প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অষ্ট্ৰেলিয়াৰ বিশিষ্ট ব্যক্তিত্বৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
Posted On:
23 MAY 2023 11:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিডনীত পৃথককৈ অনুষ্ঠিত বৈঠকত অষ্ট্ৰেলিয়াৰ কেবাগৰাকী বিশিষ্ট ব্যক্তিৰে মিলিত হয়। এই ব্যক্তিসকলৰ ভিতৰত আছে:
- পদাৰ্থ বিজ্ঞানৰ ‘নবেল বঁটা বিজয়ী’ আৰু কেনবৰাৰ ‘অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্চিটী’ৰ উপাচাৰ্য তথা সভাপতি অধ্যাপক ব্ৰায়ান পি শ্মিট,
- শ্ৰীযুত মাৰ্ক বাল্লা, বাণিজ্য বিশেষজ্ঞ আৰু মানৱীয় বিষয়ত দক্ষ ৰাজহুৱা বক্তা
- শ্ৰীমতী ডেনিয়েল মেট ছুলিভান, আদিবাসী শিল্পী
- শ্ৰীমতী চাৰাহ টড, আন্তৰ্জাতিক ৰান্ধনী, ৰেষ্টুৰেটৰ, টিভি হোষ্ট, অধ্যক্ষ আৰু উদ্যোগী
- ছিডনীৰ নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বুদ্ধিমত্তা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী অধ্যাপক টবি ৱালছ
- সহযোগী অধ্যাপক ছালভাটৰ বেবোনছ, সমাজবিজ্ঞানী, গৱেষক আৰু লেখক
- শ্ৰীযুত গাই থিঅ'ডৰ ছেবাষ্টিয়ান, আগশাৰীৰ অষ্ট্ৰেলিয়ান গায়ক
প্ৰধানমন্ত্ৰীয়ে নিজ নিজ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে আৰু ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্ক শক্তিশালী কৰাত অৰিহণা যোগাবলৈ উৎসাহিত কৰে।
*****
(Release ID: 1926847)
Visitor Counter : 126
Read this release in:
Gujarati
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam