বিত্ত মন্ত্ৰালয়
পশ্চিম বংগ আৰু অসমত আয়কৰ বিভাগৰ তালাচী
Posted On:
16 MAY 2023 4:39PM by PIB Guwahati
আয়কৰ বিভাগে পশ্চিম বংগৰ, মুখ্যতঃ উত্তৰ বংগ অঞ্চলত কাম কৰি থকা এটা ব্যৱসায়িক গোটৰ বিৰুদ্ধে এক তালাচী অভিযান চলায়। সংশ্লিষ্ট ব্যৱসায়িক গোটটো এগৰাকী সক্ৰিয় ৰাজনৈতিক ব্যক্তিৰ নিয়ন্ত্ৰণাধীন। ব্যক্তিগৰাকীৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগীৰ বিৰুদ্ধেও অনুসন্ধান চলোৱা হৈছে। গোটটো ‘ৰাইচ ব্ৰান অইল’, সৰিয়হৰ তেল, ‘ডি-অইলড ৰাইচ ব্ৰান’ (ডিঅআৰবি), বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ আৰু ‘ৰিয়েল ইষ্টেট’ আদিৰ উৎপাদন তথা বিক্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যৱসায়ত নিয়োজিত হৈ আহিছে। এই অভিযানত পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ, মালদা, কলকাতা, শিলিগুৰি আৰু অসম তথা ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত বিয়পি থকা গোটটোৰ মুঠ ২৩টা চৌহদ সামৰি লোৱা হৈছে।
অনুসন্ধানত প্ৰকাশ পোৱা তথ্যানুসৰি গোটটোৱে ইয়াৰ উৎপাদন সম্পৰ্কীয় তথ্য-পাতি ফাঁকি দি খোৱা তেল আৰু ‘ডিঅ'আৰবি’-ৰ হিচাপ বিহীন নগদ বিক্ৰী কৰি আহিছিল। তালাচী অভিযানৰ সময়ত নিয়মীয়া ‘বুক অব একাউণ্ট’ত নথিভুক্ত নোহোৱা নগদ লেনদেনৰ কেইবাটাও উদাহৰণ ধৰা পেলোৱা হৈছে। নগদ লেনদেনৰ তথ্য থকা হাতেলিখা টোকা, নথিপত্ৰ আৰু ‘ডিজিটেল প্ৰমাণ’ আদি জব্দ কৰা হৈছে। সমান্তৰাল ভাবে ‘কেচবুক’ আৰু ‘ভুৱা ব্যয়ৰ দাবী’ ধৰা পেলোৱা হৈছে। প্ৰাথমিক অনুসন্ধানত ৪০ কোটি টকাৰো অধিক হিচাপ বিহীন উপাৰ্জনৰ তথ্য লাভ কৰিব পৰা গৈছে।
লগতে, উত্তৰ বংগৰ মালদা জিলাৰ কৃষিজাত সামগ্ৰীৰ এক আগশাৰীৰ ৰপ্তানিকৰ্তা, মুখ্য ব্যৱসায়িক গোটটোৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগীৰ বিৰুদ্ধে চলোৱা তালাচী অভিযানত, ভূমি অধিগ্ৰহণত নগদ পৰিশোধৰ বিৰুদ্ধে প্ৰায় ১৭ কোটি টকাৰ নগদ ধন আদায় সম্পৰ্কীয় আপত্তিজনক নথিপত্ৰ পোৱা গৈছে। অনুসন্ধানত প্ৰায় ১০০ কোটি টকাৰ হিচাপ বিহীন নগদ প্ৰাপ্তি সম্পৰ্কীয় বিৱৰণো পোৱা গৈছে।
তালাচী অভিযানৰ সময়ছোৱাত ১.৭৩ কোটি টকা পৰিমাণৰ হিচাপ বহিৰ্ভুত নগদ ধন জব্দ কৰা হৈছে। আনহাতে, ১ কোটি টকাৰ হিচাপ বিহীন গহনাও জব্দ কৰা হৈছে।
পৰৱৰ্তী পৰ্যায়ৰ তালাচী অভিযান চলি আছে।
****
(Release ID: 1924918)
Visitor Counter : 176