গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

৫,০০০ কোটি টকা ব্যয় সাপেক্ষে গৃহ মন্ত্ৰালয়ে "ৰাজ্যসমূহত অগ্নি নিৰ্বাপক সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ আঁচনি" আৰম্ভ কৰিছে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ১৩ জুন, ২০২৩ তাৰিখে নতুন দিল্লীত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত সভাপতিত্ব কৰি এই আঁচনি ঘোষণা কৰিছিল

प्रविष्टि तिथि: 05 JUL 2023 7:11PM by PIB Guwahati


কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহত অগ্নি নিৰ্বাপক সেৱা শক্তিশালী কৰাৰ বাবে এনডিআৰএফৰ অধীনত প্ৰস্তুতি আৰু ক্ষমতা নিৰ্মাণ পুঁজিৰ অধীনত নিৰ্ধাৰিত আৱণ্টনৰ পৰা "ৰাজ্যসমূহত অগ্নি নিৰ্বাপক সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ আঁচনি" আৰম্ভ কৰিছে। এই আঁচনিত মুঠ ৫,০০০ কোটি টকা ব্যয় হব। মুঠ ব্যয়ৰ ৫০০ কোটি টকা ৰাজ্যসমূহক তেওঁলোকৰ আইনী আৰু আন্তঃগাঁথনি-আধাৰিত সংস্কাৰৰ আধাৰত প্ৰোৎসাহিত কৰাৰ বাবে ৰখা হৈছে। এই সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্য সচিব আৰু অগ্নি নিৰ্বাপক সেৱাৰ মুৰব্বীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ১৩ জুন, ২০২৩ তাৰিখে নতুন দিল্লীত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীসকলৰ সৈতে বৈঠকত সভাপতিত্ব কৰি এই আঁচনিৰ কথা ঘোষণা কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনত গৃহ মন্ত্ৰালয়ে ভাৰতত দুৰ্যোগৰ বিপদাশংকা হ্ৰাস প্ৰণালী শক্তিশালী কৰি দুৰ্যোগ প্ৰতিৰোধী কৰি তোলাৰ লগতে দুৰ্যোগৰ সময়ত 'শূন্য মৃত্যু' আৰু সম্পত্তিৰ নিম্নতম ক্ষতি সুনিশ্চিত কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে 

এই আঁচনিৰ উদ্দেশ্য হৈছে এনডিআৰএফৰ ভিতৰত অগ্নি সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ কৰা, যাৰ ফলত এনডিআৰএফৰ প্ৰস্তুতি আৰু ক্ষমতা নিৰ্মাণ উপাদানৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ত অগ্নি নিৰ্বাপক সেৱা শক্তিশালী কৰা হ'ব।

আঁচনিখনৰ অধীনত প্ৰকল্প/প্ৰস্তাৱৰ বাবে পুঁজি আৱণ্টনৰ বাবে, সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে এনে প্ৰকল্প/প্ৰস্তাৱৰ মুঠ ব্যয়ৰ ২৫% (উত্তৰ-পূব আৰু হিমালয় (এনইএইচ) ৰাজ্যৰ বাহিৰে, যিবোৰে ১০% অৱদান আগবঢ়াব) তেওঁলোকৰ বাজেটীয় সম্পদৰ পৰা যোগান ধৰিব লাগিব। 

আঁচনিখনৰ সবিশেষ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৱেবছাইট https://ndmindia.mha.gov.in পৰা ডাউনলোড কৰিব পাৰে।


*************************

 


(रिलीज़ आईडी: 1937678) आगंतुक पटल : 178
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Punjabi , Kannada