প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ-জেনেৰেলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 24 MAY 2023 11:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ২৪ মে’ত অষ্ট্ৰেলিয়াৰ ছিডনীস্থিত এডমিৰালটি হাউচত অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ-জেনেৰেল মহামহিম ডেভিদ হাৰ্লিৰে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ২০১৯ত নিউ চাউথ ৱেলছৰ গৱৰ্ণৰ হিচাপে ভাৰত ভ্ৰমণৰ সময়ত তেওঁক লগ পোৱাৰ কথা স্মৰণ কৰে।

দুয়োজন নেতাই দীৰ্ঘ-দিনীয়া দ্বিপাক্ষিক অংশীদাৰিত্ব সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াত ভাৰতীয় সমাজখনৰ ইতিবাচক অৱদান আৰু দুয়োখন দেশৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাত তেওঁলোকৰ ভূমিকাৰ শলাগ লয়।

*****



(Release ID: 1927945) Visitor Counter : 74