যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ৱাই-২০ প্ৰাৰম্ভিক বৈঠকৰ দ্বিতীয়টো দিনত আইআইটি গুৱাহাটীত 'যুৱ সংলাপ'ত অংশগ্ৰহণ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ


ৱাই২০ গোটে যুৱ-কেন্দ্ৰিক প্ৰচেষ্টাৰ নজিৰ সৃষ্টি কৰিব আৰু ৱাই-২০ সন্মিলনে যুৱসকলে ধাৰণা কৰা নীতিগত ব্যৱস্থাৰ প্ৰদৰ্শন কৰিব: অনুৰাগ সিং ঠাকুৰ

বলৰ ব্যৱহাৰ কেৱল অন্তিম উপায় হিচাপেহে ব্যৱহাৰ কৰা হয় - জেনেৰেল ভি কে সিঙ, ৰাজ্যিক মন্ত্ৰী

আমি ভুল কৰিছিলো; অসমত ৯৮% লোকে স্বাধীন অসমৰ ধাৰণাক সমৰ্থনেই নকৰে, সেয়েহে আমি অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰিলো: বিপুল কলিতা

মই প্ৰায় উগ্ৰবাদত যোগদান কৰিবলৈ লোৱাৰ পৰা উভতি আহি ৭ টাকৈ বিশ্বস্তৰৰ পদক জয় কৰিলো, বিশ্ব চেম্পিয়ন বক্সাৰ হিচাপে দেশলৈ সেৱা আগবঢ়ালো: জীৱনত ক্ৰীড়াৰ গুৰুত্বৰ বিষয়ে সৰিতা দেৱী

কেন্দ্ৰীয় মন্ত্ৰীৰ দ্বাৰা শ্বেতপত্ৰ মুকলিৰে সম্পন্ন হয় প্ৰাৰম্ভিক বৈঠক

Posted On: 08 FEB 2023 11:06AM by PIB Guwahati

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে, যুৱ-২০ গোটৰ প্ৰথম প্ৰাৰম্ভিক বৈঠক ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হয়। এই বৈঠকত দেশৰ যুৱসমাজৰ সৈতে উন্নত ভৱিষ্যতৰ বাবে গ্ৰহণ কৰা বিভিন্ন ধাৰণাসমূহৰ ওপৰত আলোচনা কৰাৰ উপৰি পাঁচটা চিনাক্তকৃত ৱাই-২০ বিষয়ৰ ওপৰত পদক্ষেপ গ্ৰহণৰ কাৰ্যসূচী প্ৰস্তুত কৰা হয়।

অসমৰ প্ৰায় ৩৬ খন মহাবিদ্যালয়ৰ ১০,০০০ শিক্ষাৰ্থীয়ে ৱাই-২০ ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা একাধিক আলোচনাচক্ৰ, তৰ্ক অনুষ্ঠান, কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানসমূহত প্ৰায় ৪০০০ বিদ্যালয়ৰ ১০ লাখতকৈও অধিক শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে।

উল্লেখ্য যে প্ৰাৰম্ভিক বৈঠকৰ মুখ্য অনুষ্ঠানসমূহত ২১ গৰাকী বিদেশী প্ৰতিনিধি আৰু ২০০ গৰাকী ভাৰতীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বিগত ৬ ফেব্ৰুৱাৰীত, এক অতি মননশীল আলোচনাচক্ৰ অনুষ্ঠিত হয় আৰু তাৰ পিছতে এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। ব্ৰহ্মপুত্ৰৰ তীৰত আয়োজিত এই সাংস্কৃতিক সন্ধিয়াত এক অনবদ্য অনুষ্ঠান পৰিৱেশন কৰে কণ্ঠশিল্পী পাপনে।

ইফালে, ৭ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে আইআইটি গুৱাহাটীত অনুষ্ঠিত অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে উপস্থিত সকলো প্ৰতিনিধিৰ সৈতে এক বাৰ্তালাপত অংশগ্ৰহণ কৰে। তেওঁ কয় যে ৱাই-২০ গোটে যুৱ-কেন্দ্ৰিক প্ৰচেষ্টাৰ নজিৰ স্থাপন কৰিব আৰু ৱাই-২০ সন্মিলনে যুৱসকলে ধাৰণা কৰা নীতিগত ব্যৱস্থাসমূহ উপস্থাপন কৰিব। নাৰীকণ্ঠ কিদৰে সৰ্বোত্তমৰূপত প্ৰতিষ্ঠা কৰিব পৰা যাব পাৰে, সেই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে মহিলাৰ নেতৃত্বত হোৱা উন্নয়নত বিশ্বাস ৰাখি আহিছে। ভাৰতৰ ৰাষ্ট্ৰপতি এগৰাকী জনজাতীয় মহিলা, যিয়ে একমাত্ৰ তেওঁৰ নিজৰ যোগ্যতাৰ বাবেই এটা অতি পিছপৰা ক্ষেত্ৰৰ পৰা নিজকে উত্তৰণ ঘটাইছে। ভাৰতৰ শেহতীয়া বাজেট উত্থাপন কৰা বিত্তমন্ত্ৰী গৰাকী এগৰাকী মহিলা, তেওঁ নিৰ্মলা সীতাৰমণ; কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তগৰাকী মহিলা, ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা দপ্তৰৰ সচিবগৰাকী মহিলা। ইয়াতকৈ আৰু ভাল উচদাহৰণ কি হ’ব পাৰে? ভাৰতৰ মহিলাসকলে নীতি প্ৰস্তুত আৰু কাৰ্যকৰী কৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।

উল্লেখ্য যে ভাৰতে প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক উদ্দেশ্যৰ বাবে আয়ুৰ্বেদৰ ব্যৱহাৰ কেনেদৰে প্ৰচাৰ কৰিব পাৰে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড মহামাৰীৰ সময়ত যোগ আৰু আয়ুৰ্বেদক ৰোগৰ চিকিৎসা আৰু আৰোগ্য, দুয়োটা ক্ষেত্ৰতে ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল। আমি সেই বিষয়বস্তুবোৰৰ ওপৰতো কাম কৰি আছো। আনফালে, ষ্টাৰ্ট-আপসমূহক কেনেদৰে উৎসাহিত কৰিব পাৰি বুলি কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কেইবছৰমানত চৰকাৰী প্ৰচেষ্টাৰ ফলত ষ্টাৰ্ট-আপৰ দিশেৰে ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম বৃহৎ পৰিস্থিতিতন্ত্ৰত পৰিণত হৈছে। ২০১৬ চনত মাত্ৰ কেইশমান ষ্টাৰ্ট আপৰ পৰা উত্তৰণ ঘটি ২০২২ চনলৈ দেশত ৮৪০০০ ৰো অধিক ষ্টাৰ্ট-আপ স্থাপন কৰা হৈছে।

প্ৰাৰম্ভিক বৈঠকৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত আইআইটি গুৱাহাটীত পাঁচটা বিষয়ৰ ওপৰত পাঁচটা পেনেল আলোচনা অনুষ্ঠিত হৈছিল।

'শান্তি প্ৰতিষ্ঠা আৰু মীমাংসা: যুদ্ধবিহীন এক যুগৰ আৰম্ভণি' শীৰ্ষক বিষয়বস্তুৰ ওপৰত প্ৰাক্তন সেনাপ্ৰধান তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিঙে কয়, "আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে এখন সামগ্ৰিক সমাজ গঢ়ি তোলা, য'ত সকলোৰে বিকাশৰ সুযোগ আছে আৰু আমি ভাৰতত সেই কামেই কৰি আছো। ভাৰতত, আমি উগ্ৰপন্থীৰ সৈতে কথা পাতো। আমি কেৱল শেষ উপায় হিচাপেহে বল প্ৰয়োগ কৰোঁ। এনেদৰেই আমি বাৰে বাৰে সংঘটিত হোৱা বিভিন্ন বিবাদৰ সমাধান সূত্ৰ পাবলৈ সক্ষম হৈছো আৰু সমাধানো কৰিবলৈ সক্ষম হৈছো।"

ইফালে অনুষ্ঠানত উপস্থিত থাকি বাংগালুৰুৰ যুৱ সাংসদ তেজস্বী সূৰ্যই কয় যে দেশৰ জনগাঁথনিৰ যিটো অংশ যুদ্ধৰ জৰিয়তে ব্যাপকভাৱে প্ৰভাৱিত হয়, সেয়া হৈছে যুৱ সমাজ। যুদ্ধ আৰু শান্তি সম্পৰ্কীয় সকলো আলোচনাৰ ক্ষেত্ৰত যুৱসকলক ইয়াৰ অংশ হিচাপে ৰখাটো অতি গুৰুত্বপূৰ্ণ।

আনফালে প্ৰাক্তন সেনা কমাণ্ডাৰ আৰু ৰণনীতি বিশেষজ্ঞ লেফটেনেণ্ট জেনেৰেল সতীশ ডুৱাই কয় যে যুদ্ধ অবিহনেই শান্তি নিশ্চিত কৰাটো সৈন্যবাহিনীৰ কাম আৰু এনেবোৰ দিশ সুনিশ্চিত কৰাৰ বাবেই আজি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত ভাৰতে ধাৰাবাহিকভাৱে সৰ্বাধিক উপস্থিতি নিশ্চিত কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে এই অনুষ্ঠানতে উপস্থিত থাকি অসমৰ শিৱসাগৰ নিবাসী তথা প্ৰাক্তন আলফা সদস্য বিপুল কলিতা ওৰফে প্ৰদীপ ভৰালীয়ে কয় যে তেওঁ ২০০০ চনতে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। তেওঁ কয় যে তেওঁ আলফাত এই বিশ্বাসেৰেই যোগদান কৰিছিল যে অসম ভাৰতৰ অংশ হ'ব নালাগে। কিন্তু তেওঁলোকে দেখিলে যে সেই ধাৰণা তেওঁলোকৰ ভুল আছিল; অসমত ৯৮% লোকেই স্বাধীন অসমৰ ধাৰণাক সমৰ্থন নকৰে, আৰু সেয়েহে তেওঁলোকে এসময়ত অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল। তেওঁ লগতে কয় যে তেওঁ এতিয়া জনসাধাৰণক সহায় কৰিবলৈ আৰম্ভ কৰা এটা স্বেচ্ছাসেৱী সংগঠন চলায়।

ইফালে, প্ৰাক্তন এনডিএফবি সদস্য বিনুৱাল ৱাৰীয়ে কয় যে তেওঁ ২০০৫ চনত অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰিছিল। তেওঁ কয় যে তেওঁলোক মূলসুঁতিৰ অংশ নাছিল, কিন্তু তেওঁলোকে পিছলৈ অনুভৱ কৰিছিল যে তেওঁলোকৰ সেয়া ভুল আছিল আৰু মূলসুঁতিলৈ উভতি আহিবলৈ বিচাৰিছিল আৰু কাৰ্যতঃ এদিন অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছিল।

অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে জনসাধাৰণৰ আশা-আকাংক্ষাক এক সংঘাত নিয়ন্ত্ৰণ প্ৰণালী হিচাপে বুজি পোৱা আৰু সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনফালে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথে অসম চৰকাৰে উগ্ৰপন্থীসকলৰ সৈতে যোগাযোগ কৰা, তেওঁলোকৰ সৈতে কথা পাতিবলৈ কৰা অবিৰত প্ৰচেষ্টা আৰু তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিবলৈ প্ৰেৰিত কৰি অহাৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে।

কামৰ ভৱিষ্যত; উদ্যোগ ৪.০, উদ্ভাৱন আৰু একবিংশ শতিকাৰ দক্ষতা শীৰ্ষক বিষয়বস্তুৰ ওপৰত জিই এভিয়েচনৰ মুখ্য পৰামৰ্শ অভিযন্তা ড০ উমা মহেশ্বৰে নতুন প্ৰযুক্তিবোৰৰ বিভিন্ন বাধা সত্ত্বেও উদ্যোগ ৪.০-য়ে কেনেদৰে কামৰ ক্ষেত্ৰত দেশত এক বিপ্লৱৰ সূচনা কৰিছে সেই সংক্ৰান্তত এক তত্বগধুৰ মন্তব্য আগবঢ়ায়।

আনফালে, আইআইটি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰ তথা মাৰুত ড্ৰোনটেকৰ প্ৰতিষ্ঠাপক প্ৰেম কুমাৰে কয় যে ড্ৰোনৰ দৰে নতুন প্ৰযুক্তিৰ মাজত ভাৰত আৰু সমগ্ৰ বিশ্বৰ সমস্যা সমাধান কৰাৰ ক্ষমতা আছে আৰু এই ক্ষেত্ৰত ভাৰতীয় ব্যৱসায়ে বিশ্বক বহুতো প্ৰস্তাৱ আগবঢ়াব লাগিব। অনুষ্ঠানত উপস্থিত উদ্যোগপতি ড০ জি ডি ধনুকাই শিক্ষা আৰু উদ্যোগৰ মাজত সহযোগিতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।

'স্বাস্থ্য, সুস্থতা আৰু ক্ৰীড়া'; যুৱসকলৰ বাবে কাৰ্যসূচী' - বিষয়বস্তুৰ ওপৰত বিশিষ্ট ক্ৰীড়াবিদ সৰিতা দেৱীয়ে তেওঁৰ জীৱনত কেনেদৰে ক্ৰীড়া এক প্ৰেৰণাদায়ক কাৰক আছিল সেই বিষয়ে এক প্ৰেৰণামূলক আৰু আবেগবিহ্বল অভিজ্ঞতাৰ কথা উল্লেখ কৰে। তেওঁ কেনেদৰে উগ্ৰবাদত প্ৰায় যোগদান কৰিবলৈ লৈছিল, আৰু তেনে এক পৰিস্থিতিৰ পুৰা নিজকে উলিয়াই আনি ৭ টাকৈ বিশ্বস্তৰৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল, ২০০১ চনৰ পৰা ২০২০ চনলৈ ক্ৰীড়াক্ষেত্ৰত কিদৰে উজ্বলি উঠিছিল, কিদৰে বিশ্ব চেম্পিয়ন হৈ দেশ সেৱা কৰিছিল তাৰ ওপৰত আলোকপাত কৰে।

ইফালে অনুষ্ঠানত উপস্থিত থাকি ড. অসীমা হাওবিজামে কয় যে কিশোৰসকলৰ মাজত ৰোগৰ এক মুখ্য কাৰণ হৈছে হতাশা, আৰু আত্মহত্যা হৈছে মানুহৰ মৃত্যুৰ দ্বিতীয় মুখ্য কাৰণ। সেয়েহে, মানসিক স্বাস্থ্যৰ বিষয়বোৰ গুৰুত্বসহকাৰে লোৱাটো গুৰুত্বপূৰ্ণ। আনফালে, শ্ৰেয়াশী সিঙে মানসিক স্বাস্থ্য আৰু সুস্থতা বৃদ্ধিত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে জৈৱিকভাৱে, ব্যায়ামৰ উপকাৰিতাবোৰে আমাক মানসিকভাৱে সুস্থ কৰি ৰখাত যথেষ্ট সহায় কৰে। তেওঁ কয় যে যদিও অধিক ভাৰতীয় খেলুৱৈক উৎকৃষ্ট মানৱসম্পদ হিচাপে গঢ়ি তুলিবলৈ ক্ৰীড়াক্ষেত্ৰত ভালেমান নীতিগত পৰিৱৰ্তন হৈছে, তথাপিও ক্ৰীড়াক্ষেত্ৰত মহিলাসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সময় আহি পৰিছে।

উল্লেখ্য যে ৮ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে, অনুষ্ঠানৰ সামৰণি পৰে। অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই অনুষ্ঠানতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ ওচৰত ৫টা বিষয়ৰ ওপৰত গৱেষণা পত্ৰ উপস্থাপন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ দ্বাৰা শ্বেতপত্ৰ মুকলিৰে এই অনুষ্ঠানৰ সামৰণি পৰে।

***

BN/PG



(Release ID: 1897327) Visitor Counter : 168


Read this release in: English , Urdu , Hindi , Manipuri