গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন দেশবাসীৰ বাবে উৎসৰ্গিত কৰিছে, এই ভৱনটো কেৱল জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ স্থলেই নহয়, অমৃতকালৰ সময়ত প্ৰতিটো ক্ষেত্ৰতে উৎকৃষ্টতাৰ দিশত ভাৰতৰ যাত্ৰাৰ আৰম্ভণি বিন্দু

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে শ্ৰম যোগীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে যিয়ে অভিলেখ সময়ত নতুন সংসদ ভৱন গঢ়ি তুলি দেশবাসীৰ সপোন পূৰণ কৰিছে

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা চেংগোল স্থাপনে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু বৰ্তমান সময়ৰ মাজত এক সেঁতুৰ সৃষ্টি কৰিছে

ই ভাৰতৰ আগন্তুক প্ৰজন্মক আমাৰ সমৃদ্ধ সংস্কৃতিত ন্যায়পৰায়ণতাৰ গুৰুত্ব সম্পৰ্কে সচেতন কৰিব

Posted On: 28 MAY 2023 3:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে।

এক টুইটযোগে শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনটো দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিছে। তেওঁ কয় যে এই ভৱনটো কেৱল জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ স্থলেই নহয়, অমৃতকালৰ সময়ত প্ৰতিটো ক্ষেত্ৰতে উৎকৃষ্টতাৰ দিশত ভাৰতৰ যাত্ৰাৰ আৰম্ভণি বিন্দু।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে শ্ৰম যোগীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে যিসকলে অভিলেখ সময়ত নতুন সংসদ ভৱন গঢ়ি তুলি দেশবাসীৰ সপোন পূৰণ কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা চেংগোল স্থাপনে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু বৰ্তমান সময়ৰ মাজত এক সেঁতুৰ সৃষ্টি কৰিছে। ই ভাৰতৰ আগন্তুক প্ৰজন্মক আমাৰ সমৃদ্ধ সংস্কৃতিত ন্যায়পৰায়ণতাৰ গুৰুত্ব সম্পৰ্কে সচেতন কৰিব।

 

******



(Release ID: 1928216) Visitor Counter : 108