প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পিএনজিআৰবিয়ে প্ৰাকৃতিক গেছ খণ্ডত এক বহু প্ৰতীক্ষিত সংস্কাৰ ইউনিফাইড টেৰিফ ৰূপায়ণৰ প্ৰৱৰ্তন কৰিছে
প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি আৰু প্ৰাকৃতিক গেছ খণ্ডত ই এক উল্লেখযোগ্য সংস্কাৰ
प्रविष्टि तिथि:
31 MAR 2023 9:13AM by PIB Guwahati
পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক ব’ৰ্ডে ইউনিফাইড টেৰিফ ৰূপায়ণ আৰম্ভ কৰিছে যি হৈছে প্ৰাকৃতিক গেছ খণ্ডত এক বহু প্ৰতীক্ষিত সংস্কাৰ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শক্তি আৰু প্ৰাকৃতিক গেছ খণ্ডত এয়া এক উল্লেখযোগ্য সংস্কাৰ।
এলানি টুইটাৰত কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে জানিবলৈ দিয়ে যে দেশৰ সকলো অঞ্চলৰ অৰ্থনৈতিক বিকাশৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি পিএনজিআৰবিয়ে প্ৰাকৃতিক গেছ খণ্ডত এক বহু প্ৰতীক্ষিত সংস্কাৰ ইউনিফাইড টেৰিফ ৰূপায়ণৰ প্ৰৱৰ্তন কৰিছে।
শ্ৰী পুৰীয়ে লগতে জনায় যে এই শুল্ক প্ৰণালীয়ে ভাৰতক 'এক ৰাষ্ট্ৰ এক গ্ৰিড এক শুল্ক' মডেল লাভ কৰাত সহায় কৰিব আৰু দূৰৱৰ্তী অঞ্চলৰ গেছ বজাৰসমূহকো উজ্বীৱিত কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা এলানি টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"শক্তি আৰু প্ৰাকৃতিক গেছ খণ্ডত উল্লেখনীয় সংস্কাৰ।"
*****
DS/ST/MM
(रिलीज़ आईडी: 1912978)
आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam