গৃহ মন্ত্ৰালয়

মুম্বাইত আজি সামৰণি পৰিল জি-২০ৰ দ্বিতীয় দুৰ্যোগ ক্ষতিশংকা হ্ৰাস কৰ্মী গোট (ডিআৰআৰডব্লিউজি)ৰ বৈঠক

অহা তিনি বছৰৰ বাবে ডিআৰআৰডব্লিউজিৰ ৰোডমেপ সন্দৰ্ভত আলোচনা জি-২০ দেশৰ প্ৰতিনিধিবৰ্গৰ

২৪-২৬ জুলাই, ২০২৩ত চেন্নাইত ভাৰতৰ জি-২০ অধ্যক্ষতাত ডিআৰআৰডব্লিউজিৰ তৃতীয় বৈঠক অনুষ্ঠিত হ’ব

Posted On: 25 MAY 2023 5:40PM by PIB Guwahati

জি-২০ পৰিষদৰ দ্বিতীয় দুৰ্যোগ ক্ষতিশংকা হ্ৰাস কৰ্মী গোট (ডিআৰআৰডব্লিউজি)ৰ বৈঠক আজি মুম্বাইত সামৰণি পৰে৷ বৈঠকত দুৰ্যোগ ক্ষতিশংকা হ্ৰাস সন্দৰ্ভত আলোচনা কেন্দ্ৰীয় বিষয়বস্তু হিচাপে দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনি আৰু দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে বিত্তায়নৰ গুৰুত্ব সম্পৰ্কে বুজিবলৈ কাৰিকৰী আৰু কাৰ্যকৰী পৰ্যায়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

প্ৰতিনিধিসকলে আলোচনা কৰে যে আন্তঃগাঁথনি প্ৰকল্পত বিনিয়োগক সমৰ্থন কৰা, পৃথকীকৰণ এৰাই চলা আৰু এনে আন্তঃগাঁথনি প্ৰকল্পৰ ৰূপায়ণ প্ৰসাৰিত কৰা প্ৰতিষ্ঠানিক পৰিকাঠামো বাঞ্ছনীয় আৰু জি-২০ দেশসমূহৰ ৰাষ্ট্ৰীয় আইনী পৰিকাঠামোত ইয়াক উৎসাহিত কৰা উচিত। ইয়াৰ উপৰিও অতি দুৰ্বল জনসংখ্যাৰ ওপৰত দুৰ্যোগৰ প্ৰভাৱ কম কৰাত সামাজিক সুৰক্ষা ব্যৱস্থাৰ ভূমিকা আলোচনাৰ এটা মূল বিষয় আছিল।

জি-২০ দেশসমূহৰ পৰা ভাল পদ্ধতি আৰু গৱেষণাৰ ফলাফল আদান-প্ৰদানৰ বিষয়েও আলোচনা কৰা হয়। ডিআৰআৰডব্লিউজিৰ অধ্যক্ষ (ভাৰত) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এনডিএমএ) সদস্য-সচিব কমল কিশোৰে এনে তথ্য সংকলন আৰু আগতীয়া সতৰ্কবাণী আৰু আগতীয়া ব্যৱস্থা, দুৰ্যোগৰ বাবে সুস্থিৰ আন্তঃগাঁথনি আৰু বিত্তীয় সাহায্যৰ ক্ষেত্ৰত সংক্ষিপ্তকৰণৰ সহ-বিকাশৰ জৰিয়তে বিপদ হ্ৰাস কৰাত সহযোগিতা আগবঢ়ায়। চৰকাৰী প্ৰতিনিধি, ডিআৰআৰ বিশেষজ্ঞ, ৰাষ্ট্ৰসংঘৰ সংস্থাৰ বিষয়া, সম্প্ৰদায়ভিত্তিক সংস্থা, বহুপক্ষীয় উন্নয়ন বেংক আৰু বিত্তীয় গোটৰ প্ৰতিনিধি আৰু গৱেষণা সংস্থাসমূহে দ্বিতীয় ডিআৰআৰডব্লিউজি বৈঠকৰ অংশগ্ৰহণকাৰী গঠন কৰে। এই আলোচনাত গুৰুত্বপূৰ্ণ অংশীদাৰ দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে মৈত্ৰী (চিডিআৰআই)ও উপস্থিত থাকে।

মুম্বাইত অনুষ্ঠিত হোৱা দ্বিতীয় ডিআৰআৰডব্লিউজি বৈঠকৰ সময়ত ১২২গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ বৈঠকত ব্যক্তিগত খণ্ডৰ সৈতে এক ঘুৰণীয়া মেজমেজত দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাসৰ বিত্তীয় সাহায্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল৷ এই আলোচনাৰ লক্ষ্য ডিআৰআৰ স্থান লাভজনক বুলি বিবেচনা কৰাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বুজি পোৱা।

কাৰিকৰী অধিবেশনৰ সময়ত জি-২০ দেশসমূহে অহা তিনি বছৰৰ বাবে ডিআৰআৰডব্লিউজিৰ বাবে ৰোডমেপ সম্পৰ্কে আলোচনা কৰে। এই পদক্ষেপক আগুৱাই নিয়াৰ বাবে ট্ৰ’ইকা দেশ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মালিকীস্বত্বৰ বীজ সিঁচিব বুলি ভাৰতৰ অধ্যক্ষতাই বিশ্বাস কৰে। আশা কৰা হৈছে যে দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাস কৰাটো নীতিগত স্থানত মূলসুঁতিলৈ অনা হ’ব আৰু ডিআৰআৰৰ বাবে বিত্তীয় যন্ত্ৰ আৰু ব্যৱস্থাই দুৰ্যোগৰ সঁহাৰিৰ পৰা আগতীয়াকৈ কৰা ব্যৱস্থা আৰু বিপদ হ্ৰাস কৰাৰ ক্ষেত্ৰত আৰ্হিটোক স্থানান্তৰিত কৰাত সহায় কৰিব।

উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডভাৰতী প্ৰবীণ পাৱাৰ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(এনডিএমএ)ৰ সদস্য সচিব কমল কিশোৰ উপস্থিত থাকে৷ বৈঠকত গৃহ পৰিক্ৰমা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আু মহাৰাষ্ট্ৰ চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে৷ উল্লেখ্য যে প্ৰতিনিধিসকলৰ সৈতে ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ সচিব প্ৰধানৰ বিশেষ সচিব মামী মিজোটৰীও উপস্থিত থাকে৷

ভাৰতৰ জি-২০ অধ্যক্ষতাত ২৪ৰ পৰা ২৬ জুলাই, ২০২৩লৈ চেন্নাইত ডিআৰআৰডব্লিউজিৰ তৃতীয় বৈঠক অনুষ্ঠিত হ’ব৷ চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিলত গান্ধীনগৰত ডিআৰআৰডব্লিউজিৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল৷

 

* * *



(Release ID: 1927659) Visitor Counter : 157