কেবিনেট
azadi ka amrit mahotsav

কেন্দ্ৰীয় কেবিনেটে আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন চুক্তি (চিকাগো চুক্তি), ১৯৪৪ ৰ সংশোধন সম্পৰ্কীয় অনুচ্ছেদ ৫০(ক) আৰু অনুচ্ছেদ ৫৬ সম্পৰ্কীয় অনুচ্ছেদ ৩ বিআইএছ আৰু তিনিটা প্ৰটোকল প্ৰস্তাৱনাত অনুমোদন জনায়

प्रविष्टि तिथि: 22 FEB 2023 12:44PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসামৰিক বিমান পৰিবহনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন (চিকাগো চুক্তি), ১৯৪৪ সংশোধন সম্পৰ্কীয় অনুচ্ছেদ বিআইএছ আৰু অনুচ্ছেদ ৫০(এ) আৰু অনুচ্ছেদ ৫৬ প্ৰস্তাৱৰ ক্ষেত্ৰত যাৱতীয় অনুমোদন জনাইছে।

চিকাগো চুক্তিৰ সকলো অনুচ্ছেদে সকলো চুক্তি দেশৰ বিশেষাধিকাৰ আৰু দায়বদ্ধতা প্ৰতিষ্ঠা কৰে আৰু আন্তৰ্জাতিক বিমান পৰিবহন নিয়ন্ত্ৰণ কৰা আন্তৰ্জাতিক আইচিএঅ' মানদণ্ড আৰু অনুমোদিত প্ৰক্ৰিয়া (এছএআৰপি) গ্ৰহণৰ প্ৰচাৰ কৰে।

যোৱা ৭৮ বছৰত, চিকাগো চুক্তিত কিছু সংশোধন কৰা হৈছে আৰু ভাৰতে সময়ে সময়ে এনে সংশোধনীলৈ অনুমোদন আগবঢ়াই আহিছে। আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন চুক্তি "চিকাগো চুক্তি", ১৯৪৪-ৰ সংশোধন সম্পৰ্কীয় নিম্নলিখিত তিনিটা প্ৰটোকলৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱা হৈছে:

  1. সদস্য ৰাষ্ট্ৰসমূহে অসামৰিক বিমান (মে’, ১৯৮৪ ত স্বাক্ষৰিত প্ৰটোকল) ৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰিবলৈ চিকাগো সন্মিলন, ১৯৪৪-ত অনুচ্ছেদ ৩ বিআইএছ অন্তৰ্ভুক্ত কৰাৰ প্ৰটোকল;
  2. আইচিএঅ' পৰিষদৰ সদস্য সংখ্যা ৩৬ ৰ পৰা ৪০ লৈ বৃদ্ধি কৰিবলৈ চিকাগো চুক্তি, ১৯৪৪-ৰ অনুচ্ছেদ ৫০(ক) সংশোধন কৰাৰ প্ৰটোকল (অক্টোবৰ, ২০১৬ ত স্বাক্ষৰিত প্ৰটোকল); আৰু
  3. এয়াৰ নেভিগেচন কমিছনৰ সদস্য সংখ্যা ১৮ ৰ পৰা ২১ লৈ বৃদ্ধি কৰিবলৈ চিকাগো চুক্তি, ১৯৪৪-ৰ অনুচ্ছেদ ৫৬ সংশোধন কৰাৰ প্ৰটোকল (অক্টোবৰ, ২০১৬ ত স্বাক্ষৰিত প্ৰটোকল)।

এই অনুমোদনে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহন চুক্তিত সন্নিবিষ্ট নীতিসমূহৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি কৰিব। লগতে, এই নিশ্চিতকৰণে ভাৰতক আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহন সম্পৰ্কীয় বিষয়ত অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উন্নত সম্ভাৱনা আৰু সুযোগো প্ৰদান কৰিব।

***

DS


(रिलीज़ आईडी: 1901600) आगंतुक पटल : 194
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu