প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাসৱ জয়ন্তীৰ পৱিত্ৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে জগদগুৰু বাসবেশ্বৰৰ সন্মুখত শিৰ দোৱায়

प्रविष्टि तिथि: 23 APR 2023 9:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তীৰ পৱিত্ৰ উপলক্ষে জগদগুৰু বাসবেশ্বৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জগদগুৰু বাসবেশ্বৰ সন্দৰ্ভতো তেওঁৰ মতামত জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"আজি বাসৱ জয়ন্তীৰ পৱিত্ৰ তিথি উপলক্ষে মই জগদগুৰু বাসবেশ্বৰক নমস্কাৰ জনাইছো, যাৰ চিন্তা আৰু আদৰ্শই আমাক মানৱতাৰ সেৱা কৰিবলৈ অনুপ্ৰেৰণা প্ৰদান কৰে। তেওঁ সঠিকভাৱে দলিত সকলক শক্তিশালী কৰা আৰু এক শক্তিশালী আৰু সমৃদ্ধ সমাজ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।"

২০১৫ চনৰ নৱেম্বৰত লণ্ডনত জগদগুৰু বাসবেশ্বৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সময়ত শ্ৰী মোদীয়ে সংসদ সদস্য শ্ৰী শিৱকুমাৰ উদাসীৰ টুইট থ্ৰেডৰ প্ৰতিও সঁহাৰি জনাইছিল, প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"আমি সদায় জগদগুৰু বাসবেশ্বৰে দেখুওৱা পথ অনুসৰণ কৰিম।

তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাই মই সন্মানিত অনুভৱ কৰিছো।"

*****


(रिलीज़ आईडी: 1919633) आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam