শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
২০২৩ চনৰ ৩ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈ গুৱাহাটীত অনুষ্ঠিত ই ডব্লিউ জিৰ দ্বিতীয় দিনাৰ বৈঠকত তিনি অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত মন্ত্ৰীসভাৰ ঘোষণাৰ খচৰা সন্দৰ্ভত আলোচনা
Posted On:
04 APR 2023 6:17PM by PIB Guwahati
৩ এপ্ৰিলৰ পৰা গুৱাহাটীত চলি আছে ভাৰতৰ জি-২০ অধ্যক্ষতাত অনুষ্ঠিত দ্বিতীয়খন তিনিদিনীয়া নিয়োগ কৰ্মী গোটৰ বৈঠক। আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত ই ডব্লিউ জিয়ে উত্থাপন কৰা তিনিটা অগ্ৰাধিকাৰ ক্ষেত্ৰ সামৰি মন্ত্ৰীগোটৰ ঘোষণাৰ খচৰা সম্পৰ্কে আলোচনাৰ আঁত ধৰে শ্ৰম আৰু নিয়োগ সচিব তথা জি-২০ ই ডব্লিউ জিৰ অধ্যক্ষা শ্ৰীযুতা আৰতি আহুজাই। ইয়াৰ পূৰ্বে মন্ত্ৰীগোটৰ ঘোষণাৰ খচৰা জি-২০ৰ সদস্য ৰাষ্ট্ৰসমূহত প্ৰচাৰ কৰা হৈছিল আৰু তাৰ পৰা লাভ কৰা মন্তব্য আৰু পৰামৰ্শসমূহ খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে এই খচৰাৰ বিষয়ে বৰ্তমান ২য় ই ডব্লিউ জি বৈঠকত আলোচনা চলি আছে।

উল্লেখযোগ্য যে সকলোৰে বাবে শক্তিশালী, বহনক্ষম আৰু নিয়োগ সমৃদ্ধ বৃদ্ধিৰ বাবে অগ্ৰাধিকাৰ প্ৰদানেৰে শ্ৰম, নিয়োগ আৰু সামাজিক বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ নিয়োগ কৰ্মগোটৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছে। স্মৰ্তব্য যে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় (MoLE) হৈছে জি-২০ৰ ভাৰতীয় অধ্যক্ষতাৰ সময়ছোৱাত নিয়োগ কৰ্মগোটৰ বাবে ন’ডেল মন্ত্ৰালয়।

ভাৰতীয় অধ্যক্ষতাৰ সময়ছোৱাত নিয়োগ কৰ্মগোট ২০২৩ ৰ বাবে ৩টা মূল অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ফলাফলৰ ওপৰত একমত গঢ়ি তোলাৰ দিশত জি-২০ নিয়োগ কৰ্মগোটৰ দ্বিতীয়খন বৈঠকখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
এই তিনিটা ক্ষেত্ৰ হ’ল ক্ৰমে - ক) বিশ্বব্যাপী দক্ষতাৰ ব্যৱধান আঁতৰ কৰা। খ) গিগ আৰু প্লেটফৰ্ম অৰ্থনীতি, আৰু সামাজিক সুৰক্ষা। গ) সামাজিক সুৰক্ষাৰ বহনক্ষম বিত্তীয় সাহায্য।

ই ডব্লিউ জিৰ অধ্যক্ষই আলোচনাৰ সময়ত এই ফৰ্মেটসমূহত অংশগ্ৰহণকাৰীসকলক অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়।


উল্লেখ্য যে অধিৱেশনবোৰৰ মাজে মাজে অনুষ্ঠিত একোটা যোগ বিৰতি কাৰ্যসূচীক সকলোৱে প্ৰসংশা কৰে।

*****
MJPS
(Release ID: 1913704)
Visitor Counter : 215