শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

অসমৰ গুৱাহাটীত জি-২০ নিয়োগ কৰ্মগোটৰ দ্বিতীয় বৈঠক আৰম্ভ (৩-৫ এপ্ৰিল)

Posted On: 02 APR 2023 6:17PM by PIB Guwahati

ভাৰতৰ জি-২০ অধ্যক্ষতাত দ্বিতীয়খন নিয়োগ কৰ্মগোটৰ বৈঠক কাইলৈৰ পৰা অৰ্থাৎ ৩ এপ্ৰিলৰ পৰা  ৫ এপ্ৰিললৈ গুৱাহাটীত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব। এই তিনিদিনীয়া অনুষ্ঠানত ১৯ খনৰো অধিক জি-২০ সদস্য দেশ, ৭ খন অতিথি দেশ আৰু ৫টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৭২ জনতকৈও অধিক প্ৰতিনিধিৰ সমাৱেশ ঘটিব।

উল্লেখ্য যে সকলোৰে বাবে শক্তিশালী, বহনক্ষম, ভাৰসাম্যযুক্ত, আৰু চাকৰি সমৃদ্ধ বিকাশৰ বাবে অগ্ৰাধিকাৰ প্ৰদানেৰে শ্ৰম, নিয়োগ আৰু সামাজিক বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ নিয়োগ কৰ্মগোটৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছে। স্মৰ্তব্য যে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় (MoLE) হৈছে জি-২০ৰ ভাৰতীয় অধ্যক্ষতাৰ সময়ছোৱাত নিয়োগ কৰ্মগোটৰ বাবে ন’ডেল মন্ত্ৰালয়।

ভাৰতীয় অধ্যক্ষতাৰ সময়ছোৱাত নিয়োগ কৰ্মগোট ২০২৩ ৰ বাবে ৩টা মূল অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ফলাফলৰ ওপৰত একমত গঢ়ি তোলাৰ দিশত জি-২০ নিয়োগ কৰ্মগোটৰ দ্বিতীয়খন বৈঠক এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

এই তিনিটা ক্ষেত্ৰ হ’ল ক্ৰমে -

ক) বিশ্বব্যাপী দক্ষতাৰ ব্যৱধান আঁতৰ কৰা।

খ) গিগ আৰু প্লেটফৰ্ম অৰ্থনীতি, আৰু সামাজিক সুৰক্ষা।

গ) সামাজিক সুৰক্ষাৰ বহনক্ষম বিত্তীয় সাহায্য।

বৈঠকৰ প্ৰথম দিনটোত শিক্ষা কৰ্মগোট, ডিজিটেল অৰ্থনীতি কৰ্মগোট, বিত্ত ট্ৰেক, জি-২০ উদ্যোগীকৰণ গৱেষণা কেন্দ্ৰ, এল ২০ আৰু বি-২০ অধ্যক্ষৰ দ্বাৰা বিভিন্ন অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে আলোকপাত কৰা হ’ব।

২য় নিয়োগ কৰ্মগোটৰ বৈঠকৰ সময়ত একমতত মিলিত হোৱাৰ উদ্দেশ্য আগত ৰাখি বিভাগীয় মন্ত্ৰীৰ বিবৃতি আৰু ফলাফলভিত্তিক নথিপত্ৰৰ ওপৰত আলোচনা কৰা হ’ব। জি-২০ ৰাষ্ট্ৰসমূহত ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে বিশ্ব অৰ্থনীতিৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰাৰ বাবে এই নথি  হৈ পৰিব অন্যতম মূল চাবিকাঠি।

উল্লেখ্য যে এই তিনিদিনীয়া কাৰ্যসূচীত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এলানি মনোৰম অনুষ্ঠানো পৰিৱেশন কৰা হ’ব।

*****

MJPS



(Release ID: 1913125) Visitor Counter : 188