৈছে। বিশ্বৰ বৃহত্তম ছলাৰ উইণ্ড পার্কআজি ভাৰতত নিৰ্মাণ হৈছে। বিশ্বৰ সর্বোচ্চ ৰে'লসেতু আজি ভাৰতত। সমুদ্রপৃষ্ঠৰ পৰা ১০ হাজাৰ ফুটৰো বেছি উচ্চতাত বিশ্বৰ দীর্ঘতম সুৰঙ্গপথ আজি ভাৰতত গঢ়ি উঠিছে। বিশ্বৰ উচ্চতম মটৰযোগ্য স্থল পথো আজি ভাৰতত। বিশ্বৰ বৃহত্তম ক্রিকেট ষ্টেডিয়াম আজি ভাৰতত। বিশ্বৰ সবাতোকৈ ওখ মূর্তি আজি ভাৰতত। এছিয়াৰ দ্বিতীয় বৃহত্তম ৰে'-পথ সেতুখনো ভাৰতত। আজি ভাৰত বিশ্বৰ সেই সমস্ত দেশৰ ভিতৰত অন্যতম য'গ্রিন হাইড্রোজেনবা পৰিৱেশবান্ধৱ হাইড্রোজেনক লৈ ইমান ডাঙৰ কাম কৰা হৈছে।


বন্ধুসকল,
এই কাৰ্যকালত আৰু আগৰ কাৰ্যকালত আমাৰ চৰকাৰৰ কামৰ ফল আজি সমগ্ৰ দেশে দেখিছে। আজি দেশৰ বিশ্বাস দৃঢ় হৈ উঠিছে যে এতিয়া ভাৰতৰ উন্নয়ন যাত্রা স্তব্ধ নহয়। আপুনি জানে যে আমাৰ প্রথম কাৰ্যকালৰ আৰম্ভণিতে, ভাৰত বিশ্ব অর্থনীতিত ১০ নম্বৰত আছিল। যেতিয়া দেশৰ মানুহে আমাক দায়িত্ব দিছে,  কাম দিছে, তেতিয়া আমি দহ নম্বৰত আছিলোঁ। দ্বিতীয় কাৰ্যকালত, আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি। আৰু মই কথাৰ কথা নহয়, ট্রেক ৰেকর্ডৰ ভিত্তিত এই কথা কৈছোঁ।


মই দেশক আশ্বস্ত কৰিম যে তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ প্রথম তিনিটা অর্থনীতিৰ এটা হ'ব। অর্থাৎ বন্ধুসকল, তৃতীয় কাৰ্যকালত ভাৰত গর্বেৰে প্রথম তিনিখন অর্থনীতিৰ দেশৰ অন্যতম হৈ উঠিব। তৃতীয় কাৰ্যকালত- ভাৰত যে শীর্ষ তিনিটা অর্থনীতিৰ অন্যতম হৈ উঠিবই এয়া মোদীৰ গেৰান্টি। মই দেশবাসীক আশ্বস্ত কৰিছোঁ যে ২০২৪ চনৰ পাছত আমাৰ তৃতীয় কাৰ্যকালত দেশৰ উন্নয়নৰ যাত্রা আৰু দ্রুত আগুৱাই যাব। আৰু আমাৰ তৃতীয় কাৰ্যকালত, আপোনালোকে নিজৰ চকুৰ আগত নিজৰ সপোনবোৰ পূৰণ হোৱা দেখিব।

বন্ধুসকল,

আজি ভাৰতত নতুন নতুন নির্মাণৰ বিপ্লৱ চলিছে। বিগত ৯ বছৰত, ভাৰতত আধুনিক পৰিকাঠামো নির্মাণৰ বাবে প্রায় ৩৪ লাখ কোটি টকা ব্যয় কৰা হৈছে। চলিত বছৰৰ বাজেটতো মূলধন ব্যয় ৰখা হৈছে ১০ লাখ কোটি টকা। নতুন নতুন বিমানবন্দৰ, নতুন নতুন এক্সপ্রেছৱে, নতুন নতুন ৰে'ল ৰুট, নতুন নতুন উন্নতমানৰ সেতু, নতুন নতুন হাস্পতাল, যি গতি আৰু মাপত ভাৰতে আজি কাম কৰিছে সেয়া সঁচাই নজিৰবিহীন।

বিগত ৭০ বছৰত, মই অন্য কাৰোবাৰ সমালোচনা কৰাৰ বাবে কোৱা নাই, তথাপি হিচাপৰ বাবে কিছু প্রসঙ্গ প্রয়োজন। আৰু সেয়ে সেই ৰেফাৰেন্সৰ ভিত্তিতেই কথা কৈছোঁ। স্বাধীনতাৰ পাছত বিগত ৭০ বছৰত ভাৰতত প্রায় ২০ হাজাৰ কিলোমিটাৰ ৰে'ললাইন বৈদ্যুতিকীকৰণ হৈছিল। তাত বিগত ৯ বছৰত ভাৰতত প্রায় ৪০ হাজাৰ কিলোমিটাৰ ৰে'ললাইন বিদ্যুতায়িত হৈছে। ২০১৪ চনৰ আগতে, প্রতি মাহত মাত্র ৬০০ মিটাৰ, কিলোমিটাৰ নাভাবিব, আমাৰ দেশত মাত্র ৬০০ মিটাৰকৈ নতুন মেট্রো লাইন বহুওৱা হৈছিল। আজি, ভাৰতত প্রতি মাহত ৬ কিলোমিটাৰকৈ নতুন মেট্রো লাইনৰ কাম সম্পূৰ্ণ কৰা হৈছে।

২০১৪ চনৰ আগতে দেশত ৪ লাখ কিলোমিটাৰৰো কম গ্রামীণ স্থলপথ আছিল। বর্তমান দেশত ৭ লাখ ২৫ হাজাৰ কিলোমিটাৰৰ বেছি গ্রামীণ পথ আছে। ২০১৪ চনৰ আগতে, আমাৰ দেশত প্রায় ৭০টা বিমানবন্দৰ আছিল। বর্তমান দেশত বিমানবন্দৰৰ সংখ্যাও বাঢ়ি এতিয়া প্রায় দেড়শ হৈছেগৈ। ২০১৪ চনৰ আগতে, চহৰৰ চিটি গেছ বিতৰণ ব্যৱস্থাও দেশৰ মাত্র ৬০খন চহৰত আছিল। এতিয়া চিটি গেছ বিতৰণ ব্যৱস্থা দেশৰ ৬০০খনৰো বেছি চহৰত পাইছে।

বন্ধুসকল,

আজি পৰিৱর্তিত ভাৰতে পুৰণি চেলেঞ্জবিলাক দূৰ কৰি আগুৱাই গৈছে। আমি প্রতিটো সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত জোৰ দিছোঁ। আৰু ইয়াৰ এটা উদাহৰণ প্রধানমন্ত্রী গতিশক্তি নেশ্যনেল মাষ্টাৰ প্ল্যান। ইণ্ডাষ্ট্ৰিৰ বন্ধুসকল ইয়াত বহি আছে, মই বিচাৰোঁ যে আপোনালোকে ঘৰলৈ উভতি গৈ সেই পর্টেলটো চাওক। প্রধানমন্ত্রী গতিশক্তি নেশ্যনেল মাষ্টাৰ প্ল্যানে দেশত ৰে'লপথ স্থলপথৰ দৰে ভৌতিক পৰিকাঠামো নির্মাণৰ ক্ষেত্রত, স্কুল-হাস্পতাল নির্মাণৰ ক্ষেত্রত, এই ধৰণৰ যাৱতীয় সামাজিক পৰিকাঠামো নির্মাণৰ ক্ষেত্রত এক বিশাল গেম চেঞ্জাৰ হিচাপে প্রমাণিত হ'বলৈ গৈ আছে। ইয়াত বিভিন্ন পর্যায়ৰ ১৬০০টাৰো বেছি বিভিন্ন স্তৰৰ তথ্যাৱলীক ইতিমধ্যেই ডিজিটেল প্লেটফর্মলৈ তুলি অনা হৈছে। চেষ্টা কৰা হৈছে যাতে দেশৰ সময় আৰু দেশৰ অর্থ যেন আগৰ দৰে নষ্ট নহয়।

বন্ধুসকল,

ভাৰতৰ সন্মুখত আজি বিশাল সুযোগ। আজিৰ পৰা এশ বছৰৰ আগতে, মই বিগত শতাব্দীৰ কথা কৈছোঁ, ১০০ বছৰৰ আগতে যেতিয়া ভাৰতে স্বাধীনতাৰ বাবে যুদ্ধ কৰিছিল, বিগত শতাব্দীৰ সেই তৃতীয় দশকৰ পৰিস্থিতিৰ দিশত মই আপোনালোকৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰোঁ। মনত ৰাখিব ১৯২৩- ১৯৩০ কালখণ্ড, বিগত শতাব্দীৰ তৃতীয় দশকটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ আছিল। একেদৰে একবিংশ শতাব্দীৰ এই তৃতীয় দশকো সমান গুৰুত্বপূর্ণ হৈ উঠিছে।

বিগত শতাব্দীৰ তৃতীয় দশকত আকাংক্ষা আছিল স্বাধীনতা, লক্ষ্য আছিল স্বশাসন, আৰু আজি লক্ষ্য হ'ল এখন সমৃদ্ধ ভাৰত, এখন উন্নত ভাৰত। বিগত শতাব্দীৰ তৃতীয় দশকত দেশে মুক্তিৰ পথত যাত্রা কৰিছিল, স্বাধীনতাৰ প্রতিধ্বনি শুনা গৈছিল দেশৰ অৰঙে দৰঙে। স্বৰাজ আন্দোলনৰ সমস্ত ধাৰা, সমস্ত ধাৰণা সেয়া লাগে বিপ্লৱৰ পথেই হওক বা অসহযোগৰ পথ; সমস্ত পথেই আছিল সম্পূর্ণ সচেতন, শক্তিৰে পৰিপূর্ণ, যাৰ ফলশ্রুতিত ২৫ বছৰৰ ভিতৰত দেশ স্বাধীন হৈছে। আমাৰ স্বাধীনতাৰ স্বপ্ন পূৰণ হৈছে। আৰু বর্তমান শতাব্দীৰ এই তৃতীয় দশকত, অহা ২৫ বছৰৰ বাবে আমাৰ লক্ষ্য হৈছে দেশক এখন আত্মনির্ভৰ আৰু  উন্নত দেশত পৰিণত কৰা। আমি ইতিমধ্যেই এখন আত্মনির্ভৰ ভাৰত, এখন উন্নত ভাৰতৰ স্বপ্ন লৈ যাত্রা আৰম্ভ কৰিছোঁ। অহা ২৫ বছৰত আমি ভাৰতক সেই উচ্চতা দিব লাগিব, আমি সেই সাফল্যত উপনীত হ'ব লাগিব, যাৰ স্বপ্ন প্রত্যেক স্বাধীনতা সংগ্রামীয়ে দেখিছিল।

আজি সমস্ত দেশবাসী, ১৪০ কোটি ভাৰতীয়ই এই সংকল্প বাস্তৱায়নৰ বাবে দিন-ৰাতি এক কৰি কাম কৰিব লাগিব। আৰু বন্ধুসকল, নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, চকুৰ আগত এটাৰ পাছত এটা সাফল্য দেখিছোঁ। মই দেশৰ শক্তিক ভালদৰেই বুজিছোঁ, দেশৰ সম্ভাৱনাক জানো আৰু তাৰ ভিত্তিতেই কৈছোঁ, মই বহু আত্মবিশ্বাসেৰে কওঁ, ভাৰত মণ্ডপত থিয় হৈ, মই এই যোগ্য লোকসকলৰ সন্মুখত কৈছোঁ যে ভাৰতে উন্নয়ন কৰিব পাৰে, ভাৰত অৱশ্যেই উন্নত দেশত পৰিণত হ'ব পাৰে। ভাৰতে দাৰিদ্র্য দূৰ কৰিব পাৰিব, অৱশ্যেই পাৰিব। আৰু আজি মই আপোনালোকক ক'ব খোজোঁ যে মোৰ এই বিশ্বাসৰ অন্তৰালত কি ভিত্তি আছে!

নীতি আয়োগৰ ৰিপোর্টত প্রকাশ কৰা হৈছে যে ভাৰতত বিগত মাত্র পাঁচ বছৰত ১৩.৫ কোটি মানুহ দাৰিদ্র্যসীমাৰ পৰা ওলাই আহিছে। অন্যান্য আন্তর্জাতিক সংস্থাসমূহেও কৈছে যে ভাৰতত চৰম দাৰিদ্র্য শেষ হোৱাৰ পথত। অর্থাৎ বিগত ৯ বছৰত দেশত যি নীতিমালা আমি তৈয়াৰ কৰিছোঁ, আমাৰ চৰকাৰে যি যি সিদ্ধান্ত লৈছে, সেইবোৰে দেশক সঠিক পথত লৈ গৈছে।

বন্ধুসকল,

দেশৰ উন্নয়ন তেতিয়াই হয় যেতিয়া চৰকাৰৰ সন্মুখত স্পষ্ট উদ্দেশ্য, সঠিক নীতি আৰু দেশত অর্থৱহ পৰিৱর্তন অনাৰ উপযুক্ত নীতিমালা থাকে। ভাৰতৰ অধ্যক্ষতাৰ সময়কালত সমগ্ৰ দেশত আয়োজিত জি-২০ শীর্ষ সন্মিলনৰ নানা অনুষ্ঠানো ইয়াৰ একোটা অনুপ্রেৰণামূলক উদাহৰণ। আমি জি-২০ক কেৱল ৰাজধানী বা একোখন চহৰ, একোখন ঠাইত সীমাবদ্ধ ৰখা নাই। আমি দেশৰ ৫০খনৰো বেছি চহৰত জি-২০ সন্মিলনৰ আয়োজন কৰিছোঁ। আমি ইয়াৰ মাধ্যমত অন্যান্য দেশৰ মাননীয় প্রতিনিধিসকলৰ সন্মুখত  ভাৰতৰ বৈচিত্র্যক তুলি ধৰিছোঁ। আমি বিশ্বক দেখুৱাইছোঁ ভাৰতৰ প্রকৃত সাংস্কৃতিক শক্তি কি, ভাৰতৰ ঐতিহ্য কেনেকুৱা, বৈচিত্র্যৰ মাজতো ভাৰত কেনেকৈ আগুৱাই গৈছে। ভাৰতে কেনেকৈ প্রতিনিয়ত বৈচিত্র্যক উদযাপন কৰে।

আজি সমগ্ৰ বিশ্বৰ পৰা মানুহ ভাৰতলৈ আহিছে এইবোৰ অনুষ্ঠানত ভাগ ল'বলৈ। জি-২০ সন্মিলনবোৰৰ বাবে বহু চহৰত নতুন নতুন পৰিসেৱা গঢ়ি তোলা হৈছিল, পুৰণি পৰিসেৱাবোৰৰ আধুনিকীকৰণ কৰা হৈছিল। ইয়াত দেশৰ উপকাৰ হৈছে, দেশৰ মানুহৰ উপকাৰ হৈছে। আৰু এয়াই সুশাসন, এয়াই তো গুড গভৰ্ণেন্স। নেশ্যন ফাৰ্ষ্টবা দেশ সর্বাগ্রে, আৰু চিটিজেন ফাৰ্ষ্টবা নাগৰিক সর্বাগ্রেৰ চেতনা অনুসৰণ কৰি আমি ভাৰতক উন্নত ভাৰতত পৰিণত কৰাৰ পথত আগুৱাই গৈছোঁ।

বন্ধুসকল,

এই গুৰুত্বপূর্ণ উদ্বোধন অনুষ্ঠান উপলক্ষে আপোনালোক সকলো ইয়ালৈ অহা মানেই আপোনালোকে নিজৰ হৃদয়ৰ কোণত ভাৰতৰ বাবে যি স্বপ্ন আছে সেইবিলাক লালন পালন কৰাৰ এটি সুযোগ পালে। আৰু এবাৰ, ভাৰত মণ্ডপমৰ দৰে এটি অত্যাধুনিক পৰিসেৱা সম্পন্ন  চমৎকাৰ পৰিকাঠামো উন্নয়নৰ বাবে মই দিল্লীৰ জনসাধাৰণক আৰু দেশৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। আৰু আপোনালোক ইয়াত ইমান বিপুল সংখ্যাত আহি হাজিৰ হৈছে, তাৰবাবে মই আকৌ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।

ধন্যবাদ!

**********



(Release ID: 1944181) Visitor Counter : 110