অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

পৱন হংস লিমিটেডে RCS UDAN ৰ অধীনত অসমত একাধিক হেলিকপ্টাৰ পথ উদ্বোধন কৰে

Posted On: 09 FEB 2023 3:23PM by PIB Guwahati

পৱনহংস লিমিটেডে ২০২৩ চনৰ ৮ ফেব্ৰুৱাৰীত অসম ৰাজ্যৰ ছটা পথত হেলিকপ্টাৰ সেৱা আৰম্ভ কৰে। আৰচিএছ উড়ান আঁচনিৰ অধীনত মুকলি কৰা এই নতুন হেলিকপ্টাৰ সেৱাসমূহে "ডিব্ৰুগড়-যোৰহাট-তেজপুৰ-গুৱাহাটী-তেজপুৰ-যোৰহাট-ডিব্ৰুগড়" নেটৱৰ্কত সংযোগ প্ৰদান কৰিব।

পথবোৰ নিম্নলিখিত সূচীৰ অনুসৰি পৰিচালিত হ'ব:

খণ্ড

সঘনতা

প্ৰস্থান

আগমন

ডিব্ৰুগড়

যোৰহাট

M,W,F

0850 Hrs

0935 Hrs

যোৰহাট

তেজপুৰ

M,W,F

0950 Hrs

1040 Hrs

তেজপুৰ

গুৱাহাটী

M,W,F

1055 Hrs

1145 Hrs

গুৱাহাটী

তেজপুৰ

M,W,F

1215 Hrs

1305 Hrs

তেজপুৰ

যোৰহাট

M,W,F

1320 Hrs

1410 Hrs

যোৰহাট

ডিব্ৰুগড়

M,W,F

1425 Hrs

1510 Hrs

 

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ RCS UDAN এ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ দূৰৱৰ্তী স্থানসমূহলৈ বিমান সংযোগ প্ৰদানত বিশেষ গতি প্ৰদান কৰিছে, য'ত অপৰ্যাপ্ত ৰে’ল আৰু পথ সংযোগ আছে।

অসমত আৰচিএছ উদান হেলিকপ্টাৰ সেৱাই ৰাজ্যখনৰ ৰাজধানীৰ পৰা তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়ক সংযোগ কৰিবলৈ দ্ৰুততম ভ্ৰমণ পদ্ধতি প্ৰদান কৰি ৰাজ্যখনৰ ভিতৰত বিমান সংযোগ বৃদ্ধি কৰিব। হেলিকপ্টাৰ সেৱাসমূহে ৰাজ্যখনত পৰ্যটন কাৰ্যকলাপৰ প্ৰচাৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

RCS UDAN সেৱাৰ বাবে, পৱন হংসে ১১ গৰাকী পৰ্যন্ত যাত্ৰী বহাৰ ক্ষমতা থকা এটা টুইন ইঞ্জিন ডাউফিন হেলিকপ্টাৰৰ ব্যৱস্থা কৰিছে। সুলভ বিমান ভাড়া প্ৰদান কৰি আঞ্চলিক বিমান-সংযোগৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ আঁচনিৰ অধীনত RCS UDAN সেৱা পৰিচালনা কৰা হৈছে।

গুৱাহাটী বিমানবন্দৰত RCS UDAN হেলিকপ্টাৰ অভিযানৰ উদ্বোধনকালত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী মনিন্দৰ সিং, অসম চৰকাৰৰ পৰ্যটন সচিব শ্ৰী কুমাৰ পদ্মপাণি বৰা, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক শ্ৰী সন্মুখ জুগানি আৰু পৱন হংসৰ মহাপ্ৰৱন্ধক শ্ৰী সঞ্জয় কুমাৰ উপস্থিত থাকে।

হেলিকপ্টাৰৰ অনলাইন টিকট বুক কৰিবৰ বাবে, যাত্ৰীসকলে পৱন হংস অনলাইন পৰ্টেল www.booking.pawanhans.co.in ৰ জৰিয়তে বুকিং কৰিব পাৰে বা সংশ্লিষ্ট বিমানবন্দৰ/ হেলিপোৰ্টত পৱন হংস টিকেটিং কাৰ্যালয়লৈ আহিব পাৰে।

***

YB/DNS



(Release ID: 1900896) Visitor Counter : 71


Read this release in: Telugu , English , Urdu , Manipuri