মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

কাইলৈৰ পৰা আৰম্ভ হ’ব পঞ্চম পোষণ পখৱাড়া উদযাপন

বিষয়বস্তু: "সকলোৰে বাবে পুষ্টি: একেলগে, এক স্বাস্থ্যৱান ভাৰতৰ দিশত"

পোষণ পখৱাড়াৰ গুৰুত্ব হৈছে পুষ্টিহীনতাৰে মোকাবিলা কৰাৰ বাবে এক মূল্যৱান সম্পদ হিচাপে সকলো শস্যৰ মাতৃ 'শ্ৰী অন্ন'ক জনপ্ৰিয় কৰা

২০ মাৰ্চৰ পৰা ৩ এপ্ৰিল ২০২৩ লৈ পোষণ পখৱাড়াৰ সময়ত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানসমূহৰ যোগেদি ‘শ্ৰী অন্ন’ৰ প্ৰচাৰ আৰু ইয়াক জনপ্ৰিয় কৰা, স্বাস্থ্যৱান শিশু প্ৰতিযোগিতা অনুষ্ঠান আৰু যোগ্য অংগনৱাড়ীসকলক জনপ্ৰিয় কৰা আদি দিশৰ ওপৰত গুৰুত্ব দিয়া হ’ব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ লক্ষ্য হৈছে পুষ্টিৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু পোষণ পখৱাড়াৰ সময়ত গণ আন্দোলন আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰচাৰ কৰা

Posted On: 19 MAR 2023 9:16AM by PIB Guwahati

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ২০ মাৰ্চ, ২০২২ ৰ পৰা ৩ এপ্ৰিল, ২০২৩ লৈ সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰে পঞ্চম পোষণ পখৱাড়া উদযাপন কৰিব। এই পখৱাড়া বা পষেকৰ উদ্দেশ্য হৈছে জন আন্দোলন  আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে পুষ্টিৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰচাৰ কৰা।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মাৰ্চ ২০১৮ তাৰিখে আৰম্ভ কৰা পোষণ অভিযানে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাত আৰু পুষ্টিৰ ওপৰত আলোচনাক চৰ্চালৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পোষণ অভিযান আৰম্ভ কৰা হৈছিল পুষ্টিৰ ফলাফলবোৰ সামগ্ৰিকভাৱে উন্নত কৰাৰ লক্ষ্যৰে। পুষ্টিহীনতামুক্ত বা কু-পোষণমুক্ত ভাৰতৰ কাঙ্খিত লক্ষ্যত উপনীত হোৱাৰ এক মুখ্য উপাদান হৈছে ব্যক্তিগত আৰু সামূহিক পৰ্যায়ত আচৰণৰ পৰিৱৰ্তন।

এই পোষণ পখৱাড়া প্ৰতি বছৰে মাৰ্চ মাহত ১৫ দিনৰ বাবে উদযাপন কৰা হয়। একেদৰে, ছেপ্টেম্বৰ মাহটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয়। এতিয়ালৈকে উদযাপন কৰা পোষণ মাহ আৰু পোষণ পষেকত; সকলো ৰাজ্য/স্বায়ত্ত্ব শাসিত অঞ্চল, আগশাৰীৰ অনুষ্ঠান-প্ৰতিষ্ঠান, মন্ত্ৰালয়ৰ লগতে সাধাৰণ ৰাইজৰো ব্যাপক অংশগ্ৰহণ দেখা গৈছে। স্মৰ্তব্য যে পোষণ পখৱাড়া ২০২২ ত সমগ্ৰ দেশতে প্ৰায় ২.৯৬ কোটি কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।

পোষণ পখৱাড়া ২০২৩-ৰ বিষয়বস্তু হৈছে "সকলোৰে বাবে পুষ্টি: একেলগে, এক স্বাস্থ্যৱান ভাৰতৰ দিশত"। ২০২৩ বৰ্ষক আন্তৰ্জাতিক মিলেট খাদ্যশস্য বৰ্ষ হিচাপে ঘোষণা কৰাৰ লগে লগে, এই বছৰ পুষ্টি পষেকৰ গুৰুত্ব হ'ব সকলো শস্যৰ মাতৃ 'শ্ৰী অন্ন'ক জনপ্ৰিয় কৰা। এই শ্ৰী অন্নকেই পুষ্টিহীনতাৰ মোকাবিলা কৰাৰ বাবে এক মূল্যৱান সম্পদ হিচাপে বিবেচনা কৰা হয়।

পোষণ পখৱাড়াৰ সময়ত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানবোৰত অন্যান্য বিষয়ৰ সৈতে নিম্নলিখিত মুখ্য দিশবোৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব:

  1. পৰিপূৰক পুষ্টি, ঘৰে ঘৰে প্ৰৱেশাধিকাৰ, আহাৰ পৰামৰ্শ শিবিৰ আয়োজন আদিৰ সৈতে মিলেট খাদ্যভিত্তিক খাদ্যসংযোগৰ জৰিয়তে পুষ্টিগত সুস্থতাৰ বাবে শ্ৰী অন্ন/মিলেট খাদ্যশস্যৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ।
  2. স্বাস্থ্যৱান শিশু প্ৰতিযোগিতা: পৰিপুষ্টি, সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰতিযোগিতাৰ এক যোগাত্মক মনোভাৱ সৃষ্টি কৰি নিৰ্ধাৰিত মানদণ্ড অনুসৰি 'স্বাস্থ্যৱান শিশু'ক চিনাক্তকৰণ আৰু স্বীকৃতি।
  3. সক্ষম অংগনৱাড়ীৰ জনপ্ৰিয়কৰণ: অংগনৱাড়ীসকলক জনপ্ৰিয় কৰা আৰু সজাগতা বৃদ্ধি কৰাৰ বাবে অভিযান আৰম্ভ কৰা হ'ব। তাৰ উপৰিও উন্নত পৰিপুষ্টি, শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষাৰ কেন্দ্ৰ হিচাপে উন্নত আন্তঃগাঁথনি আৰু সুবিধাৰ সৈতে অংগনৱাড়ীসকলক সক্ষম কৰা।

এই পোষণ পখৱাড়াৰ সময়ত আটাইবোৰ কাৰ্যসূচীৰ সমন্বয়ৰ বাবে নোডেল মন্ত্ৰালয় হিচাপে থাকিব মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত মহিলা আৰু শিশু বিকাশ/সমাজ কল্যাণ বিভাগ পুষ্টি পষেকৰ বাবে নোডেল বিভাগ হিচাপে দায়িত্বত থাকিব।

***

SS/AKS



(Release ID: 1908792) Visitor Counter : 213