আয়ুষ
গুৱাহাটীত অনুষ্ঠিত পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় এছ চি অ’-ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ’ৰ জৰিয়তে আয়ুষ বজাৰত ৫৯০ কোটিতকৈ অধিক পুঁজিৰ বাণিজ্য সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে
प्रविष्टि तिथि:
05 MAR 2023 8:23PM by PIB Guwahati
- ১৯ খন দেশৰ প্ৰতিনিধিসকলে এক্সপ'ত আয়ুষ খণ্ডৰ প্ৰদৰ্শকসকলৰ সৈতে মত বিনিময় কৰে, ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত অনুষ্ঠিত হৈছে একাধিক বৈঠক
- "ভাৰতৰ আয়ুষ বজাৰৰ বাবে বৃহৎ সম্ভাৱনাৰ সূচনা কৰাৰ লগতে এছ চি অ'ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ মঞ্চ প্ৰদান কৰিছে এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনে": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
- "অসম আৰু উত্তৰ-পূব ভাৰতৰ আয়ুষ খণ্ডৰ বাবে এয়া এক বিশাল সুযোগ যিহেতু এই আন্তঃৰাষ্ট্ৰীয় এক্সপ'ই স্থানীয় উদ্যোগীসকলক নতুন পথৰ সন্ধান দিছে": সৰ্বানন্দ সোণোৱাল
প্ৰথম "এছ চি অ' বি২বি কনফাৰেন্স এণ্ড এক্সপ' অন ট্ৰেডিচনেল মেডিচিন"ৰ সফল সমাপ্তিয়ে দেশৰ আয়ুষ খণ্ডৰ লগতে উদ্যোগীসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে। গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত পৰম্পৰাগত ঔষধ সম্পৰ্কীয় ছাংহাই ক'-অপাৰেচন অৰ্গেনাইজেচন (SCO)ৰ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ক্ৰেতা আৰু বিক্ৰেতাসকলৰ মাজত বহু বৈঠক অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ'খনৰ জৰিয়তে আয়ুষ বজাৰত ৫৯০ কোটিতকৈ অধিক পুঁজিৰ বাণিজ্য সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। এছ চি অ'ৰ দেশসমূহৰ প্ৰতিনিধিসকলে এক্সপ'ত আয়ুষ খণ্ডৰ প্ৰদৰ্শকসকলৰ সৈতে মত বিনিময় কৰিছে, যাৰ ফলত আয়ুষ খণ্ডৰ সৈতে জড়িত বিভিন্ন ফলপ্ৰসূ দিশৰ নতুন সম্ভাৱনাৰ পথ প্ৰশস্ত হৈছে। এছ চি অ'ৰ অধীনত অনুষ্ঠিত এইধৰণৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ' কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ২ মাৰ্চ তাৰিখে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত শুভ উদ্বোধন কৰিছিল। আজি ইয়াত সফলতাৰে সমাপ্ত হোৱা দুদিনীয়া সন্মিলন আৰু চাৰিদিনীয়া এক্সপ'ত দেশ-বিদেশৰ ১৫০তকৈও অধিক প্ৰতিনিধি উপস্থিত আছিল। উল্লেখযোগ্য যে, ভাৰত সম্প্ৰতি এছ চি অ'ৰ সভাপতিত্বৰ দায়িত্বত আছে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত উল্লেখ কৰে, "ভাৰতৰ আয়ুষ বজাৰৰ বাবে বৃহৎ সম্ভাৱনাৰ সূচনা কৰাৰ লগতে এছ চি অ'ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ মঞ্চ প্ৰদান কৰিছে এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনে। অনুষ্ঠানটোৰ জৰিয়তে ৫৯০ কোটিতকৈও অধিক পুঁজিৰ বাণিজ্যিক আগ্ৰহ সৃষ্টি হোৱাৰ ফলত এক নতুন দিগন্তৰ সৃষ্টিৰ আভাস পোৱা গৈছে। অসম আৰু উত্তৰ-পূব ভাৰতৰ আয়ুষ খণ্ডৰ বাবে এয়া এক বিশাল সুযোগ যিহেতু এই আন্তঃৰাষ্ট্ৰীয় এক্সপ'ই স্থানীয় উদ্যোগীসকলক নতুন পথৰ সন্ধান দিছে। এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ'খনে এছ চি অ' দেশসমূহৰ মাজত আয়ুষ সম্পৰ্কীয় পাৰস্পৰিক বাণিজ্যিক সম্পৰ্ক আৰু সহযোগিতা সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিছে। মই এই বিশেষ মুহূৰ্তত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেখেতৰ দৃষ্টিভংগীয়ে এছ চি অ'ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পৰম্পৰাগত ঔষধৰ দিগন্ত সম্প্ৰসাৰিত কৰাৰ নতুন বতৰা কঢ়িয়াই আনিছে। আয়ুষ বজাৰত এতিয়া বাণিজ্যৰ পৰিসৰ উচ্ছ্বসিত হৈছে। এই অনুষ্ঠানটোৱে পৰম্পৰাগত ঔষধ আৰু চিকিৎসা প্ৰণালীৰ সহায়ত মানৱ জাতিৰ কল্যাণ সাধনৰ এক মহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এয়া ভাৰতীয় আয়ুষ বজাৰৰ বাবে নিশ্চিতভাৱে এক বৃহৎ সম্ভাৱনা।"
(रिलीज़ आईडी: 1904459)
आगंतुक पटल : 181