পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

গুৱাহাটীত ভাৰত ইন্ধন সপ্তাহ ২০২৩ (ইণ্ডিয়া এনাৰ্জি উইক ২০২৩)ৰ ৰাণ-আপ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী

Posted On: 23 JAN 2023 5:47PM by PIB Guwahati

মলীগড় ৰিফাইনেৰী লিমিটেড (এনআৰএল)ৰ দ্বাৰা সমৰ্থিত এটা হাইপাৰ-লোকেল লজিষ্টিক ষ্টাৰ্টআপ বাইকজীৰ এলানি ইভি স্কুটাৰ মন্ত্ৰীবৰ্গই ফ্লেগ অফ কৰিব। গণ্য-মান্য ব্যক্তিসকলে তিনিখন বাঁহৰ নাৰ্ছাৰী পতাৰ বাবে এনআৰএল আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰো সাক্ষ্য বহন কৰিব।

ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰিয়ে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ ৰাজ্য মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীৰ বহুমূলীয়া উপস্থিতিত আজি গুৱাহাটীত ইণ্ডিয়া এনাৰ্জি উইক (আইইডব্লিউ) ২০২৩ৰ এক ৰাণ-আপ অনুষ্ঠানত অধ্যক্ষতা কৰিব।

গুৱাহাটীৰ মাজ মজিয়াত এনআৰএলৰ কেন্দ্ৰ- নুমলীগড় ৰিফাইনেৰী লিমিটেড (এনআৰএল)ৰ কৰ্পৰেট কাৰ্যালয় ভৱন উদ্বোধনেৰে নিজৰ গুৱাহাটী ভ্ৰমণ আৰম্ভ কৰি, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীজনে হোটেল ভিভাণ্টাত আইইডব্লিউ অনুষ্ঠানত ভাগ ল'ব। তেওঁ অসম বায়ো-ৰিফাইনেৰীক দীৰ্ঘকাল ধৰি বাঁহৰ যোগান ধৰি অহা কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিব, এয়া হ'ব নুমলীগড় ৰিফাইনেৰী লিমিটেডে ৰূপায়ণ কৰি থকা ফিডষ্টক হিচাপে বাঁহৰ বায়োমাছেৰে এনেধৰণৰ প্ৰথম 2জি বায়ো ৰিফাইনেৰী।

ইয়াৰ লগতে, মন্ত্ৰীসকলে এনআৰএল সমৰ্থিত এটা হাইপাৰ-লোকেল লজিষ্টিক ষ্টাৰ্টআপ বাইকজীৰ এলানি ইভি স্কুটাৰৰ ফ্লেগ অফ কৰিব। ষ্টাৰ্টআপটোৰ লক্ষ্য হৈছে হাইপাৰ-লোকেল ডেলিভাৰী খণ্ডত কৰ্ম সংস্থাপনৰ সুযোগ প্ৰদান কৰি অৰ্থনৈতিকভাৱে প্ৰান্তীয় সম্প্ৰদায়সমূহক সবল আৰু সুচল কৰা। এটা পৰিৱেশ অনুকূল প্ৰচেষ্টা হিচাপে, জলবায়ু পৰিৱৰ্তন, অপৰিকল্পিত নগৰীকৰণ আৰু ক্ৰমবৰ্ধমান প্ৰদূষণৰ দৰে পৰিৱেশগত কাৰকৰ সৈতে যুঁজ দিবলৈ বাইকজীয়ে এক বৈদ্যুতিন যাতায়াতৰ দিহা কৰিছে। ইয়াৰ লক্ষ্য হৈছে কেৱল নবীকৰণযোগ্য ইন্ধন ব্যৱহাৰ কৰি এক কাৰ্বন উৎসৰ্জন-মুক্ত বিশ্ব গঢ়ি তোলা।

তাৰ পাছত, তিনিখন বাঁহৰ নাৰ্ছাৰী পাতিবলৈ এনআৰএল আৰু অসম চৰকাৰৰ মাজত হ'বলগা এক বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ সাক্ষ্য বহন কৰিব গণ্যমান্য লোকসকলে। প্ৰতিখন নাৰ্ছাৰীয়ে টিছু-কালচাৰ্ড বাঁহৰ পুলি ৰোপনৰ বাবে পাঁচ হেক্টৰ মাটিকালি সামৰি ল'ব আৰু মেক্ৰ প্ৰলিফাৰেচন পদ্ধতি ব্যৱহাৰ কৰি পুলিৰ সংখ্যা বৃদ্ধি কৰিব। এই তিনিখন নাৰ্ছাৰী অসমৰ গোলাঘাট, নগাঁও আৰু শোণিতপুৰত পতা হ'ব।

বাঁহৰ খেতিয়ে কেইবাটাও সামাজিক উপকাৰ সাধন কৰে আৰু সেয়ে ইয়াক "সেউজ সোণ" বুলি জনা যায়। ইয়াৰ বিকাশৰ সময়ত, বাঁহে বায়ুৰ পৰা কাৰ্বন ডাইঅস্কাইড শোষণ কৰে আৰু অক্সিজেন এৰি দিয়ে। যিহেতু বাঁহ অতি সোনকালেই ডাঙৰ হয়, সেয়ে কাৰ্বন শোষণৰ ই এক উৎকৃষ্ট উপায়। এক হেক্টৰ বাঁহৰ খেতিয়ে বছৰি বায়ু মণ্ডলৰ পৰা ১৭ টন কাৰ্বন ডাইঅস্কাইড শোষণ কৰিব পাৰে। এই তিনিখন নাৰ্ছাৰীত সৃষ্টি হোৱা বাঁহৰ পুলি ১৫,০০০ হেক্টৰ মাটিত ৰুব পৰা যাব, আৰু এনেকৈ কাৰ্বন শোষণৰ এটা ব্যৱস্থা সৃষ্টি হ'ব য'ত বছৰি ২.৬ লাখ টন কাৰ্বন বায়ু মণ্ডলৰ পৰা শোষিত হ'ব।

আইইডব্লিউ ২০২৩ হৈছে ভাৰতৰ জি20 অধ্যক্ষতাৰ অধীনত অনুষ্ঠিত প্ৰথমটো প্ৰধান অনুষ্ঠান; কপ২৬ত ২০৭০ৰ ভিতৰত ভাৰতৰ উৎসৰ্জন সম্পূৰ্ণ শূন্য কৰিব বুলি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্পৰ পাছতে ইণ্ডিয়া এনাৰ্জি উইক অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জি উইক হৈছে ভাৰত চৰকাৰৰ সৰ্বোচ্চ স্তৰত সমৰ্থিত একমাত্ৰ সৰ্ব-সমাহিত আন্তর্জাতিক ইন্ধন অনুষ্ঠান, য'ত সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (পিএছইউ)য়ে অংশগ্ৰহণ কৰিব আৰু ফেডাৰেচন অফ ইণ্ডিয়ান পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰি (এফআইপিআই)ৰ দ্বাৰা সমৰ্থিত।

 

***

 

RKJ/M



(Release ID: 1893882) Visitor Counter : 130