ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰিভেনটিভ হেল্থক কেন্দ্ৰবিন্দুলৈ আনিছেঃ ড০ জিতেন্দ্ৰ সিঙে

যুৱক-যুৱতীসকলৰ শক্তি আৰু সম্ভাৱনাক অমৃত কালৰ বাবে ব্যৱহাৰ কৰিব লাগিবঃ ড° জিতেন্দ্ৰ সিং

ভাৰতে দুটা ডিএনএ ভেকচিন আৰু এটা নাছেল ভেকচিন উৎপাদন কৰিছে আৰু কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ ১৩০ খন দেশক প্ৰদান কৰিছে: ড° জিতেন্দ্ৰ সিং

ভাৰতীয় গৱেষণা, ভাৰতীয় তথ্য আৰু ভাৰতীয় সমস্যাৰ ভাৰতীয় সমাধান এতিয়া সময়ৰ আহ্বান হৈ পৰিছেঃ ড° জিতেন্দ্ৰ সিং

Posted On: 08 APR 2023 2:17PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি তথা পৃথিৱী বিজ্ঞান বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); পিএমঅ'ৰ ৰাজ্যিক মন্ত্ৰী; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে দেশত 'প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা'ক গুৰুত্ব আৰোপ কৰিছিল, যিটো যোৱা সত্তৰ বছৰ ধৰি অৱহেলিত হৈ আছিল। তেওঁ লগতে কয়, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত মাত্ৰ দুবছৰৰ ভিতৰতে ভাৰতে দুটা ডিএনএ ভেকছিন আৰু এটা নাকৰ ভেকছিন প্ৰস্তুত কৰিব পাৰিছ।

মন্ত্ৰীগৰাকীয়ে অমৃত কালৰ স্থপতি হ'বলৈ যুৱ-প্ৰজন্মৰ ভূমিকা আৰু দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যুৱ-প্ৰজন্মৰ শক্তি আৰু সম্ভাৱনা ৰাষ্ট্ৰ নিৰ্মাণত প্ৰয়োগ কৰিব লাগিব। জিএমচি জম্মুত মুখ্য অতিথি হিচাপে থাইৰোকনত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক সম্বোধন কৰি ড০ জীতেন্দ্ৰ সিঙে এইদৰে কয়।

ডাঃ জিতেন্দ্ৰ সিঙে জম্মু ডাক্তৰ ফাউণ্ডেশ্যনে চৰকাৰী ছুপাৰ স্পেচিয়েলিটি হাস্পতাল জম্মুৰ এণ্ডক্ৰাইন’লজী বিভাগৰ সহযোগত আয়োজন কৰা থাইৰ’কনৰ ওপৰত চিএমই চলোৱাৰ বাবে জিএমচি জম্মুৰ অধ্যক্ষ ডাঃ শশী ছুড়ন শৰ্মাৰ প্ৰচেষ্টাৰ শলাগ লয়। “Updates in THYROCON”-এ থাইৰয়ড বিকাৰগ্ৰস্ত ৰোগীৰ ক্লিনিকেল মেনেজমেণ্টৰ অগ্ৰগতিক প্ৰতিফলিত কৰিব। তেওঁ উল্লেখ কৰে যে ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে জম্মু-কাশ্মীৰতো থাইৰয়ডৰ বিকাৰ সাধাৰণ স্বাস্থ্যজনিত সমস্যা। ২০১৯ চনত জাৰ্নেল অৱ মেডিকেল চাইন্স এণ্ড ক্লিনিকেল ৰিচাৰ্চত প্ৰকাশিত এক অধ্যয়ন অনুসৰি জম্মু-কাশ্মীৰত থাইৰয়ড বিকাৰৰ প্ৰাদুৰ্ভাৱ প্ৰায় ১২.৩%, হাইপোথাইৰয়ডিজম আটাইতকৈ সাধাৰণ প্ৰকাৰ বুলি ডাঃ জিতেন্দ্ৰ সিঙে অৱগত কৰে।

ডাঃ জিতেন্দ্ৰ সিঙে দুটা বিষয়ক ফ্লেগ কৰে, প্ৰথমটো হ’ল নিদানমূলক ক্ষমতা বৃদ্ধিৰ বাবে ক্লিনিকেল মেডিচিন পাঠদানৰ পৰা স্থানান্তৰ। এতিয়া পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত ক্লিনিকেল বিৱৰণ অনুমান কৰা হয়। দ্বিতীয় বিষয়টো হৈছে ভাৰতীয় গৱেষণা, ভাৰতীয় তথ্য আৰু ভাৰতীয় সমস্যাৰ ভাৰতীয় সমাধান। ভাৰতীয় তথ্য ব্যৱহাৰ কৰি তেওঁ আনকি পশ্চিমীয়া দেশৰ কথাও উল্লেখ কৰিছিল। সময়ৰ প্ৰয়োজনীয়তা হৈছে ভাৰতৰ চিকিৎসা স্বাস্থ্যজনিত সমস্যাৰ থলুৱা সমাধান বিকশিত কৰিবলৈ বৈচিত্ৰময় ভাৰতীয় তথ্য ব্যৱহাৰ কৰা।

<><><><><>

SNC/SM/MS



(Release ID: 1915028) Visitor Counter : 99


Read this release in: English , Urdu , Hindi , Tamil , Telugu