পোষ্ট কৰা হৈছে:
08 JUN 2023 10:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰী ৰাজকুমাৰ মহম্মদ বিন ছলমান বিন আব্দুলাজিজ আল সাউদৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ কেইবাটাও বিষয় পৰ্যালোচনা কৰি পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন বহুপক্ষীয় আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে।
২০২৩ চনৰ এপ্ৰিল মাহত ছুডানৰ পৰা জেদ্দা হৈ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাৰ সময়ত ছৌদি আৰবে আগবঢ়োৱা উৎকৃষ্ট সহায়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশখনক ধন্যবাদ জনায়। আগন্তুক হজ তীৰ্থযাত্ৰাৰ বাবেও তেওঁ সকলোকে শুভেচ্ছা জনায়।
ৰাজকুমাৰ মহম্মদ বিন ছলমানে ভাৰতৰ চলি থকা জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে ভাৰতৰ পদক্ষেপক তেওঁৰ সম্পূৰ্ণ সমৰ্থন জনায় আৰু তেওঁ ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী বুলি কয়।
দুয়োগৰাকী নেতাই ভৱিষ্যতে যোগাযোগ অব্যাহত ৰাখিবলৈ সহমতত উপনীত হয়।
***