ৰেল মন্ত্ৰালয়

দিল্লী চফদৰজঙৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ ভাৰত গৌৰৱ ৰে’লৰ ফ্লেগ অফ কৰিলে শ্ৰীমতী মীনাকাশী লেখিয়ে

এই বহু প্ৰতীক্ষিত ডিলাক্স টুৰিষ্ট ট্ৰেইনখনে ১৫ দিনৰ ভ্ৰমণৰ বাবে নৰ্থ ইষ্ট চাৰ্কিটত যাত্ৰা আৰম্ভ কৰিলে

Posted On: 21 MAR 2023 5:07PM by PIB Guwahati
  • এই বিশেষ ভ্ৰমণে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ক সামৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চললৈ ভ্ৰমণৰ সুযোগ প্ৰদান কৰিছে।
  • বহু প্ৰতীক্ষিত ৰে'ল ভ্ৰমণ "নৰ্থ ইষ্ট ডিস্কভাৰী: বিয়ণ্ড গুৱাহাটী" আজি দিল্লী চফদৰজং ৰে'ল ষ্টেচনৰ পৰা ১৪ নিশা/১৫ দিনৰ ভ্ৰমণসূচীৰে প্ৰস্থান কৰে।
  • এচি ১ আৰু এচি ২ শ্ৰেণীৰ সৈতে অত্যাধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনত ১৫৬ জন পৰ্যটক থাকিব।
  • এই ৰে’ল ভ্ৰমণে সামৰি লোৱা ঠাইবোৰ হৈছে অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জি।

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাকাশী লেখিয়ে আজি দিল্লী চফদৰজং ষ্টেচনৰ পৰা ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যসমূহক সামৰি লোৱাৰ বাবে বিশেষভাৱে সাজু কৰি তোলা ভাৰত গৌৰৱ ৰে'ল “North East Discovery: Beyond Guwahati” ৰ শুভাৰম্ভ কৰে।

এই উপলক্ষে শ্ৰীমতী লেখিয়ে আজি কয়, "চৈত্ৰ নৱৰাত্ৰি আৰু গুড়ি পৰ্বৰ প্ৰাকমুহূৰ্তত আৰম্ভ হোৱা বাবে এই ৰে'লখনে বিশেষ গুৰুত্ব বহন কৰিছে। মই সকলোকে শুভেচ্ছা জনাইছো। এয়া সঁচাকৈয়ে আমাৰ সকলোৰে বাবে এক উপহাৰ।" তেওঁ লগতে মাননীয় প্ৰধানমন্ত্ৰীক তেওঁৰ দৃষ্টিভংগী আৰু ৰে'লৱেৰ উন্নতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধন্যবাদ জনায়।

উল্লেখ্য যে আজি মুকলি কৰা এই ৰে'ল ভ্ৰমণে দিল্লী চফদৰজং ৰে'ল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু ১৫ দিনীয়া ভ্ৰমণেৰে অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীক সামৰি ল'ব।

১৪ টা নিশা আৰু ১৫ দিনতকৈ অধিক সময় ধৰি যাত্ৰা কৰিবলগীয়া এই ৰে’লখনৰ প্ৰথমটো ষ্টপেজ হৈছে গুৱাহাটী, য'ত পৰ্যটকসকলে কামাখ্যা মন্দিৰ দৰ্শন কৰিব আৰু তাৰ পিছত উমানন্দ মন্দিৰ আৰু ব্ৰহ্মপুত্ৰত সূৰ্যাস্তৰ শোভা উপভোগ কৰিব। ইয়াৰ পিছত এই ৰে'লখন নিশাই নাহৰলাগুন ৰে'ল ষ্টেচনলৈ বুলি ৰাওনা হ’ব। এয়া হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰৱৰ্তী গন্তব্যস্থানৰ পৰা ৩০ কিলোমিটাৰ নিলগত। ইয়াৰ পিছৰ গন্তব্য স্থান হ’ব অসমৰ পূৱ প্ৰান্তত থকা আহোম সাম্ৰাজ্যৰ পুৰণি ৰাজধানী শিৱসাগৰ। ইয়াতেই পৰ্যটকসকলে শিৱদৌল দৰ্শন কৰিব। এই শিৱদৌল হৈছে ভ্ৰমণসূচীৰ অন্যান্য ঐতিহ্যবাহী স্থানৰ অন্যতম। ইয়াৰ পিছত, যোৰহাটৰ চাহ বাগিচাৰ শোভা উপভোগ কৰি নিশাটো কাজিৰঙাত যাপন কৰিব পৰ্যটকসকলে। তাৰ পিছত পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জাংগল ছাফাৰী কৰিব পৰ্যটকসকলে।

উল্লেখ্য যে ডিলাক্স এচি টুৰিষ্ট ৰে’লখনে ইয়াৰ পিছতে ত্ৰিপুৰাৰ ফৰকাটিং ৰে’ল ষ্টেচনলৈ বুলি প্ৰস্থান কৰিব, য’ত উপস্থিত হোৱাৰ পিছত তেওঁলোকে উনাকোটি আৰু বিখ্যাত উজজয়ন্ত প্ৰাসাদকে ধৰি আগৰতলাৰ বিখ্যাত ঐতিহ্যক্ষেত্ৰসমূহ দৰ্শন কৰাৰ পৰিকল্পনা কৰা হৈছে। পিছদিনা, উদয়পুৰৰ নীৰমহল প্ৰাসাদ আৰু ত্ৰিপুৰা সুন্দৰীমন্দিৰ এই ভ্ৰমণসূচীত সামৰি লোৱা হ'ব। ত্ৰিপুৰাৰ পিছতে, ৰে’লখনে নগালেণ্ড ভ্ৰমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হ’ব। বদৰপুৰ ষ্টেচনৰ পৰা লামডিং জংছনলৈ মনোৰম ৰে’ল যাত্ৰা অতিথিসকলে তেওঁলোকৰ আসনৰ পৰাই ৰাতিপুৱাই প্ৰত্যক্ষ কৰিব পাৰিব।

ইফালে, ডিমাপুৰ ষ্টেচনৰ পৰা, পৰ্যটকসকলক নগা জীৱন শৈলীৰ অভিজ্ঞতা ল'বলৈ খনমা গাওঁ ভ্ৰমণ কৰিব, তদুপৰি তেওঁলোকে স্থানীয় ঠাইবোৰো ভ্ৰমণ কৰিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোকক বাছযোগে ক’হিমালৈ লৈ যোৱা হ'ব। পৰ্যটক ৰে'লখনৰ পৰৱৰ্তী গন্তব্য স্থান হ'ব গুৱাহাটী আৰু গুৱাহাটী পোৱাৰ পিছতেই তেওঁলোকক স্থলপথেৰে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ লৈ যোৱা হ'ব আৰু পথত থকা ৰাজকীয় উমিয়াম হ্ৰদত কিছুসময় ৰ’ব।  পিছদিনা পূৱ খাচী পাহাৰত অৱস্থিত চেৰাপুঞ্জী ভ্ৰমণেৰে পুনৰ ভ্ৰমণসূচী আৰম্ভ হ’ব। শ্বিলং পীক, এলিফেণ্টা জলপ্ৰপাত, নৱখালিকাই জলপ্ৰপাত আৰু মৌচমাই গুহা দৰ্শনো কৰিব পৰ্যটকসকলে। চেৰাপুঞ্জীৰ পৰা পৰ্যটকসকলে দিল্লীলৈ উভতি আহিবলৈ পোনে পোনে গুৱাহাটী ষ্টেচনলৈ উভতি যাব। উল্লেখ্য যে পৰ্যটকসকলে এই সমগ্ৰ ভ্ৰমণটোত ৰে’লযোগে প্ৰায় ৫৮০০ কিলোমিটাৰ ভ্ৰমণ কৰিব।

আধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনত দুখনকৈ ফাইন ডাইনিং ৰেষ্টুৰেণ্ট থকাৰ উপৰি এটা কণ্টেম্প’ৰেৰী কিটচেন, ডবাৰ ভিতৰতে শ্বাৱাৰ কিউবিকল, চেন্সৰ-আধাৰিত ৱাছৰুম ফাংচন, এটা ফুট মাছাজাৰ, আৰু এটা মিনি লাইব্ৰেৰীকে ধৰি বহুতো আকৰ্ষণীয় উপাদান আছে। সম্পূৰ্ণ শীতাতপ নিয়ন্ত্ৰিত ৰে’লখনত এচি ১ আৰু এচি ২ ডবাৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ উপৰি ৰে'লখনত চিচিটিভি কেমেৰা, ইলেক্ট্ৰনিক চেফ, আৰু প্ৰতিটো ডবাৰ বাবে নিযুক্ত সমৰ্পিত নিৰাপত্তাৰক্ষীৰ দৰে সুৰক্ষা সুবিধাও সংযোজিত কৰা হৈছে।

ভাৰত গৌৰৱ টুৰিষ্ট ৰে'লৰ শুভাৰম্ভ ভাৰত চৰকাৰৰ "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" আৰু "দেখো অপনা দেশ"ৰ সৈতে সংগতি ৰাখি কৰা হৈছে। এচি ২ টায়াৰত প্ৰতিজন ব্যক্তিৰ বাবে ১,০৬,৯৯০/- টকাৰ পৰা আৰম্ভ কৰি মূল্য পৰিসৰত, এচি ১ (কেবিন)ৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে ১,৩১,৯৯০/- টকা, আৰু এচি ১ (কুপ)ৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে ১,৪৯,২৯০/- টকা পেকেজ ৰখা হৈছে। এই আইআৰচিটিচি পৰ্যটক ৰে’লখনত ১৫ দিনৰ সামগ্ৰিক ভ্ৰমণ পেকেজ ৰখা হৈছে আৰু এই মূল্যই হোটেলত ৰাত্ৰিযাপন, এচি শ্ৰেণীত ৰে’ল যাত্ৰা আদি সামৰি লৈছে। কেৱল সেয়াই নহয়, ইয়াত অন্তৰ্ভুক্ত হৈছে সকলো আহাৰ (কেৱল নিৰামিষ), বাছত সকলোধৰণৰ স্থানান্তৰ আৰু পৰিৱেশৰ শোভা উপভোগৰ উপৰি ভ্ৰমণ বীমা আৰু গাইডৰ সেৱা ইত্যাদিও সামৰি লোৱা হৈছে। উল্লেখ্য যে এই যাত্ৰাত সকলো প্ৰয়োজনীয় স্বাস্থ্য সতৰ্কতামূলক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰখা হ'ব আৰু আইআৰচিটিচিয়ে অতিথিসকলক এক সুৰক্ষিত আৰু স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা চলাব।

********



(Release ID: 1909309) Visitor Counter : 146