ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
অৰুণাচলপ্ৰদেশ আৰু অসমত চলি থকা খাদী আৰু গ্ৰামোদ্যোগ উন্নয়নমূলক আঁচনি সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কেভিআইচিৰ অধ্যক্ষৰ
Posted On:
13 MAY 2023 4:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ ‘আত্মনিৰ্ভৰশীল ভাৰত (আত্মনিৰ্ভৰ ভাৰত)’ আৰু ‘লোকেল টু গ্লোবেল’ অভিযানক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দুৰ্গম গাঁওসমূহলৈ লৈ যোৱাৰ প্ৰয়াসৰ অংশ হিচাপে খাদী আৰু গ্ৰামোদ্যোগ আয়োগ( কেভিআইচি)ৰ অধ্যক্ষ শ্ৰী মনোজ কুমাৰে অসম আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰে। ৮ মে’ৰ পৰা ১৩ মে’লৈ ভ্ৰমণকালত তেওঁ প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পিএমইজিপি)ৰ হিতাধিকাৰীসকলৰ সৈতে যোগাযোগ কৰাৰ লগতে অৰুণাচল প্ৰদেশত চলি থকা খাদী আৰু গ্ৰামোদ্যোগ উন্নয়ন আঁচনিৰ সৈতে জড়িত কাম-কাজৰ পৰ্যালোচনা কৰে, য’ত তেওঁ প্ৰধানমন্ত্ৰীৰ স্বাৱলম্বী ভাৰত অভিযানত ৰাইজক যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে৷ সৰ্বাধিক সংখ্যক যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে শুকুৰবাৰে টাৱাঙত পিএমইজিপিৰ সজাগতা শিবিৰৰো আয়োজন কৰা হয়।
এই উপলক্ষে কেভিআইচিৰ অধ্যক্ষগৰাকীয়ে সভাত ভাষণ প্ৰসংগত টাৱাং চহৰত ইটানগৰৰ কেভিআইচিৰ উপ-কাৰ্যালয় মুকলি কৰাৰ কথা ঘোষণা কৰে। ইয়াত এটা কাৰ্যালয় খুলিবলৈ টাৱাঙৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল৷ কেভিআইচি ইটানগৰ কাৰ্যালয়ৰ পৰা টাৱাঙলৈ যাবলৈ প্ৰায় ৪৮ ঘণ্টা অৰ্থাৎ ২ দিন সময় লাগে। টাৱাঙত কেভিআইচিৰ উপ-কাৰ্যালয় মুকলি কৰাৰ পিছত ই টাৱাং চহৰৰ যুৱক-যুৱতীসকলৰ বাবে সৰ্বাধিক নিয়োগৰ সুযোগ আৰু প্ৰয়োজনীয়তা পূৰণ কৰিব।
অসমৰ পৰা ৮ মে’ত কেভিআইচিয়ে অধ্যক্ষগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য ভ্ৰমণ আৰম্ভ কৰে৷ ইয়াত দুটা ভিন্ন কাৰ্যসূচীত তেওঁ হিতাধিকাৰীসকলক মৌপালনৰ বাকচ, আচাৰ বনোৱা মেচিন আৰু স্বয়ংক্ৰিয় ধূপ বনোৱা মেচিন বিতৰণ কৰে। তামুলপুৰৰ কুমাৰীকটা গাঁৱত তেওঁ ৫০গৰাকী মৌপালকক ৫০০টা মৌ পালনৰ বাকচ বিতৰণ কৰাৰ বিপৰীতে গুৱাহাটীৰ কেভিআইচি কমপ্লেক্সত ৪০ টা আচাৰ বনোৱা মেচিন আৰু ২০টা স্বয়ংক্ৰিয় ধূপকাঠি বনোৱা মেচিন হিতাধিকাৰীক হস্তান্তৰ কৰে৷ তদুপৰি, একেটা প্ৰক্ৰিয়াতে ইয়াত গ্ৰামোদ্যোগ উন্নয়ন আঁচনিৰ অধীনত ছয়মাইল গুৱাহাটীতো জোতা উদ্যোগৰ সৈতে জড়িত এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হয়।
গুৱাহাটীৰ পৰা টাৱাঙলৈ যোৱাৰ পথত অধ্যক্ষগৰাকীয়ে ৯ মে’ত পশ্চিম কামেং জিলাৰ ব’মডিলাত পিএমইজিপিৰ অধীনত স্থাপন কৰা কেইবাটাও উদ্যোগিক ইউনিটো পৰিদৰ্শন কৰে। তাত থকা যুৱ উদ্যমীসকলক সম্বোধন কৰি অধ্যক্ষগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ নেতা হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। কেভিআইচিৰ থলুৱা স্থানীয় সামগ্ৰীয়ে এতিয়া দ্ৰুতগতিত বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। তেওঁ অৰুণাচল প্ৰদেশৰ যুৱ উদ্যোগীসকলক এনে গুণগত মানৰ স্থানীয় সামগ্ৰী প্ৰস্তুত কৰিবলৈ আহ্বান জনায় যে তেওঁলোকৰ চাহিদা বিশ্বজুৰি বৃদ্ধি পাইছে।
১০ মে'ত শ্ৰী মনোজ কুমাৰে অৰুণাচল প্ৰদেশৰ লহুত গ্ৰামোদ্যোগ বিকাশ যোজনা আৰু প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পিএমইজিপি)ৰ অধীনত এক সজাগতা শিবিৰত অংশগ্ৰহণ কৰে য'ত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু হিতাধিকাৰীয়ে শিবিৰত অংশগ্ৰহণ কৰে। সভাত ভাষণ প্ৰসংগত তেওঁ কয় যে আজি তেওঁ নিজেই অৰুণাচলৰ যুৱক-যুৱতীসকলৰ মাজলৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী কঢ়িয়াই আনিছে, য’ত তেওঁ দেশৰ যুৱক-যুৱতীসকলক চাকৰি প্ৰত্যাশী হোৱাৰ পৰিৱৰ্তে চাকৰি প্ৰদানকাৰী হ’বলৈ আহ্বান জনাইছে।
ই উপলক্ষে অধ্যক্ষগৰাকীয়ে লহুস্থিত খাদী এড়ি ৰেচম প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰও পৰিদৰ্শন কৰে। উল্লেখ্য যে কেভিআইচিয়ে অৰুণাচল প্ৰদেশৰ ৰেচম উদ্যোগক পুনৰুজ্জীৱিত কৰাৰ এক ঐতিহাসিক পদক্ষেপ আৰু এক বহনক্ষম পদ্ধতিৰে যোৱা বছৰ চীন আৰু ভূটানৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাঙত খাদী এড়ি ৰেচম প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ স্থাপন কৰিছিল৷ প্ৰায় ১৪,০০০ ফুট উচ্চতাত বৰফেৰে আবৃত হিমালয়ৰ শৃংগত স্থাপন কৰা এই কেন্দ্ৰটো ব’মডিলাৰ বৌদ্ধ সংস্কৃতি সুৰক্ষা সমিতিৰ সহায়ত প্ৰতিষ্ঠা কৰা হৈছে। ছ’চাইটিয়ে ৰেচম কেন্দ্ৰৰ বাবে ভৱনটো যোগান ধৰিছে আৰু কেভিআইচিয়ে প্ৰয়োজনীয় আন্তঃগাঁথনি যেনে-হস্ততাঁত, য’তৰ, ৰেচম ৰিলিং মেচিন আৰু ৱাৰ্পিং ড্ৰাম আদি যোগান ধৰিছে। এই কেন্দ্ৰত টাৱাং আৰু পশ্চিম কামেং জিলাৰ ২০গৰাকী মহিলা শিপিনীক প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপন প্ৰদান কৰিছে। অধ্যক্ষই শিল্পীসকলক আশ্বাস দিয়ে যে খাদী এড়ি ৰেচম প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰৰ এটা শাখা টাৱাং চহৰত মুকলি কৰা হ’ব বুলিও ঘোষণা কৰে। তেওঁ লগতে কয় যে ২০১৪ চনৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় পদক্ষেপে খাদী খণ্ডত নতুন জীৱন প্ৰদানৰ কাম কৰিছে। খাদী এতিয়া লোকেল টু গ্ল’বেল হৈ পৰিছে আৰু ২০২৩ চনৰ ৩১ জানুৱাৰীলৈকে ২০২২-২৩ বিত্তীয় বৰ্ষত কেভিআইৰ সামগ্ৰিক লেনদেনে ১,০৮,০০০ কোটিৰ সংখ্যা অতিক্ৰম কৰিছে।
শ্ৰী মনোজ কুমাৰে টাৱাঙৰ মনপা হস্তনিৰ্মিত কাগজ নিৰ্মাণ ইউনিটতো পৰিদৰ্শন কৰে আৰু ইয়াৰ সৈতে জড়িত শিল্পীসকলকো সাক্ষাৎ কৰে। উল্লেখ্য যে কেভিআইচিৰ সৎ প্ৰচেষ্টাৰ ফলত শেহতীয়াকৈ বিলুপ্ত হৈ পৰা অৰুণাচল প্ৰদেশৰ ১০০০ বছৰীয়া পৰম্পৰাগত কলা মনপা হস্তনিৰ্মিত কাগজ উদ্যোগ এতিয়া পুনৰ সজীৱ হৈ উঠিছে। মনপা হস্তনিৰ্মিত কাগজ নিৰ্মাণ শিল্পৰ উৎপত্তি ১০০০ বছৰতকৈও অধিক পূৰ্বে হৈছিল আৰু ক্ৰমান্বয়ে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ স্থানীয় ৰীতি-নীতি আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল। যোৱা ১০০ বছৰ ধৰি এই হাতেৰে নিৰ্মিত কাগজ উদ্যোগটো প্ৰায় নোহোৱা হৈ গৈছিল; আৰু যিটো এতিয়া কেভিআইচিৰ সহায়ত ২০২০ চনত পুনৰ কাৰ্যক্ষম হৈ উঠিছে। অধ্যক্ষ কুমাৰে মনপা হস্তনিৰ্মিত কাগজ উদ্যোগৰ সৈতে জড়িত শিল্পীসকলক অভিনন্দন জনাই জয়পুৰৰ কেভিআইচিৰ কুমাৰপ্পা ৰাষ্ট্ৰীয় হস্তনিৰ্মিত কাগজ প্ৰতিষ্ঠানত প্ৰশিক্ষণৰ বাবে ৫০ জন শিল্পীক প্ৰেৰণ কৰা হ’ব বুলি আশ্বাস দিয়ে, যাতে মনপা হস্তনিৰ্মিত কাগজক বিশ্বমানৰ কাগজৰ সামগ্ৰী হিচাপে গঢ়ি তোলা হয়। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত পৰম্পৰাগত হাতেৰে নিৰ্মিত মনপা কাগজৰ ভাল চাহিদা আছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অৰুণাচল প্ৰদেশৰ মনপা হস্তনিৰ্মিত কাগজৰ স্বীকৃতি অনাটো কেভিআইচিৰ প্ৰচেষ্টা হ’ব, যাৰ ফলত আৰু অধিক লোকৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব।
অধ্যক্ষগৰাকীয়ে অৰুণাচলৰ ব’মডিলাত ১২ মে’ত ২০ জন হিতাধিকাৰীক আচাৰ তৈয়াৰ কৰা মেচিন বিতৰণ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰেৰণাত কেভিআইচিয়ে প্ৰতিখন গাঁৱক কৰ্মসংস্থাপন প্ৰদানৰ বাবে অহৰহ অধ্যৱসায় কৰি আছে। কেভিআইচিয়ে গ্ৰামোদ্যোগ বিকাশ যোজনাৰ অধীনত ভাৰতীয় পৰম্পৰাগত উদ্যোগৰ শ্ৰমিকসকলক সঁজুলি আৰু যন্ত্ৰপাতি বিতৰণ কৰি আছে, যাৰ ফলত পৰম্পৰাগত উদ্যোগৰ শিপিনীসকলৰ আয় বৃদ্ধি হৈছে, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ লগতে ভাৰতীয় পৰম্পৰাগত উদ্যোগসমূহ সংৰক্ষণ আৰু প্ৰসাৰিত হৈছে, যাতে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী হয়৷
*********
(Release ID: 1924018)
Visitor Counter : 193