প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবৰ সৈতে বাৰ্তালাপ কৰে

Posted On: 12 JUL 2023 5:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব মহামহিম শেখ ডঃ মহম্মদ বিন আব্দুলকৰিম আল-ইসাৰ সৈতে অন্তৰ-ধৰ্মীয় আলোচনা, উগ্ৰপন্থী আদৰ্শৰ বিৰোধ, বিশ্বজনীন শান্তিক উদগনি তথা ভাৰত আৰু ছৌদি আৰবৰ মাজত বন্ধুত্ব গভীৰ কৰাৰ ওপৰত বাৰ্তালাপ কৰে।

মহামহিম শেখ ডঃ মহম্মদ বিন আব্দুলকৰিম আল-ইসাৰ দ্বাৰা বৈঠকৰ বিষয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব আৰু মুছলিম বিদ্বানসকলৰ সংগঠনৰ অধ্যক্ষ মহামহিম শেখ ডঃ মহম্মদ বিন আব্দুলকৰিম আল-ইসাৰ সৈতে লগ হৈ আনন্দিত হ'লোঁ। আমি অন্তৰ-ধৰ্মীয় আলোচনা, উগ্ৰপন্থী আদৰ্শৰ বিৰোধ, বিশ্বজনীন শান্তিক উদগনি তথা ভাৰত আৰু ছৌদি আৰবৰ মাজত বন্ধুত্ব গভীৰ কৰাৰ ওপৰত মনোভাবৰ ব্যাপক আদান-প্ৰদান কৰিলোঁ।"

*********



(Release ID: 1939199) Visitor Counter : 89