নৌ-পৰিবহন মন্ত্ৰালয়

ব্ৰহ্মপুত্ৰৰ নিকটৱৰ্তী সাতটা ধৰ্মীয় স্থান সংযোজিত কৰাৰ উদ্দেশ্যে ‘নদীভিত্তিক ধৰ্মীয় পৰ্যটন চাৰ্কিট’ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

এই চাৰ্কিটটোত ব্ৰহ্মপুত্ৰৰ পাৰত থকা সাতটা ঐতিহাসিক মন্দিৰ কামাখ্যা, পাণ্ডুনাথ, অশ্বক্লান্ত, দৌল গোৱিন্দ, উমানন্দ, চক্ৰেশ্বৰ আৰু আউনিআঁটি সত্ৰক সংযোজিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে

৩০ মিনিটৰ মূৰে মূৰে নিৰৱচ্ছিন্ন ফেৰী সেৱা

আইডব্লিউএআই, এছডিচিএল, এটিডিচি আৰু ডিআইডব্লিউটিৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিখন ৪৫ কোটি টকাৰ বিনিয়োগেৰে সম্পাদন কৰা হ'ব

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰিত হয়

Posted On: 19 MAY 2023 1:01PM by PIB Guwahati

ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউএআই), সাগৰমালা উন্নয়ন নিগম লিমিটেড (এছডিচিএল), অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি) আৰু অসম চৰকাৰৰ আভ্যন্তৰীণ জলপথ পৰিবহণ বিভাগ (ডিআইডব্লিউটি)ৰ মাজত 'নদীভিত্তিক ধৰ্মীয় পৰ্যটন চাৰ্কিট''ৰ বিকাশৰ বাবে অসমৰ গুৱাহাটীত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এই ঐতিহাসিক স্বাক্ষৰ অনুষ্ঠানৰ সাক্ষী হৈ ৰয় ৷ এই চুক্তিয়ে অসমৰ নদীৰ পৰ্যটন খণ্ডত এক নতুন অধ্যায় মুকলি কৰিবলৈ সাজু হৈছে।

এই বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটীৰ চাৰিওফালে থকা সাতখন ঐতিহাসিক ধৰ্মীয় স্থানৰ মাজত আধুনিক ফেৰী সেৱাৰ সুবিধা উপলব্ধ হ’ব। এই চুক্তিত সামৰি ল'বলগীয়া ধৰ্মীয় স্থানকেইখন হ’ল- কামাখ্যা, পাণ্ডুনাথ, অশ্বক্লান্ত, দৌল গোৱিন্দ, উমানন্দ, চক্ৰেশ্বৰ আৰু আউনীআঁটি সত্ৰ। ফেৰী টাৰ্মিনেলৰ ৱেটিং লাউঞ্জটো যাত্ৰীসকলৰ বাবে আৰামদায়ক পৰিৱেশ প্ৰদান কৰা  আধুনিক সুবিধাৰে সজ্জিত কৰা হ'ব।

এক বিশেষ উদ্দেশ্য বাহনৰ (এছপিভি) জৰিয়তে সম্পাদন কৰা এই প্ৰকল্পটো ৪৫ কোটি টকা বিনিয়োগেৰে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু অহা ১২ মাহৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰি তোলা হ’ব। এছডিচিএল আৰু আইডব্লিউএআই-য়ে যুটীয়াভাৱে প্ৰকল্প ব্যয়ৰ ৫৫% অৰিহণা যোগাব আৰু বাকীখিনি এটিডিচিয়ে প্ৰদান কৰিব। ডিআইডব্লিউটিয়ে প্ৰকল্পটোৰ বাবে মন্দিৰৰ ওচৰত বিনামূলীয়াকৈ ঘাটৰ ব্যৱহাৰ কৰিবলৈ সন্মতি দিছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "নদীভিত্তিক পৰ্যটন চাৰ্কিটটোৰ উন্নয়ন অসমৰ পৰ্যটন খণ্ডৰ বাবে এক বৃহৎ সাফল্য। মই সুখী যে অসম চৰকাৰৰ সমৰ্থনত আইডব্লিউএআই আৰু এছডিচিএল-য়ে এটিডিচি আৰু আইডব্লিউটিৰ সৈতে একেলগে কাম কৰি এই প্ৰকল্পটো দ্ৰুতগতিত সম্পাদন কৰিব আৰু অসমত নদীৰ পৰ্যটন খণ্ডৰ এক নতুন অধ্যায় উন্মোচন কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত ভাৰতৰ এক্ট ইষ্ট নীতি সমগ্ৰ অঞ্চলৰ মুখ্য উন্নয়নমূলক প্ৰকল্পসমূহত প্ৰতিফলিত হৈছে। আজি আভ্যন্তৰীণ জলপথবোৰে পৰিবহণৰ জৰিয়তে কেনেদৰে পৰিৱৰ্তনৰ সূচনা কৰিব পাৰি তাৰ উদাহৰণ দাঙি ধৰিছে। ব্ৰহ্মপুত্ৰ হৈ অ'ডিচি আৰু অ'ডব্লিউচি কাৰ্গো চলাচলৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ গংগা বিলাসলৈকে, আভ্যন্তৰীণ জলপথৰ বিশাল সম্ভাৱনা উন্মোচন কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত আমি আমাৰ যাত্ৰাত দৃঢ় হৈ আছো যাতে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আভ্যন্তৰীণ জলপথৰ সমৃদ্ধ সম্ভাৱনা বিকশিত হয় আৰু ই নতুন ভাৰতৰ বিকাশৰ ইঞ্জিনক যাতে শক্তি প্ৰদান কৰে।"

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, "আজিৰ ঐতিহাসিক অনুষ্ঠানটোৱে ৰাজ্যখনত পৰ্যটনৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব। এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থাকি মই সুখী হৈছো।  এই প্ৰচেষ্টাৰ বাবে মই বিভাগসমূহলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই আশ্চৰ্যকৰ নদীভিত্তিক চাৰ্কিটৰ জৰিয়তে পৰ্যটকসকলে গুৱাহাটীৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্য উপভোগ কৰিব পাৰিব।"

অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাই আদৰণি ভাষণত কয় যে এই পদক্ষেপক অসমৰ পৰ্যটন উদ্যোগৰ বাবে এক সোণালী যুগৰ আৰম্ভণি বুলি ক’ব পাৰি।  এই বুজাবুজি চুক্তিয়ে অসমৰ নদী পৰ্যটনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যিয়ে ৰাজ্যৰ পৰ্যটন খণ্ডক উদগনি যোগাব বুলিও তেওঁ লগতে কয়।

অনুষ্ঠানটোত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল বৰুৱা; আইডব্লিউএআইৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়; এটিডিচিৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা; এটিডিচিৰ উপাধ্যক্ষ দিলীপ দাস; এছডিচিএলৰ পৰিচালন সঞ্চালক দিলীপ কুমাৰ গুপ্তা তথা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য বিষয়াসকলো উপস্থিত আছিল।

********

 



(Release ID: 1925479) Visitor Counter : 158