বিত্ত মন্ত্ৰালয়

সামাজিক খণ্ডত চৰকাৰী ব্যয়ত উল্লেখযোগ্য বৃদ্ধি


সামাজিক খণ্ড ব্যয় বিত্ত বৰ্ষ ২০১৬ৰ ৯.১ লাখ কোটিৰ পৰা বাঢ়ি বিত্ত বৰ্ষ ২০২৩(বিই)ত ২১.০৩ লাখ কোটি

২০০৫-০৬ আৰু ২০১৯-২০ৰ মাজত ৪১.৫ কোটি মানুহ দৰিদ্ৰতাৰ পৰা বাহিৰ হয়

Posted On: 31 JAN 2023 1:39PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত তথা কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ৩১ জানুৱাৰী, ২০২৩ত সংসদত 'অৰ্থনৈতিক সমীক্ষা ২০২২-২৩' দাখিল কৰি কয় যে যি সময়ত বিশ্ব বিশ্বজনীন মহামাৰীৰ প্ৰভাৱ আৰু সম্প্ৰতি চলি থকা এখন যুদ্ধৰে মোকাবিলা কৰি আছে, সেই সময়ত ভাৰতে নিজৰ অমৃত কালত প্ৰৱেশ কৰাৰ প্ৰস্তুতি চলাই আছে। এই যুগে এটা এনেকুৱা যুগৰ প্ৰতিশ্ৰুতি দিছে য'ত অৰ্থনৈতিক বিকাশ সামাজিক কল্যাণৰ পৰা সাহায্য লাভ কৰিব, য'ত ভাৰত আজি সংকল্পবদ্ধ যে কোনো বঞ্চিত হৈ নৰওক আৰু সুনিশ্চিত কৰিছে যে ইয়াৰ বিকাশ আৰু প্ৰগতিৰ প্ৰভাৱ তথা লাভ অগণন সংস্কৃতি, ভাষা, ভূ-ভাগতকৈ আগবাঢ়ি, নিজৰ সকলো বিবিধ তথা ব্যাপক জনসংখ্যা যি দেশৰ বাস্তৱিক সম্পদ নিৰ্মাণ কৰে, তালৈকে গৈ পাওক।

অৰ্থনৈতিক সমীক্ষাত লগতে কোৱা হৈছে যে সামাজিক কল্যাণৰ ওপৰত আলোকপাত সমসাময়িক পৰিদৃশ্যত আৰু অধিক বিবেকপূৰ্ণ হৈ পৰিছে যিহেতু ভাৰতে ৰাষ্ট্ৰসংঘৰ এছডিজি ২০৩০ক অনুসৰণ কৰিছে যি ব্যাপক, দীৰ্ঘস্থায়ী আৰু লোক-কেন্দ্ৰিক সাৰ্বভৌমিক আৰু ৰূপান্তৰকাৰী লক্ষ্য তথা টাৰ্গেটৰ এটা সমষ্টি। ইয়াৰ ভিতৰত ১৭টা লক্ষ্য ব্যক্তিৰ সামাজিক কল্যাণৰ সৈতে জড়িত আৰু য'ত সংকল্প কৰা হৈছে: "আমি বৰ্তমান আৰু ২০৩০ৰ মাজত সকলো ঠাইৰ পৰা নিৰ্ধনতা আৰু অনাহাৰক শেষ কৰা; দেশসমূহৰ ভিতৰত আৰু দেশসমূহৰ মাজত বৈষম্যৰ মোকাবিলা কৰা; শান্তিপূৰ্ণ, ন্যায়পূৰ্ণ আৰু সমাৱেশী সমাজৰ নিৰ্মাণ কৰা; মানৱাধিকাৰ ৰক্ষা কৰা তথা লিংগ সমতা আৰু মহিলা আৰু ছোৱালীৰ সবলীকৰণক উদগণি দিয়া; আৰু গ্ৰহ তথা ইয়াৰ প্ৰাকৃতিক সম্পদৰ স্থায়ী সুৰক্ষা সুনিশ্চিত কৰাৰ সংকল্প লৈছো। আমি ৰাষ্ট্ৰীয় বিকাশ তথা ক্ষমতাৰ বিভিন্ন স্তৰত মনোযোগ দি দীৰ্ঘস্থায়ী, সমাৱেশী অৰ্থনৈতিক বিকাশ, সকলোৰে বাবে উমৈহতীয়া সমৃদ্ধি আৰু উৎকৃষ্ট কাৰ্যৰ বাবেও সংকল্প লৈছো।"

 

সামাজিক খণ্ডৰ ব্যয়

বিত্ত বৰ্ষ ২০১৬ৰ পৰা দেশৰ নাগৰিকৰ সামাজিক হিতৰ কেইবাটাও পদক্ষেপৰ ওপৰত মনোযোগ দি সামাজিক সেৱাৰ ওপৰত চৰকাৰৰ ব্যয়ত বৃদ্ধি দেখুওৱা হৈছে। চৰকাৰৰ মুঠ ব্যয়ত সামাজিক সেৱাত ব্যয়ৰ অংশ বিত্ত বৰ্ষ ২০১৮ৰ পৰা বিত্ত বৰ্ষ ২০২০লৈকে প্ৰায় ২৫ শতাংশ হৈছে। বিত্ত বৰ্ষ ২০২৩(বিই)ত এয়া বাঢ়ি ২৬.৬ শতাংশ হয়গৈ। অৰ্থনৈতিক সমীক্ষা অনুসৰি সামাজিক সেৱাৰ ব্যয়ত বিত্ত বৰ্ষ ২০২০ৰ তুলনাত বিত্ত বৰ্ষ ২০২১ত ৮.৪ শতাংশ বৃদ্ধি হয় আৰু বিত্ত বৰ্ষ ২০২১ৰ তুলনাত বিত্ত বৰ্ষ ২০২২ত ৩১.৪ শতাংশ অধিক বৃদ্ধি হয়, মহামাৰীৰ বছৰবিলাকত বিশেষকৈ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ ব্যয়ত বৃদ্ধিৰ আৱশ্যকতা আছিল। য'ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সামাজিক খণ্ডৰ ব্যয় পৰিব্যয় ২০১৫-১৬ত ৯.১৫ লাখ কোটি আছিল এয়া লাহে লাহে বাঢ়ি বিত্ত বৰ্ষ ২০২৩(বিই)ত ২১.৩ লাখ কোটি হৈছেগৈ।

অৰ্থনৈতিক সমীক্ষা অনুসৰি সামাজিক সেৱাৰ মুঠ ব্যয়ত স্বাস্থ্যৰ ওপৰত খৰচৰ অংশ বিত্ত বৰ্ষ ২০১৯ৰ ২১ শতাংশৰ পৰা বাঢ়ি বিত্ত বৰ্ষ ২০২৩(বিই)ত ২৬ শতাংশ হয়গৈ। ১৫তম বিত্ত আয়োগে নিজৰ প্ৰতিবেদনত পৰামৰ্শ দিছিল যে সংঘ আৰু ৰাজ্যসমূহৰ একেলগে মিলাই প্ৰগতিশীল উপায়েৰে সাৰ্বজনীন স্বাস্থ্য ব্যয় ২০২৫লৈকে জিডিপিৰ ২.৫ শতাংশলৈকে বঢ়োৱা উচিত (এফএফচি ৰিপৰ্ট পেৰা ৯.৪১, lll)। এই উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য খণ্ডত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বাজেট ব্যয় বিত্ত বৰ্ষ ২০২৩(বিই)ত জিডিপিৰ ২.১ শতাংশ তথা বিত্ত বৰ্ষ ২০২২(আৰই)ত ২.২ শতাংশলৈকে হয়গৈ আৰু বিত্ত বৰ্ষ ২০২১ত এয়া ১.৬ শতাংশ আছিল।

 

দৰিদ্ৰতা

দৰিদ্ৰতাৰ জোখ প্ৰধানকৈ এটা ভাল জীৱন যাপন কৰিবলৈ মৌদ্ৰিক সম্পদৰ নাটনিৰ ৰূপত কৰা হয়। অৱশ্যে, পৰিভাষা অনুসৰি, 'দৰিদ্ৰতা'ৰ ব্যাপক নিহিতাৰ্থ আছে আৰু এটা সময়তে কেইবাটাও হানি হয়- যেনে বেয়া স্বাস্থ্য তথা কুপোষণ, স্বচ্ছতা, স্বচ্ছ খোৱাপানী বা বিদ্যুৎ, শিক্ষাৰ বেয়া মানদণ্ড আদি। সেয়ে অধিক ব্যাপক ছবি গঢ়িবলৈ বিস্তৃত পৰিসৰৰ দৰিদ্ৰতাৰ জোখ ব্যৱহাৰ কৰা হয়।

এমপিআইত ইউএনডিপিৰ ২০২২ৰ ৰিপৰ্ট অক্টোবৰ, ২০২২ত জাৰি কৰা হৈছিল আৰু ইয়াত ১১১খন উন্নয়নশীল দেশক অন্তৰ্ভুক্ত কৰা হৈছিল। যিমান দূৰ ভাৰতৰ সম্বন্ধ আছে, ২০১৯-২১ৰ সমীক্ষাৰ আকাৰৰ ব্যৱহাৰ কৰা হৈছে। এই অনুমানৰ আধাৰত, ভাৰতত ১৬.৪ শতাংশ জনসংখ্যা (২০২০ত ২২৮.৯ মিলিয়ন লোক) বহু পৰিসৰত দৰিদ্ৰ আৰু অতিৰিক্ত ১৮.৭ শতাংশক বহুস্তৰীয় দৰিদ্ৰতা (২০২০ত ২৬০.৯ মিলিয়ন লোক)ৰ ৰূপত শ্ৰেণীভুক্ত কৰা হৈছে।

ৰিপৰ্ট অনুসৰি, ভাৰতত ২০০৫-০৬ আৰু ২০১৯-২১ৰ মাজত ৪১.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা বাহিৰ হয়। ই স্পষ্ট ৰূপত দেখুৱাইছে যে ৰাষ্ট্ৰীয় পৰিভাষা অনুসৰি ২০৩০লৈকে দৰিদ্ৰতাৰ কবলত থকা সকলো বয়সৰ পুৰুষ, মহিলা আৰু শিশুৰ অনুপাত কমেও আধা কৰাৰ এছডিজিৰ লক্ষ্য ১.২ক তাৰ সকলো পৰিসৰত আহৰণ কৰাটো সম্ভৱপৰ।

 

সামাজিক সেৱা প্ৰদানৰ বাবে আধাৰ:

আধাৰ ৰাজ্যৰ দ্বাৰা সামাজিক প্ৰদানৰ বাবে এক অনিবাৰ্য মাধ্যম। ৩১৮টা কেন্দ্ৰীয় অঞ্চলৰ যোজনা তথা ৭২০ৰো অধিক ৰাজ্য ডিভিটি যোজনা আধাৰ অধিনিয়ম ২০১৬ৰ ধাৰা ৭ৰ জৰিয়তে অধিসূচিত আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰণ, আধাৰ সক্ষম পৰিশোধ প্ৰণালী, জেএএম (জনধন, আধাৰ আৰু মোবাইল) ট্ৰিনিটী এক দেশ এক ৰেচন কাৰ্ড, কোৱিনৰ দৰে বিভিন্ন পদক্ষেপে বিত্তীয় সেৱা, ছাবছিডি আৰু লাভৰ লক্ষিত প্ৰদানৰ বাবে আধাৰৰ ব্যৱহাৰ কৰে।

অৰ্থনৈতিক সমীক্ষা অনুসৰি, ১৩৫.২ কোটি আধাৰ নামাংকন জেনেৰেট কৰা হৈছে। ৭৫.৩ কোটি বাসিন্দাই ৰেচনৰ লাভ ল'বলৈ ৰেচন কাৰ্ডৰ সৈতে নিজৰ আধাৰ লিংক কৰিছে। ইয়াত এইবুলিও কোৱা হৈছে যে ২৭.৯ কোটি বাসিন্দাই এলপিজি ছাবছিডিৰ বাবে ৰন্ধন গেছ কানেকচনৰ সৈতে আধাৰ লিংক কৰিছে তথা ৭৫.৪ কোটি বেংক একাউণ্ট আধাৰৰ সৈতে লিংক কৰা হৈছে আৰু আধাৰ সক্ষম পৰিশোধ প্ৰণালী (এইপিএছ)ৰ মাধ্যমত ১৫০০ কোটিৰো অধিক লেনদেন কৰা হৈছে।

অৰ্থনৈতিক ব্যৱস্থাৰ সমগ্ৰ বিকাশৰ সৈতে আয় (যি ভোজন তথা আশ্ৰয়ৰ দৰে প্ৰধান আৱশ্যকতাৰ উপলব্ধতা নিৰ্ধাৰিত কৰে) তথা শিক্ষা স্তৰৰ পৰম্পৰাগত মেট্ৰিক্সৰ তুলনাত আৰু অধিক তত্ত্ব অন্তৰ্ভুক্ত কৰিবলৈ জীৱনৰ মানদণ্ডৰ সংকল্প বৃদ্ধি কৰা হৈছে। এতিয়া ইয়াত স্বচ্ছ খোৱাপানীৰ সুবিধা, স্বচ্ছতা, সংস্থাপনৰ সম্ভাৱনা, স্বাস্থ্য যতন, সামাজিক সুৰক্ষা, সম্পৰ্ক আদি অন্তৰ্ভুক্ত। এই সকলোৱে একেলগে মিলি জীৱনৰ মানদণ্ড নিৰ্ধাৰিত কৰে। সেয়ে সামাজিক জীৱনৰ ওপৰত আলোকপাতৰ লক্ষ্য "সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস"ৰ ভিজন আহৰণ কৰা।

***

 

RM/SC/NB/JJ



(Release ID: 1895261) Visitor Counter : 177