প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চন্দ্ৰযান-৩য়ে আমাৰ দেশৰ আশা আৰু সপোনবোৰ কঢ়িয়াই নিবঃ প্ৰধানমন্ত্ৰী

Posted On: 14 JUL 2023 11:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে৷
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“ভাৰতৰ মহাকাশ খণ্ডৰ ক্ষেত্ৰত ২০২৩ৰ ১৪ জুলাইৰ দিনটো সদায় সোণালী আখৰেৰে খোদিত হৈ থাকিব। আমাৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩য়ে যাত্ৰা কৰিব। এই উল্লেখযোগ্য অভিযানে আমাৰ দেশৰ আশা আৰু সপোন কঢ়িয়াই নিব৷
কক্ষত উত্থান প্ৰক্ৰিয়াৰ পাছত চন্দ্ৰযান-৩ক চন্দ্ৰ স্থানান্তৰকৰণ প্ৰক্ষেপ পথত দিয়া হ’ব৷ ৩,০০,০০০কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি অহা সপ্তাহত চন্দ্ৰত উপনীত হ’ব। যানখনত থকা বৈজ্ঞানিক যন্ত্ৰই চন্দ্ৰৰ পৃষ্ঠভাগ অধ্যয়ন কৰিব আৰু আমাৰ জ্ঞান বৃদ্ধি কৰিব।
আমাৰ বিজ্ঞানীসকলৰ কৃপাত মহাকাশ খণ্ডত ভাৰতৰ এক অতি চহকী ইতিহাস আছে। চন্দ্ৰযান-১ চন্দ্ৰত পানীৰ অণুৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে বিশ্ব চন্দ্ৰ অভিযানৰ মাৰ্গদৰ্শক বুলি বিবেচিত হৈছে। ইয়াক বিশ্বৰ ২০০ৰো অধিক বৈজ্ঞানিক প্ৰকাশনত প্ৰকাশ পাইছিল।
চন্দ্ৰযান-১লৈকে চন্দ্ৰক হাড়ৰ দৰে শুকান, ভূতাত্ত্বিকভাৱে নিষ্ক্ৰিয় আৰু বাস কৰিব নোৱাৰা আকাশী পদাৰ্থ বুলি বিশ্বাস কৰা হৈছিল। এতিয়া ইয়াক পানী আৰু ভূপৃষ্ঠৰ তলৰ বৰফৰ উপস্থিতিৰে গতিশীল আৰু ভূতাত্ত্বিকভাৱে সক্ৰিয় পদাৰ্থ হিচাপে চোৱা হৈছে। হয়তো ভৱিষ্যতে ইয়াত মানুহে বসবাস কৰাৰ সম্ভাৱনা প্ৰকট হ’ব!
চন্দ্ৰযান-২ সমানেই মাৰ্গদৰ্শনকাৰী আছিল কাৰণ ইয়াৰ সৈতে জড়িত অৰ্বিটাৰৰ তথ্যই ৰিম’ট ছেন্সিঙৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ক্ৰ’মিয়াম, মেংগানিজ আৰু ছ’ডিয়ামৰ উপস্থিতি ধৰা পেলাইছিল। ইয়াৰ দ্বাৰা চন্দ্ৰৰ চুম্বকীয় বিৱৰ্তনৰ বিষয়েও অধিক তথ্য পোৱা যাব।

চন্দ্ৰযান-২ৰ পৰা পোৱা মূল বৈজ্ঞানিক ফলাফলসমূহৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিশ্ব মানচিত্ৰত চন্দ্ৰত ছ’ডিয়ামৰ উপস্থিতি, ক্ৰেটাৰৰ আকাৰ বিতৰণৰ জ্ঞান বৃদ্ধি, আইআইআৰএছ যন্ত্ৰৰ সহায়ত চন্দ্ৰৰ পৃষ্ঠৰ পানীৰ বৰফৰ স্পষ্টভাৱে ধৰা পেলোৱা ইত্যাদি উল্লেখযোগ্য। এই মিছনৰ সম্পৰ্কে প্ৰায় ৫০টা প্ৰকাশন প্ৰকাশ পাইছে।
চন্দ্ৰযান-৩ অভিযানৰ বাবে শুভেচ্ছা জনাইছো! এই অভিযান আৰু মহাকাশ, বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আমি কৰা অগ্ৰগতিৰ বিষয়ে অধিক জানিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো। ই আপোনালোক সকলোকে অতিশয় গৌৰৱান্বিত কৰিব।”

 

14th July 2023 will always be etched in golden letters as far as India’s space sector is concerned. Chandrayaan-3, our third lunar mission, will embark on its journey. This remarkable mission will carry the hopes and dreams of our nation. pic.twitter.com/EYTcDphaES

— Narendra Modi (@narendramodi) July 14, 2023


***
DS/AK/DB

 

 



(Release ID: 1940045) Visitor Counter : 103