স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ঋতুকালীন ইনফ্লুৱেঞ্জাৰ শেহতীয়া খবৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বাস্তৱ-সময়ৰ ভিত্তিত আইডিএছপি নেটৱৰ্কৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ পৰিস্থিতি নিৰীক্ষণ আৰু অনুসৰণ কৰি আছে

ঋতুকালীন ইনফ্লুৱেঞ্জাৰ এইচ৩এন২ উপপ্ৰকাৰৰ পৰিস্থিতিসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰা হৈছে

প্ৰতিৰোধৰ বাবে সাৱধানতাৰ ওপৰত আইচিএমআৰ-ৰ দ্বাৰা পৰামৰ্শ জাৰী কৰা হৈছে

মাৰ্চৰ শেষৰ ফালে ঋতুকালীন ইনফ্লুৱেঞ্জাৰ পৰিস্থিতি হ্ৰাস হোৱাৰ সম্ভাৱনা আছে

Posted On: 10 MAR 2023 4:21PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বাস্তৱ-সময়ৰ ভিত্তিত ইণ্টিগ্ৰেটেড ডিজি চাৰ্ভিলেঞ্চ প্ৰগ্ৰাম (আইডিএছপি) নেটৱৰ্কৰ জৰিয়তে বিভিন্ন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ঋতুকালীন ইনফ্লুৱেঞ্জা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। মন্ত্ৰালয়ে ঋতুকালীন ইনফ্লুৱেঞ্জাৰ এইচ৩এন২ উপপ্ৰকাৰৰ ফলত হোৱা ৰোগ আৰু মৃত্যুৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে। ঋতুকালীন ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰত সৰু শিশু আৰু আন ৰোগ থকা বৃদ্ধ লোকসকল হৈছে আটাইতকৈ দুৰ্বল গোট। এতিয়ালৈকে কৰ্ণাটক আৰু হাৰিয়ানা এইচএনইনফ্লুৱেঞ্জাৰ ফলত এজনকৈ লোকৰ মৃত্যু নিশ্চিত হৈছে

ঋতুকালীন ইনফ্লুৱেঞ্জা হৈছে ইনফ্লুৱেঞ্জা ভাইৰাছৰ ফলত হোৱা এক তীব্ৰ শ্বাসতন্ত্ৰৰ সংক্ৰমণ যি পৃথিৱীৰ সকলো প্ৰান্তত বিয়পি পৰে আৰু সমগ্ৰ বিশ্বতে নিৰ্দিষ্ট কেইটামান মাহত এই পৰিঘটনা বৃদ্ধি হোৱা দেখা যায়। ভাৰতত প্ৰতি বছৰে ঋতুকালীন ইনফ্লুৱেঞ্জাৰ দুটা শিখৰ কাল প্ৰত্যক্ষ কৰা হয়: এটা জানুৱাৰীৰ পৰা মাৰ্চলৈ আৰু আনটো বাৰিষাৰ পিছৰ ঋতুত। ঋতুকালীন ইনফ্লুৱেঞ্জাৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিসমূহ মাৰ্চৰ শেষৰ পৰা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সেয়েহে ৰাজ্যিক নিৰীক্ষণ বিষয়াসকল এই জনস্বাস্থ্য প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে

পৰীক্ষাগাৰৰ দেশব্যাপী নেটৱৰ্কৰ জৰিয়তে বাস্তৱ সময়ৰ নিৰীক্ষণ

  • আইডিএছপি-আইএইচআইপি (সংবদ্ধ স্বাস্থ্য তথ্য মঞ্চ)ত উপলব্ধ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যসমূহে মাৰ্চ ২০২৩ লৈকে এইচএনকে ধৰি ইনফ্লুৱেঞ্জাৰ বিভিন্ন উপপ্ৰকাৰৰ মুঠ ৩০৩৮ টা পৰীক্ষাগাৰৰ নিশ্চিত ঘটনা প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰ ভিতৰত আছে জানুৱাৰীত ১২৪৫ টা, ফেব্ৰুৱাৰীত ১৩০৭ টা আৰু মাৰ্চত ৪৮৬ টা ঘটনা (মাৰ্চলৈকে)।
  • লগতে, স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰা আইডিএছপি-আইএইচআইপি তথ্যই সূচায় যে জানুৱাৰী ২০২৩ মাহত, দেশৰ পৰা তীব্ৰ শ্বাসতন্ত্ৰৰ ৰোগ/ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ (এআৰআই/আইএলআই) মুঠ ৩৯৭,৮১৪ টা ঘটনা প্ৰতিবেদন দাখিল কৰা হৈছিল যি ফেব্ৰুৱাৰী, ২০২৩-ত সামান্য বৃদ্ধি হৈ ৪৩৬,৫২৩ হয়। মাৰ্চ ২০২৩-ৰ প্ৰথম দিনত, এই সংখ্যা হৈছে ১৩৩,৪১২ টা ঘটনা।
  • গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ (এছএআৰআই) ভৰ্তি হোৱা ঘটনাৰ সংশ্লিষ্ট তথ্য হৈছে জানুৱাৰী ২০২৩ ৭০৪১ টা, ফেব্ৰুৱাৰী ২০২৩ ত ৬৯১৯ টা আৰু মাৰ্চ ২০২৩-ৰ প্ৰথম দিনত ১৮৬৬ টা ঘটনা।

২০২৩ চনত (২৮ ফেব্ৰুৱাৰীলৈকে), মুঠ ৯৫৫ টা এইচএনঘটনাৰ প্ৰতিবেদন দাখিল কৰা হৈছে। এইচএনৰ বেছিভাগ ঘটনা তামিলনাডু (৫৪৫), মহাৰাষ্ট্ৰ (১৭০), গুজৰাট (৭৪), কেৰালা (৪২) আৰু পঞ্জাৱ (২৮)ৰ পৰা প্ৰতিবেদন দাখিল কৰা হৈছে।

পৰীক্ষাগাৰৰ আইচিএমআৰ নেটৱৰ্কৰ পৰা ইনফ্লুৱেঞ্জা তথ্য 

ভাৰতত, ২৮টা স্থানৰ সংবদ্ধ আইএলআই/এছএআৰআই নিৰীক্ষণ নেটৱৰ্কৰ জৰিয়তে মানৱ ইনফ্লুৱেঞ্জা ভাইৰাছ আৰু এছএআৰএছ-চিঅ'ভি-ভাইৰাছ চিনাক্ত কৰাৰ বাবে ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আইএলআই) আৰু চিভিয়েৰ একিউট ৰেস্পৰেটৰী ইলনেছ (এছএআৰআই)ৰ এক সংবদ্ধ নিৰীক্ষণ চলি আছে।

২০২৩ চনৰ প্ৰথম সপ্তাহৰ (জানুৱাৰীৰ পৰা মাৰ্চলৈ) সময়ছোৱাত, নিৰীক্ষণ নেটৱৰ্কে এছএআৰআই আৰু আইএলআই ক্ষেত্ৰত মানৱ ইনফ্লুৱেঞ্জা ভাইৰাছ আৰু এছএআৰএছ-চিঅ'ভি-সংক্ৰমণ নিৰীক্ষণ কৰিছে। ইনফ্লুৱেঞ্জা প্ৰকাৰৰ ফলাফলবোৰ তলত দিয়া হৈছে:

সপ্তাহ

সপ্তাহ ১

সপ্তাহ ২

সপ্তাহ ৩

সপ্তাহ ৪

সপ্তাহ ৫

সপ্তাহ ৬

সপ্তাহ ৭

সপ্তাহ ৮

সপ্তাহ ৯

ইনফ্লুৱেঞ্জা এ এইচ১এন১পিডিএম০৯

ইনফ্লুৱেঞ্জা এ এইচ৩এন২

৪৬

৫৭

৪৪

৪২

৪৭

৬১

৪৬

৫২

৫৬

ইনফ্লুৱেঞ্জা বি ভিক্টোৰিয়া

১১

১২

১৮

১০

১৩

১৩

 

দেখা গৈছে যে, এই বছৰৰ আৰম্ভণিৰ পৰা ইনফ্লুৱেঞ্জাৰ বাবে পজিটিভ পৰীক্ষা কৰা নমুনাবোৰৰ ভিতৰত ইনফ্লুৱেঞ্জা এইচএনহৈছে মুখ্য উপ-প্ৰকাৰ

জনস্বাস্থ্য ব্যৱস্থা

ঋতুকালীন ইনফ্লুৱেঞ্জাৰ ওপৰত নিৰ্দেশনা: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশবোৰক ৰোগীৰ শ্ৰেণীবিভাজন, চিকিৎসা প্ৰটোকল, আৰু ভেণ্টিলেটৰী ব্যৱস্থাপনাৰ নিৰ্দেশনা প্ৰদান কৰিছে যিবোৰ মন্ত্ৰালয় (www.mohfw.nic.in) আৰু এনচিডিচি (ncdc.gov.in)ৰ ৱেবছাইটতো উপলব্ধ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক এইচ১এন১ ঘটনাৰ সৈতে মোকাবিলা কৰা স্বাস্থ্যসেৱা কৰ্মীসকলৰ টীকাকৰণৰ বাবেও পৰামৰ্শ দিছে।

আইচিএমআৰে এই সন্দৰ্ভত পৰামৰ্শৱলীও জাৰী কৰিছে।

ঔষধ আৰু লজিষ্টিক

অ’চেল্টামিভিৰ হৈছে বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ প্ৰদান কৰা ঔষধ। এই ঔষধ জনস্বাস্থ্য প্ৰণালীৰ জৰিয়তে বিনামূলীয়াকৈ উপলব্ধ কৰোৱা হৈছে। চৰকাৰে ২০১৭ চনৰ ফেব্ৰুৱাৰীত ড্ৰাগ আৰু কছমেটিক আইনৰ অনুসূচী এইচ১ ৰ অধীনত অ’চেল্টামিভিৰ বিক্ৰীৰ অনুমতি দিছে। ৰাজ্যসমূহৰ সৈতে পৰ্যাপ্ত লজিষ্টিক উপলব্ধ। অৱশ্যে, যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ৰাজ্যসমূহক সংকটৰ পৰা সকাহ দিবলৈ সমৰ্থন আগবঢ়াইছে।য

তাৰোপৰি, নিটি আয়োগে কাইলৈ, অৰ্থাৎ ১১ মাৰ্চ ২০২৩ তাৰিখে ৰাজ্যসমূহৰ ঋতুকালীন ইনফ্লুৱেঞ্জা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ তথা বৰ্ধিত ঋতুকালীন ইনফ্লুৱেঞ্জাৰ ঘটনাবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে জনস্বাস্থ্য ব্যৱস্থা, ব্যৱস্থাপনা নিৰ্দেশনা আৰু প্ৰটোকলৰ ক্ষেত্ৰত তেওঁলোকক অধিক সমৰ্থন কৰাৰ উপায়ৰ বাবে এক আন্তঃ-মন্ত্ৰালয়ৰ বৈঠক অনুষ্ঠিত কৰিব।

****

MV/MM

HFW/Update on H3N2/10th Mar 2023/2



(Release ID: 1905668) Visitor Counter : 148


Read this release in: English , Urdu , Hindi , Tamil , Telugu