সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

৯খন ৰাজ্যৰ দিব্যাংগসকলক ১৭টা স্থানত এইডছ আৰু সহায়ক সঁজুলি প্ৰদান কৰাৰ বাবে (ডিইপিডব্লিউডি)ৰ দ্বাৰা সমাজিক অধিকাৰিতা শিৱিৰৰ আয়োজন কৰা হৈছে

১৩৫০০তকৈও অধিক দিব্যাংগক বিভিন্ন প্ৰকাৰৰ সহায়ক সঁজুলি বিতৰণ কৰা হৈছে

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে আজি মধ্য প্ৰদেশৰ দাতিয়া জিলাত ইয়াৰ মূল অনুষ্ঠানটো উদ্বোধন কৰে

Posted On: 25 MAR 2023 7:50PM by PIB Guwahati

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ এডিআইপি আঁচনিৰ অধীনত 'দিব্যাংগজন'ক সাহায্য আৰু সহায়ক সঁজুলি বিতৰণৰ বাবে 'সমাজিক অধিকাৰিতা শিবিৰে' ১৩৫০০ তকৈও অধিক দিব্যাংগজনক বিভিন্ন ধৰণৰ সাহায্য আৰু সহায়ক সঁজুলি প্ৰদান কৰাৰ বাবে ৯ খন ৰাজ্যক সামৰি সমগ্ৰ দেশজুৰি বিতৰণ শিবিৰ আয়োজন কৰে। বিভিন্ন স্থানত থকা সকলো বিতৰণ শিবিৰকে এই মেগা ইভেণ্টৰ চেণ্ট্ৰেল পইণ্ট হিচাপে পৰিগণিত হোৱা এই অনুষ্ঠানৰ মূল স্থানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনলাইনযোগে সংযোগ কৰা হৈছিল।

অনুষ্ঠানৰ মুখ্য অতিথি কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে আজি মধ্যপ্ৰদেশৰ দতিয়া জিলাত বিতৰণ শিবিৰৰ মূল অনুষ্ঠান উদ্বোধন কৰে।

এই শিবিৰসমূহ দেশৰ আন ১৬ টা স্থানত অনুষ্ঠিত কৰা হৈছিল। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ ৰাজ্যিক মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিকে অসমৰ দৰং জিলাত আয়োজিত বিতৰণ শিবিৰত অংশগ্ৰহণ কৰিছিল।

এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে কয় যে মাননীয় প্ৰধানমন্ত্ৰীৰ “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস”ৰ মন্ত্ৰ মানি চলি আমাৰ মন্ত্ৰালয়ৰ অধীনস্থ বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগে কাৰ্যকৰী কৰি আছে দিব্যাংগজনৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক, আৰু অৰ্থনৈতিক সবলীকৰণৰ বাবে বিভিন্ন কেন্দ্ৰীভূত আঁচনি আৰু তেওঁলোকৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবলৈ এক অন্তৰ্ভুক্ত আৰু সুলভ পৰিৱেশ সৃষ্টি কৰা।

কেন্দ্ৰীয় মন্ত্ৰীজনেয়ে জনোৱা মতে বিভাগটোৱে ‘অৰ্জুন পৰ্টেল’ প্ৰস্তুত কৰিছে যিয়ে দিব্যাগজনক অনলাইন মোডৰ জৰিয়তে সহায়ক যন্ত্ৰৰ বাবে আবেদন কৰাত সহায় কৰিব আৰু যিকোনো সঁজুলি মেৰামতিৰ বাবেও অভিযোগ দাখিল কৰিব পাৰিব। দেশত ভাৰতীয় সাংকেতিক ভাষাৰ গৱেষণা আৰু প্ৰশিক্ষণৰ বাবে দিল্লীত এটা সুকীয়া প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। মুঠ ১০০০০ শব্দৰ আই এছ এল অভিধান প্ৰস্তুত কৰা হৈছে য’ত কথা ক’ব নোৱাৰা আৰু শুনিব নোৱাৰা লোকসকল উপকৃত হৈছে।

দতিয়াত মূল অনুষ্ঠানৰ উপৰিও আন ১৬টা স্থানত বিতৰণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল। সেইবোৰ হৈছেঃ মধ্যপ্ৰদেশৰ ধৰ, আলিৰাজপুৰ, ঝাৰখণ্ডৰ ছিমডেগা, মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা, লালগঞ্জ(আজমগড়), উত্তৰ প্ৰদেশৰ মহোবা, চিত্ৰকূট আৰু কানপুৰ, অসমৰ দৰং, বদোদৰা, গুজৰাটৰ ছোটা উদয়পুৰ আৰু চুৰাট, হাৰিয়ানাত নুহ আৰু পানীপাঠ, কৰ্ণাটকৰ কালাবুৰাগী, আৰু ছত্তীশগড়ৰ কংকেৰ।

****

MG/RNM/MS



(Release ID: 1911353) Visitor Counter : 84