প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৰ্ণাটকৰ বিকাশ যাত্ৰাত অৰিহণা যোগাব ‘বেংগালুৰু মাইচুৰু এক্সপ্ৰেছৱে’ই: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 10 MAR 2023 8:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘বেংগালুৰু মাইচুৰু এক্সপ্ৰেছৱে’ই কৰ্ণাটকৰ বিকাশ-যাত্ৰাত অৰিহণা যোগাব।

শ্ৰী মোদীয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতিন গাড়কাৰীৰ এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই এই মন্তব্য কৰিছিল। প্ৰণিধানযোগ্য যে, মন্ত্ৰী গাড়কাৰীয়ে ‘বেংগালুৰু মাইচুৰু এক্সপ্ৰেছৱে’ প্ৰকল্প নিৰ্মাণে শ্ৰীৰংপাটনা, কুৰ্গ, উটি আৰু কেৰালাৰ দৰে অঞ্চলসমূহৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে সেইসমূহ স্থানৰ পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে উল্লিখিত প্ৰকল্পটোত ৰাষ্ট্ৰীয় ঘাইপথ-২৭৫ৰ এটা অংশ অন্তৰ্ভুক্ত আছে, লগতে চাৰিখন ‘ৰে'ল অভাৰব্ৰীজ’, নখন গুৰুত্বপূৰ্ণ দলং, ৪০ খন সৰু দলং আৰু ৮৯ টা ‘আণ্ডাৰপাছ’ আৰু ‘অভাৰপাছ’ -ৰ বিকাশৰ প্ৰয়োজন আছে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"এক গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্প যি কৰ্ণাটকৰ বিকাশৰ পথত অৰিহণা যোগাব।"

 

***

DS/ST/KB


(रिलीज़ आईडी: 1905665) आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam