তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ পৰা জাতিবাদ আৰু তুষ্টিকৰণৰ অন্ত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়েঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী

মন কী বাত এক উপযুক্ত (PERFECT) যোগাযোগ ব্যৱস্থা, য’ত P- শান্তি( Peace), E-সৱলীকৰণ( Empowerment), R- প্ৰতিফলিত( Reflective), F- উৎসৱমুখৰ(Festive), E- অৰ্থনৈতিক উন্নয়ন(Economic Development), C- যত্নশীল(Caring) আৰু T- চিন্তাশীল(Thoughful)

মন কী বাত সামান্যতম ৰাজনৈতিক ৰং নোহোৱাকৈ সমাজৰ লুকাই থকা শক্তিক ব্যৱহাৰ কৰাৰ এক মঞ্চঃ শ্ৰী অমিত শ্বাহ

সুশাসনৰ বাবে অপৰিহাৰ্য আলোচনা, মন কি বাত আলোচনাৰ এক নিখুঁত প্ৰদান ব্যৱস্থাঃ শ্ৰী অশ্বিনী বৈষ্ণৱ

অনুষ্ঠানত মন কী বাতৰ ১০০টা খণ্ডৰ স্মৃতিত ডাকট টিকট আৰু মুদ্ৰা মুকলি

Posted On: 26 APR 2023 8:36PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি বিজ্ঞান ভৱনত মন কী বাত @100 বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি পৰ্বত অংশগ্ৰহণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া ৰেডিঅ’ সম্প্ৰচাৰে ৰাষ্ট্ৰৰ ওপৰত কি প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভত দিনজোৰা আলোচনাৰ কাৰ্যসূচী আয়োজন কৰা হয়।

অধিবেশনত উপস্থিত ৰাইজক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয় যে মন কী বাত হৈছে এক অনন্য অভিজ্ঞতা, যিটোৱে আমাৰ গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰি তুলিছে। যুৱক-যুৱতী আৰু আকাশবাণীৰ মাজতো সংযোগ স্থাপন কৰিছে। নাগৰিক আৰু চৰকাৰৰ মাজত আলোচনা গণতন্ত্ৰৰ অন্যতম মূল পদক্ষেপ আৰু এই আলোচনাৰ শক্তিশালীতা আৰু ফলপ্ৰসূতাৰ ওপৰত গণতন্ত্ৰৰ শক্তি নিৰ্ণয় কৰা হয়। মন কী বাতৰ এই আলোচনাৰ ৯৯টা খণ্ডই দেশৰ সৃষ্টিশীল দক্ষতা আৰু নৈতিক চেতনাক এক মঞ্চ প্ৰদান কৰিছে।

ভাৰতীয় প্ৰশাসনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰথমে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ পৰা জাতিবাদ, স্বজন-তোষণ আৰু তুষ্টিকৰণৰ ৰাজনীতি নাইকিয়া কৰিছে, যিবোৰে সাধাৰণ ফ্ৰেঞ্চাইজিৰ প্ৰকাশক দুৰ্নীতিগ্ৰস্ত কৰিছিল। এতিয়া ভাৰতীয় ৰাজনীতি ৰাজনৈতিক প্ৰদৰ্শনৰ ব্যৱস্থালৈ গতি কৰিছে য’ত প্ৰদৰ্শন কৰাসকলে মানুহৰ সেৱা কৰাৰ যোগ্য বুলিও তেওঁ লগতে কয়।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আন এক উল্লেখযোগ্য অৱদান হৈছে পদ্ম বঁটাৰ গণতান্ত্ৰিককৰণ, যিবোৰ দীৰ্ঘদিন ধৰি পৰামৰ্শমূলক ব্যৱস্থাৰ পণবন্দী হৈ আছিল। এতিয়া যিকোনো সাধাৰণ নাগৰিক, যিসকলে দেশলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু এই বঁটাৰ যোগ্য, তেওঁলোকে এই বঁটা লাভ কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।

মন কী বাতে সৰু সৰু সমাজৰ পৰীক্ষা-নিৰীক্ষা চলোৱা লোকসকলক, নিজৰ সীমিত ক্ষমতাৰে সমাজখনক পথ প্ৰদৰ্শন কৰিবলৈ এক বিশাল মঞ্চ প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ আন বিখ্যাত নেতাসকলৰ একেধৰণৰ কথা-বতৰাই ৰাজনৈতিক ৰং কঢ়িয়াই লৈ ফুৰাৰ বিপৰীতে মন কী বাত সামান্যতম ৰাজনৈতিক ৰঙৰ পৰাও নিলগত আছে।

গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মন কী বাতে সমগ্ৰ ভাৰতত ইয়াৰ উপস্থিতি নিশ্চিত কৰিছে আৰু বিভিন্ন গোটৰ লোকক সম্বোধন কৰি বিভিন্ন বিষয় সামৰি লৈছে, পাছলৈ দেশৰ বিবেকত এক বৃহৎ প্ৰভাৱ পেলাইছে। স্বচ্ছ ভাৰত, ফিট ইণ্ডিয়া, বেটি বচাও বেটি পঢ়াও, জল সংৰক্ষণ, ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু সুগম্য ভাৰত আদি জনসজাগতা আৰু সমাজ পৰিৱৰ্তনৰ একাধিক কাৰ্যসূচীৰ সফলতাত ই অৰিহণা যোগাইছে।

মন কী বাত হৈছে যোগাযোগৰ এনে এক আহিলা যি দেশৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে এক সুস্থ আলোচনা কৰিছে, এই প্ৰত্যাহ্বানসমূহৰ সমাধানৰ ক্ষেত্ৰত জনতাক মূল অংশীদাৰলৈ ৰূপান্তৰিত কৰিছে আৰু ক্ষেত্ৰভিত্তিক সমাধানৰ দিশত তেওঁলোকক উদ্গনি যোগাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা যোগাযোগ পদ্ধতি চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত, সেয়া হৈছে-ই আৱেগিক, ই আধ্যাত্মিক, ই বৌদ্ধিক আৰু ই শাৰীৰিক কাম-কাজৰ প্ৰতি প্ৰণোদিত কৰে৷ মন্ত্ৰীগৰাকীয়ে ইয়াক এক উপযুক্ত(PERFECT) যোগাযোগ ব্যৱস্থা বুলি আখ্যা দিছে {P- শান্তি( Peace), E-সৱলীকৰণ (Empowerment), R- প্ৰতিফলিত(Reflective), F-উৎসৱমুখৰ (Festive), E-অৰ্থনৈতিক উন্নয়ন (Economic Development), C- যত্নশীল(Caring) আৰু T- চিন্তাশীল (Thoughful)}৷

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মন কী বাতে খাদীৰ জনপ্ৰিয়কৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যিটোৱে গ্ৰাম্য অৰ্থনীতি পুনৰুত্থানত অৰিহণা যোগাইছে৷ মন কী বাতৰ প্ৰভাৱ এই কথাটোৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ ঘৰুৱাভাৱে পুতলা নিৰ্মাণ আৰু পুতলা উদ্যোগক সহায় কৰাৰ কথা উল্লেখ কৰাৰ পিছৰে পৰা পুতলাৰ আমদানি ২০১৮-১৯ চনত ৩৭১ মিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২১-২২ চনত ১১০ মিলিয়ন মাৰ্কিন ডলাৰলৈ নাটকীয়ভাৱে হ্ৰাস পাইছে আৰু ৰপ্তানি ২০২ মিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৩২৬ মিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷

ভাষণৰ সামৰণিত তেওঁ কয় যে মন কী বাত সমাজৰ লুকাই থকা শক্তিক ব্যৱহাৰ কৰাৰ এক মঞ্চ৷ ই মানুহৰ আন্তৰিক প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ এক মঞ্চ, ই দেশৰ জনসাধাৰণক ইয়াৰ বহুমাত্ৰিক প্ৰগতিৰ বাবে কাম কৰাৰ দিশত প্ৰেৰণা যোগোৱাৰ এক ব্যৱস্থা৷

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ভাষণ প্ৰসংগত কয় যে ২০১৪ চনত ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তনে জনসাধাৰণ আৰু চৰকাৰৰ মাজত এক সংহতি আনিলে, যিটো পূৰ্বে সংঘাতৰ স্থান আছিল। চৰকাৰে জনতাৰ বাবে কাম কৰা আৰু চৰকাৰৰ ওপৰত আস্থা থকা লোকৰ মাজত লক্ষণীয় পৰিৱৰ্তন আহিল।

মন্ত্ৰী বৈষ্ণৱে কয় যে আলোচনা সুশাসনৰ এক অপৰিহাৰ্য দিশ আৰু তাৰ বাবে মন কী বাত এক নিখুঁত মাধ্যম হৈ পৰিছে। প্ৰধানমন্ত্ৰীৰ মন কী বাতে ৰেডিঅ’ক নতুন যোগাযোগ অৱতাৰ হিচাপে ৰূপ দিছে। ছ’চিয়েল মিডিয়াই ৰেডিঅ’ৰ সম্প্ৰচাৰৰ প্ৰসাৰৰ শক্তি বৃদ্ধি কৰাৰ ফলত প্ৰধানমন্ত্ৰীৰ কথা সকলোৰে বাবে সুলভ কৰি তুলিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে ২০১৬ চনৰ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰাৰম্ভিক হিন্দী ভাষাৰ পৰা কেৱল পৰৱৰ্তী ইংৰাজী সংস্কৰণলৈ আৰু ২০১৭ চনৰ ২৮ মে’ৰ পৰা সংস্কৃত সংস্কৰণলৈ ক্ৰমান্বয়ে সম্প্ৰসাৰণৰ বিষয়ে দৰ্শকক অৱগত কৰে। বৰ্তমান মন কী বাত ২৩টা ভাষা আৰু ১১টা বিদেশী ভাষাত সম্প্ৰচাৰ কৰা হয় বুলিও তেওঁ লগতে কয়।

গুৰুত্বপূৰ্ণ অনুষ্ঠানত তিনিওগৰাকী বিশিষ্ট ব্যক্তিয়ে ‘মন কী বাত’ৰ ১০০টা খণ্ডৰ স্মৃতিত ডাক টিকট আৰু মুদ্ৰাও উন্মোচন কৰে।

এই উপলক্ষে অনুষ্ঠানত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰও উপস্থিত থাকে৷

*****


(Release ID: 1920125) Visitor Counter : 318