যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

যুৱ পৰিক্ৰমা বিভাগৰ উদ্যোগত অহা ৬-৮ ফেব্ৰুৱাৰীত গুৱাহাটীত ইয়ুথ-২০ সন্মিলনৰ আৰম্ভণি বৈঠক


ৱাই-২০ ৰ অধীনত এক উন্নত ভৱিষ্যতৰ ধাৰণা সন্দৰ্ভত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সমগ্ৰ ভাৰততে আলোচনা অনুষ্ঠিত কৰা হ’বঃ যুৱ পৰিক্ৰমা সচিব

Posted On: 03 FEB 2023 4:03PM by PIB Guwahati

জি-২০ ৰ অধ্যক্ষতাৰ ফ্ৰেমৱৰ্কৰ অধীনত যুৱ পৰিক্ৰমা বিভাগক ইয়ুথ-২০ সন্মিলন-২০২৩ আয়োজনৰ দায়িত্ব প্ৰদান কৰা হৈছে। এনে প্ৰেক্ষাপটত, যুৱ পৰিক্ৰমা বিভাগে ২০২৩ ৰ ৬-৮ ফেব্ৰুৱাৰীত অসমৰ গুৱাহাটীত ইয়ুথ-২০ ৰ আৰম্ভণি বৈঠকৰ আয়োজন কৰিছে। অহা ৮ ফেব্ৰুৱাৰী, ২০২৩ ত অনুষ্ঠিতব্য সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ কেবিনেট মন্ত্ৰীয়ে শ্বেতপত্ৰ প্ৰকাশ কৰিব।

ভাৰতে ২০২২ ৰ ১ ডিচেম্বৰত এবছৰৰ বাবে অৰ্থাৎ ২০২৩ ৰ ৩০ নৱেম্বৰলৈকে জি-২০ ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে। ভাৰতৰ এই অধ্যক্ষতাত ইয়াৰ বিষয়বস্তুত সভ্যতাৰ প্ৰমূল্য 'বসুধৈৱ কুটুম্বকম' অনুৰণিত হৈছে। সেয়েহে আমাৰ বিষয়বস্তু - 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ'।

ইয়ুথ-২০ হৈছে জি-২০ ৰ অন্যতম অফিচিয়েল এংগেজমেন্ট গ্ৰুপ। এই ইয়ুথ-২০ (Y20) এংগেজমেন্ট গ্ৰুপে সমগ্ৰ ভাৰতত আলোচনা অনুষ্ঠিত কৰিব। ইয়াত এক উন্নত ভৱিষ্যতৰ ধাৰণা সন্দৰ্ভত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ পৰামৰ্শ গ্ৰহণ আৰু কাৰ্য্যৰ বাবে এজেণ্ডাৰ খচৰা প্ৰস্তুত কৰা হ’ব। ৱাই-২০ য়ে যুৱক-যুৱতীসকলক জি-২০ ৰ অগ্ৰাধিকাৰসমূহৰ সন্দৰ্ভত নিজ-নিজ দৃষ্টিভংগী আৰু চিন্তা প্ৰকাশৰ এক মঞ্চ প্ৰদান কৰিব।

আজি নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি যুৱ পৰিক্ৰমা সচিব শ্ৰীমতী মীতা ৰাজীৱলোচনে কয় যে এক উন্নত ভৱিষ্যতৰ ধাৰণা সন্দৰ্ভত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সমগ্ৰ ভাৰততে আলোচনা অনুষ্ঠিত কৰা হ’ব। তেওঁ লগতে কয় যে ৱাই-২০ য়ে সমগ্ৰ ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলক জি-২০ গ্ৰুপৰ দেশসমূহৰ অগ্ৰাধিকাৰৰাজি সন্দৰ্ভত নিজ-নিজ দৃষ্টিভংগী আৰু তেওঁলোকৰ চিন্তা প্ৰকাশৰ এখনি মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। তেওঁ আৰু কয় যে ভাৰত হৈছে গৰিষ্ঠ সংখ্যক তৰুণ প্ৰজন্মই বসবাস কৰা এখনি অন্যতম দেশ আৰু ৰাষ্ট্ৰখনৰ যুৱক-যুৱতীসকল শক্তি আৰু উদ্ভাৱনেৰে সমৃদ্ধ আৰু যুৱ পৰিক্ৰমা বিভাগে এই শক্তিক গঠনমূলক ধাৰণাত প্ৰকাশৰ অৰ্থে এখনি মঞ্চ প্ৰদানৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

ইয়ুথ-২০ সন্মিলন-২০২৩ ৰ অধীনত আগন্তুক ৮ মাহত অৰ্থাৎ চূড়ান্ত ইয়ুথ-২০ সন্মিলনৰ পূৰ্বলৈকে সমগ্ৰ ৰাজ্যসমূহৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, নগৰীয়া স্থানীয় নিকায় আৰু পেছাদাৰী সংস্থাসমূহত ভিন্ন আলোচনাৰ লগতে ৱাই-২০ ৰ পাঁচটা বিষয়বস্তু সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। এই কাৰ্য্যসূচীসমূহৰ মূল লক্ষ্য হৈছে সুশাসন আৰু গণতন্ত্ৰৰ বাবে যুৱক-যুৱতীসকলৰ এক সহভাজিত দৃষ্টিভংগী গঢ়ি তোলা আৰু সমগ্ৰ ব’ৰ্ডতে দক্ষতাৰ অগ্ৰগতি সাধনৰ বাবে প্ৰযুক্তিক ব্যৱহাৰ কৰা।

 

ৱাই-২০ ৰ পাঁচটা বিষয়বস্তু হ'লঃ

কৰ্মৰ ভৱিষ্যৎ: উদ্যোগ ৪.০, উদ্ভাৱন আৰু একবিংশ শতিকাৰ দক্ষতা

জলবায়ু পৰিৱৰ্তন আৰু দুৰ্য্যোগৰ বিপদাশংকা হ্ৰাসঃ বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে গ্ৰহণ কৰা

শান্তি স্থাপন আৰু সমন্বয়ঃ যুদ্ধ বিহীন এটা যুগৰ সূচনা

সহভাজিত ভৱিষ্যৎ: গণতন্ত্ৰ আৰু শাসন ব্যৱস্থাত যুৱক-যুৱতী

স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়াঃ যুৱক-যুৱতীসকলৰ বাবে এজেণ্ডা

আইআইটি, গুৱাহাটী হৈছে সেউজ হাইড্ৰজেনৰ উৎপাদনৰ দৰে অগ্ৰণী প্ৰযুক্তিসমূহৰ এক প্ৰধান গৱেষণা কেন্দ্ৰ; এই প্ৰযুক্তিসমূহৰ একাংশ উদ্যোগলৈ হস্তান্তৰৰ প্ৰক্ৰিয়াত আছে। কৰ্মৰ ভৱিষ্যৎ, একবিংশ শতিকাৰ দক্ষতা, জলবায়ু পৰিৱৰ্তন, বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে গ্ৰহণ কৰা আৰু লগতে শান্তি-স্থাপন আৰু সমন্বয় সম্পৰ্কীয় মূল পেনেল আলোচনাসমূহ অহা ৭ ফেব্ৰুৱাৰীত আইআইটি, গুৱাহাটীত অনুষ্ঠিত হ’ব।

 

সম্পৰ্কীয় লিংকসমূহঃ

https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=1889239

Click here for complete details

Click here for complete details

 

***



(Release ID: 1897276) Visitor Counter : 181