নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

শ্ৰী সৰ্বানন্দ সোণোৱালে নৰৱেৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী জন খ্ৰীষ্টান ভেষ্ট্ৰেক সাক্ষাৎ কৰে


দুয়োপক্ষৰ মাজত আলোচনাত সেউজ বন্দৰ, সেউজ জাহাজ, জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়

Posted On: 10 FEB 2023 9:02AM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে নতুন দিল্লীত নৰৱেৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী জন খ্ৰীষ্টিয়ান ভেষ্ট্ৰেক সাক্ষাৎ কৰে৷ মন্ত্ৰী দুগৰাকীয়ে সেউজ বন্দৰ আৰু সেউজ জাহাজ পৰিবহন, নাৱিকসকলক প্ৰশিক্ষণ দিয়া, ভৱিষ্যতৰ জাহাজ চলোৱাৰ বাবে সেউজ এমোনিয়া আৰু হাইড্ৰজেনৰ দৰে বিকল্প ইন্ধনৰ ব্যৱহাৰ আৰু বহনক্ষম জাহাজ পুনঃব্যৱহাৰকে ধৰি দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে। ভাৰতত সেউজ উপকূলীয় জাহাজ চলোৱা কাৰ্যসূচীৰ সমাধান ৰূপায়ণৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। দুয়োখন দেশেই বন্দৰ আৰু জাহাজ খণ্ডত শূন্য নিৰ্গমন সমাধান ৰূপায়ণৰ বাবে নিৰ্দিষ্ট প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।

শেহতীয়া বছৰবোৰত দুয়োখন দেশৰ দ্বিপাক্ষিক অৰ্থনৈতিক আৰু প্ৰযুক্তিগতভাৱে পৰিপূৰক সম্পৰ্কৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ জৰিয়তে ভাৰত-নৰ্ৱেৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা হয়। ২০২২ চনৰ নৱেম্বৰ মাহত দুয়োখন দেশৰ মাজত শেষৰখন যৌথ কৰ্মগোটৰ সামুদ্ৰিক বৈঠক অনুষ্ঠিত হৈছিল। মন্ত্ৰালয়ে ২০২২ চনৰ জুন মাহত ভাৰত-নৰ্ৱে টাস্ক ফ’ৰ্চ অন ব্লু ইকনমিৰ ৫ম সংস্কৰণতো অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও ভাৰত গ্ৰীণ ভয়েজ (Green Voyage) - ২০৫০ ৰ অংশও। ২০১৯ চনৰ মে’ মাহত আৰম্ভ হোৱা নৰৱে চৰকাৰ আৰু আইএমঅ’ৰ অংশীদাৰিত্ব প্ৰকল্প। ইয়াৰ লক্ষ্য হৈছে জাহাজ উদ্যোগক কম কাৰ্বনযুক্ত ভৱিষ্যতৰ দিশত আগুৱাই নিয়া।

বৈঠকৰ সময়ত শ্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে যে নৰৱেৰ মন্ত্ৰীৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত জাহাজ আৰু বন্দৰৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত এক গতি দিব। তেওঁ কয় যে, “আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ সেউজ বন্দৰ আৰু সেউজ জাহাজ চলোৱাৰ দৃষ্টিভংগী পূৰণৰ বাবে আমি নৰৱেই হাইড্ৰজেন ইন্ধন কোষ ফেৰী, স্বায়ত্তশাসিত পৃষ্ঠ জাহাজ, কম নিৰ্গমন এলএনজি-হাইব্ৰিড জাহাজৰ ওপৰত তেওঁলোকৰ বিশেষজ্ঞতা ভাগ-বতৰা কৰিবলৈও আগ্ৰহী।

নৰৱেৰ প্ৰতিনিধি দলটোত আছিল বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়া, ভাৰতত থকা নৰৱেৰ ৰাষ্ট্ৰদূত আৰু নৰৱেৰ বিভিন্ন কোম্পানীৰ প্ৰতিনিধি। আনহাতে ভাৰতীয় পক্ষৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অধ্যক্ষ, এন এছ বি, অতিৰিক্ত সচিব (পি এছ ডব্লিউ) আৰু মন্ত্ৰালয়ৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।

 

***

MJPS/MS



(Release ID: 1898694) Visitor Counter : 103