গৃহ মন্ত্ৰালয়

২৩-২৫ মে’, ২০২৩ ত মুম্বাইত অনুষ্ঠিত হ'ব ‘জি ২০’-ৰ ‘দুৰ্যোগ বিপদাশংকা হ্ৰাস সম্পৰ্কীয় কাৰ্যকৰী গোট’ (ডিআৰআৰডব্লিউজি)ৰ দ্বিতীয় বৈঠক

‘ডিআৰআৰডব্লিউজি’-ৰ বৈঠকত মুখ্য প্ৰাথমিকতা প্ৰদান কৰা পাঁচটা খণ্ড সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব

‘জি ২০’-ৰ প্ৰতিনিধিসকলে পৰিদৰ্শন কৰিব ‘বিএমচি’ৰ নিয়ন্ত্ৰণ কক্ষ

Posted On: 18 MAY 2023 6:10PM by PIB Guwahati

বাৰিষাৰ সময়ত ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱা সমস্যাৰ সন্মুখীন হোৱা মহানগৰ বুলি জনা যায় মুম্বাইক। ২০০৫ চনৰ ২৬ জুলাইত মুম্বাই মেট্ৰ'পলিটান অঞ্চলত অভিলেখ পৰিমাণৰ বৰষুণ আৰু পৰৱৰ্তী সময়ত হোৱা বানৰ ফলত ধন-জনৰ বিস্তৰ ক্ষতিৰ হোৱাৰ কথা সকলোৰে মনত আছে।   ‘ডিআৰআৰডব্লিউজি’-ৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰা ‘জি-২০’ৰ প্ৰতিনিধিসকলে ‘বিএমচি’ৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বাৰিষাৰ সময়ত হোৱা প্ৰচুৰ বৰষুণ আৰু বানৰ মোকাবিলা কৰাৰ বাবে ‘মুম্বাই পৌৰ নিগম’-য়ে কেনেদৰে প্ৰযুক্তি-আধাৰিত সমাধানসূত্ৰ যুগুতাই উলিয়াইছে সেয়া চাবলৈ যাব।
মুম্বায়ে ২৩-২৫ মে’, ২০২৩ তাৰিখে ‘জি-২০’ দেশসমূহৰ ‘দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যকৰী গোট’ৰ দ্বিতীয়খন বৈঠক আয়োজন কৰিছে আৰু এই বৈঠকত আলোচনাৰ বাবে গ্ৰহণ কৰা পাঁচটা মুখ্য প্ৰাথমিকতা প্ৰদান ক্ষেত্ৰ হৈছে ‘আগতীয়া সতৰ্কবাণী’, ‘নমনীয় আন্তঃগাঁথনি’, ‘ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সঁহাৰি’, ‘উন্নত আৰু প্ৰকৃতি-আধাৰিত সমাধানসূত্ৰ’ নিৰ্মাণ কৰা।
২০০৫ চনত মুম্বাইত হোৱা বানৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে ‘মাধৱৰাও চিতালে তথ্য অনুসন্ধান সমিতি’ গঠন কৰিছিল, যিয়ে ইয়াৰ প্ৰতিবেদনত ‘বিএমচি’ৰ সংবেদনশীল এলেকাসমূহত ‘পাম্পিং ষ্টেশ্যন’ স্থাপনকে ধৰি বিভিন্ন ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছিল।
মুম্বাইত জোৱাৰৰ সময়ত বৰষুণৰ পানী সাগৰলৈ প্ৰবাহিত নহয়, সাগৰৰ পানীৰ স্তৰে বৰষুণৰ পানী চহৰৰ পথসমূহলৈ ঘূৰাইহে পঠায় যাৰ ফলত মুম্বাইৰ বিভিন্ন নিম্ন অঞ্চলসমূহত পানী জমা হয়।  এই পৰিস্থিত এৰাই চলিবলৈ আৰু পানী নিষ্কাশন কৰিবলৈ, ‘পাম্পিং ষ্টেশ্যন’সমূহে উচ্চ অশ্বশক্তিসম্পন্ন পানী নিষ্কাশন পাম্পেৰে বৰষুণৰ পানী সাগৰলৈ ঠেলি পঠায়। ইয়াৰ ফলত বৰষুণৰ পানী অতি দ্ৰুতগতিত নিষ্কাশিত হয়। অতিৰিক্ত পৌৰ আয়ুক্ত শ্ৰী পি ভেলৰাচুৱে কয় যে ধাৰাসাৰ বৰষুণৰ সময়ত সাম্ভাব্য দুৰ্যোগ পৰিহাৰ কৰাত এই ‘পাম্পিং ষ্টেশ্যন’সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
‘বিএমচি’য়ে বৰষুণৰ পানীৰ দ্ৰুত নিষ্কাশনৰ বাবে ‘পাম্পিং ষ্টেশ্যন’ আৰু ভূগৰ্ভস্থ জলাধাৰ নিৰ্মাণ কৰিছে। মুম্বাইৰ ভৌগোলিক অৱস্থান আৰু ধাৰাসাৰ বৰষুণৰ সময়ত বৰষুণৰ পানীৰ কাৰ্যকৰী নিষ্কাশনৰ কথা বিবেচনা কৰি হাজী আলী, লাভগ্ৰোভ (ৱৰ্লি), ক্লিভলেণ্ড বাণ্ডাৰ (ৱৰ্লি ভিলেজ), ব্ৰিটানিয়া (ৰে’ ৰোড), ইৰলা (জুহু) আৰু গজধৰ বান্ধ (ছাণ্টাক্ৰুজ)ত ছটা ‘পাম্পিং ষ্টেশ্যন’ কাৰ্যক্ষম হৈ আছে। সোনকালেই আৰু দুটা ‘পাম্পিং ষ্টেশ্যন’ যোগ কৰা হ'ব। মুম্বাইৰ আন কিছুমান স্থানত সৰু ‘পাম্পিং ষ্টেশ্যন’বোৰো কাৰ্যক্ষম কৰি ৰখা হৈছে। এই ৬টা ‘অপাৰেশ্যনেল পাম্পিং ষ্টেশ্যন’ত ৪৩টা পাম্প আছে আৰু প্ৰতিটো পাম্পৰ প্ৰতি ছেকেণ্ডত ৬০০০ লিটাৰ পানী উত্তেলনৰ এক স্থাপিত সামৰ্থ্য আছে। ইয়াৰ অৰ্থ হৈছে এই পাম্পসমূহৰ একত্ৰিত পানী উত্তোলন ক্ষমতা হৈছে প্ৰতি ছেকেণ্ডত ২ লাখ ৫৮ হাজাৰ লিটাৰ পানী। এই পাম্পসমূহ ‘কম্পিউটাৰ সঞ্চালিত’ আৰু ধাৰাসাৰ বৰষুণৰ পিছত যেতিয়া বৰষুণৰ পানী পাম্পিং ষ্টেশ্যনৰ ফালে প্ৰবাহিত হয় তেতিয়া স্বয়ংক্ৰিয়ভাৱেই ইহঁতবোৰ কাৰ্যক্ষম হৈ উঠে।
 


হাজী আলী পাম্পিং ষ্টেশ্যন
 

‘বিএমচি’য়ে পেৰেলৰ 'স্বৰ্গীয় প্ৰমোদ মহাজন পাৰ্ক' এলেকাত এটা ভূগৰ্ভস্থ সংৰক্ষণ জলাধাৰো নিৰ্মাণ কৰিছে। এইটো পেৰেলৰ হিন্দমাতা অঞ্চলত বাৰিষাৰ পানী জমা হোৱা সমস্যাৰ মোকাবিলা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। ধাৰাসাৰ বৰষুণৰ সময়ত জমা হোৱা পানী পাম্প কৰি এই জলাধাৰত সংৰক্ষণ কৰা হয়। ২০২২ চনৰ বাৰিষা ভূগৰ্ভস্থ জলাধাৰটোত ২ কোটি লিটাৰ পানী জমা কৰিব পৰা গৈছিল।
ইয়াৰ বাবেই যোৱা বছৰৰ বৰষুণৰ বতৰত অঞ্চলটোত পানী জমা হোৱা নাছিল।

 

২০০৫ চনৰ জুলাই মাহত বানপানী, আৱৰ্জনা আৰু ইয়াৰ পাৰত হোৱা বেদখলৰ পৰিণতিত ‘মিথি নদী’খন ওফণ্ডি উঠাৰ ফলত কেতবোৰ উপনগৰীয় অঞ্চলত বানৰ প্ৰাদুৰ্ভৱ ঘটে। এই গুৰুতৰ সমস্যাৰ সমাধানৰ বাবে ‘বৃহন্মুম্বাই পৌৰ নিগম’য়ে ২০২২ চনৰ ছেপ্টেম্বৰত পোৱাই অঞ্চলত 'মিথি নদীৰ পানীৰ গুণগত মান উন্নয়ন প্ৰকল্প’ আৰম্ভ কৰিছিল বুলি জানিবলৈ দিয়ে অতিৰিক্ত পৌৰ আয়ুক্ত শ্ৰী পি ভেলৰাচুৱে।

 
মিথি নৈ পুনৰুজ্জীৱিতকৰণ প্ৰকল্প
 

‘বৃহন্মুম্বাই পৌৰ নিগম’ৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰিব লগা ‘জি-২০’ দেশৰ প্ৰতিনিধিসকলক মুম্বাই চহৰ আৰু উপনগৰ অঞ্চলৰ নিম্নাঞ্চলত ধাৰাসাৰ বৰষুণ, উচ্চ জোৱাৰৰ ফলত পানী জমা হোৱা সমস্যাৰ সমাধানৰ বাবে ‘বৃহন্মুম্বাই পৌৰ নিগম’-য়ে গ্ৰহণ কৰা এই সকলো পদক্ষেপৰ বিষয়ে অৱগত কৰা হ'ব।
‘ডিআৰআৰডব্লিউজি’ হৈছে ‘জি-২০’ৰ সভাপতিত্ব কালত ভাৰতে গ্ৰহণ কৰা এক পদক্ষেপ। এই বছৰৰ মাৰ্চ-এপ্ৰিল মাহত গান্ধীনগৰত ‘ডিআৰআৰডব্লিউজি’-ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। ‘জি-২০’ত ‘দুৰ্যোগৰ বিপদাশংকা হ্ৰাস’ সম্পৰ্কীয় প্ৰসংগ অন্তৰ্ভুক্ত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা এই পদক্ষেপ হৈছে ২০১৫ ৰ পৰা ২০৩০ৰ ভিতৰত দুৰ্যোগ বিপদাশংকা হ্ৰাস সম্পৰ্কীয় ‘ছেন্দাই ফ্ৰেমৱৰ্ক ফৰ ডিজেষ্টাৰ ৰিস্ক ৰিডাকশ্যন’(ছেন্দাই ফ্ৰেমৱৰ্ক)ৰ এক অংশ। এয়াই আছিল প্ৰথমখন গুৰুত্বপূৰ্ণ চুক্তি যিয়ে সদস্য-ৰাষ্ট্ৰসমূহক দুৰ্যোগৰ বিপদাশংকাৰ পৰা উন্নয়নমূলক লাভসমূহক সুৰক্ষিত কৰাৰ বাবে এক সুদৃঢ় কাৰ্য পৰিকল্পনা গ্ৰহণৰ সুযোগ প্ৰদান কৰিছিল। ‘দুৰ্যোগৰ বিপদাশংকা হ্ৰাস সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ বিশ্ব সন্মিলন’-য়ে ইয়ালৈ অনুমোদন জনাইছিল আৰু 'জীৱন, জীৱিকা আৰু স্বাস্থ্য আৰু ব্যক্তি, ব্যৱসায়, সম্প্ৰদায় আৰু দেশৰ অৰ্থনৈতিক, অৱয়াবয়িক, সামাজিক, সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক সম্পদৰ ক্ষেত্ৰত দুৰ্যোগৰ বিপদাশংকা যথেষ্ট পৰিসৰত হ্ৰাস কৰা'ৰ পক্ষত ওকালতি কৰিছিল। ই স্বীকাৰ কৰে যে ‘দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰা’ৰ বাবে ৰাজ্যৰ এক প্ৰাথমিক ভূমিকা থাকে আৰু সেয়ে স্থানীয় চৰকাৰ আৰু ব্যক্তিগত খণ্ডকে ধৰি অন্যান্য অংশীদাৰসকলে দায়িত্ব ভাগ-বাটোৱাৰা কৰি ল’ব লাগে।
 


* * *  
 



(Release ID: 1925680) Visitor Counter : 162