জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

বৰ্ষান্ত সমীক্ষা ২০২২: জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়


বিত্ত বৰ্ষ ২০২২-২৩ৰ বাবে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে ৮৪৫১ কোটি টকাৰ বাজেট পৰিব্যয়ত ১২.৩২ শতাংশৰ উল্লেখযোগ্য বৃদ্ধি

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে ১ এপ্ৰিল ২০২২ৰ পৰা ৩১ ডিচেম্বৰ ২০২২লৈকে ডিবিটিৰ মাধ্যমত ২৬.৩৭ লাখ জনজাতীয় ছাত্ৰ-ছাত্ৰীক ছাত্ৰবৃত্তি প্ৰদান কৰে

মন্ত্ৰীসভাই বিত্ত বৰ্ষ ২০২১-২২ৰ পৰা ২০২৫-২৬ৰ বাবে ৪৫২খন নতুন একলব্য মডেল আৱাসিক বিদ্যালয় স্থাপন, বিদ্যমান ২১১খন বিদ্যালয়ৰ উন্নয়ন তথা খেলৰ বাবে ১৫টা উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ বাবে ২৮,৯২০ কোটি টকাৰ মুঠ পৰিব্যয়ত মঞ্জুৰী দিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ১৫ নৱেম্বৰ ২০২২ত জনজাতীয় গৌৰৱ দিৱস সমাৰোহৰ নেতৃত্ব দিয়ে

ঝাৰখণ্ড, ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতিৰ তালিকাত সংশোধন অধিসূচিত কৰা হয়। তামিলনাডু আৰু কৰ্ণাটকৰ অনুসূচিত জনজাতিৰ তালিকাত সংশোধনৰ বাবে বিধেয়ক সংসদৰ দ্বাৰা পাৰিত কৰা হয়। হিমাচল প্ৰদেশ আৰু ছত্তিশগড়ৰ অনুসূচিত জনজাতিৰ তালিকাত সংশোধনৰ বাবে বিধেয়ক লোকসভাত পাৰিত কৰা হয় তথা ৰাজ্যসভাত লম্বিত

শ্ৰী অমিত শ্বাহে ৭ জুন ২০২২ত নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰে

ঝা

Posted On: 31 DEC 2022 12:46PM by PIB Guwahati

অনুসূচিত জনজাতি (এছটি) ভাৰতৰ জনসংখ্যাৰ প্ৰায় ৮.৬ শতাংশ যাৰ সংখ্যা হৈছে প্ৰায় ১০.৪ কোটি। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৪২ৰ জৰিয়তে ৭৩০ৰো অধিক অনুসূচিত জনজাতি অধিসূচিত আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস' ভিজন অনুসৰি, ভাৰত চৰকাৰে জনজাতিৰ বিকাশ তথা তেওঁলোকৰ ঐতিহ্য আৰু সংস্কৃতিৰ সংৰক্ষণৰ ওপৰত প্ৰাথমিকতাৰ ৰূপত মনোযোগ দিছে।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে এই ভিজন আৰু জনজাতিৰ কল্যাণৰ বাবে নিজৰ স্থায়ী সংকল্প অনুসৰি বিত্তীয় সম্পদৰ সংবৰ্ধিত আৱণ্টন, প্ৰয়াসৰ সংযোজন, মন্ত্ৰালয়ৰ যোজনা নিৰ্মাণ তথা ৰূপায়ণ তন্ত্ৰৰ পুনৰ গঠনৰ মাধ্যমত আঞ্চলিক বিকাশৰ বাবে নিজক প্ৰস্তুত কৰিছে।

 

২০২২ৰ সময়ছোৱাত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰধান বিশেষত্ব এনেধৰণৰ:

-বিত্ত বৰ্ষ ২০২২-২৩ৰ বাবে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে ৮৪৫১ কোটি টকাৰ বাজেট পৰিব্যয়ত ১২.৩২ শতাংশৰ উল্লেখযোগ্য বৃদ্ধি।

বিত্ত বৰ্ষ ২০২২-২৩ৰ বাবে বাজেট পৰিব্যয়ত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে ৮৪৫১ কোটি টকাৰ বৰ্ধিত মুঠ বাজেট পৰিব্যয় নিৰ্ধাৰিত কৰাৰ বিপৰীতে বিত্ত বৰ্ষ ২০২১-২২ৰ বাবে বাজেট পৰিব্যয় ৭৫২৪.৮৭ কোটি টকাৰ আছিল। এইদৰে, ইয়াত ১২.৩২ শতাংশ বৃদ্ধি কৰা হয়।

অনুসূচিত জনজাতি ঘটক হিচাপে ৮৭,৫৮৪ কোটি টকাৰ ধনৰাশি আৱণ্টন কৰাৰ বিপৰীতে ইয়াতকৈ যোৱা বছৰ এই পৰিমাণ ৭৮,২৫৬ কোটি টকা আছিল। অনুসূচিত জনজাতিৰ কল্যাণ আৰু জনজাতীয় ক্ষেত্ৰৰ বিকাশৰ বাবে ৪১টা কেন্দ্ৰীয় মন্ত্ৰালয়ৰ দ্বাৰা এই ধনৰাশি আৱণ্টন কৰাৰ প্ৰয়োজন আছে।

-জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ১ এপ্ৰিল ২০২২ৰ পৰা ৩১ ডিচেম্বৰ ২০২২লৈকে ডিবিটিৰ মাধ্যমত ২৬.৩৭ লাখ জনজাতীয় ছাত্ৰ-ছাত্ৰীক ছাত্ৰবৃত্তি প্ৰদান কৰে।

-জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ১ এপ্ৰিল ২০২২ৰ পৰা ৩১ ডিচেম্বৰ ২০২২লৈকে ২৬৩৭৬৬৯গৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন ছাত্ৰবৃত্তি যোজনা যেনে, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিক-পূৰ্ব ছাত্ৰবৃত্তি, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিক-পৰৱৰ্তী ছাত্ৰবৃত্তি, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চতৰ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় আঁচনি, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰী (টপ ক্লাছ)ৰ বাবে উচ্চতৰ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তি স্কিম, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীক বিদেশত পঢ়িবলৈ ৰাষ্ট্ৰীয় অভাৰচিজ ছাত্ৰবৃত্তিৰ বাবে ২১৪৯.৭০ কোটি টকাৰ এক ধনৰাশি প্ৰদান কৰা হয়।

(ছাত্ৰবৃত্তি ভিত্তিক বিৱৰণ অনুবন্ধ ১ত সংলগ্ন আছে)

 

-ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ১৫ নৱেম্বৰ ২০২২ত জনজাতীয় গৌৰৱ দিৱস সমাৰোহৰ নেতৃত্ব কৰে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চলিত বছৰৰ ১৫ নৱেম্বৰ ২০২২ত জনজাতীয় গৌৰৱ দিৱস সমাৰোহৰ নেতৃত্ব কৰে। জনজাতীয় গৌৰৱ দিৱসত ১৫ নৱেম্বৰত ৰাষ্ট্ৰপতিয়ে ঝাৰখণ্ডৰ খুণ্টি জিলাত উলিহাতু গাঁও (ভগৱান বীৰছা মুণ্ডাৰ জন্মস্থান) ভ্ৰমণ কৰে আৰু তেওঁক পুষ্পাঞ্জলি অৰ্পণ কৰে।

গাঁও আৰু দূৰৈৰ অঞ্চলসহ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আৰু গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিভিন্ন সমাৰোহ আৰু কাৰ্যক্ৰমৰ যোজনা প্ৰস্তুত কৰা হৈছিল। যুৱক-যুৱতীৰ সমদল আৰু ৰাজ্যসমূহৰ ৰাজধানীত ৰাজ্যসমূহৰ জনজাতীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন, সাংস্কৃতিক কাৰ্যক্ৰমৰ আয়োজন, সন্মিলন/কৰ্মশালাৰ আয়োজন, নিবন্ধ, গায়ন, নৃত্য, ক্ৰীড়া তথা চিত্ৰশিল্পৰ প্ৰতিযোগিতাৰ দৰে বিভিন্ন কাৰ্যক্ৰমৰ আয়োজন কৰা হৈছিল। ৰাজ্য চৰকাৰসমূহ তথা ৰাজ্য জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত দেশজুৰি স্বচ্ছতা অভিযানৰো আয়োজন কৰা হয়।

 

-উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি শ্ৰী জগদীপ ধনখৰে জনজাতীয় গৌৰৱ দিৱস ২০২২ত পুষ্পাঞ্জলি অৰ্পণ কৰে

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি শ্ৰী জগদীপ ধনখৰে অন্য সংসদ সদস্য তথা জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়া আৰু অন্য লোকৰ সৈতে জনজাতীয় গৌৰৱ দিৱস ২০২২ত ১৫ নৱেম্বৰ ২০২২ত সংসদ ভৱন পৰিসৰত ঐতিহাসিক জনজাতীয় স্বাধীনতা সেনানী ভগৱান বীৰছা মুণ্ডাক পুষ্পাঞ্জলি অৰ্পণ কৰে।

-জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা সমাজে কেইবাটাও কাৰ্যক্ৰমৰ আয়োজন কৰে

i) ইএমআৰএছ শিলান্যাস আৰু উদ্ঘাটন সমাৰোহ

বিত্ত বৰ্ষ ২০২২-২৩ত কেন্দ্ৰীয় আৰু ৰাজ্য স্তৰৰ গণ্য মান্য ব্যক্তিসকলৰ দ্বাৰা ২০খন ইএমআৰএছৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। এই বিদ্যালয়ৰ স্থাপন ৬খন ৰাজ্যৰ ১৪খন জিলাত কৰি থকা হৈছে। ২০খন বিদ্যালয়ৰ ভিতৰত ১১খন নাগালেণ্ডত, ৫খন উৰিষ্যাত আৰু ১-১খন গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু মণিপুৰত। এই বিদ্যালয় দেশৰ সবাতোকৈ সুদূৰ পাহাৰীয়া তথা বনাঞ্চলত স্থিত। (তালিকা অনুবন্ধ ২ত আছে)

ৰাষ্ট্ৰপতি শীমতী দ্ৰৌপদী মুৰ্মুৱে নাগালেণ্ডত ১০খন ইএমআৰএছৰ বাবে আধাৰশিলা স্থাপন কৰে

প্ৰগতিশীল ভাৰত তথা ইয়াৰ মানুহ, সংস্কৃতি তথা উপলব্ধিৰ ৭৫ বছৰৰ গৌৰৱশালী ইতিহাসৰ সমাৰোহ পালন কৰিবলৈ ভাৰত চৰকাৰৰ এটা পদক্ষেপ, আজাদী কা অমৃত মহোৎসৱৰ এটা অংশ হিচাপে বিত্ত বৰ্ষ ২০২২-২৩ত কেন্দ্ৰীয় আৰু ৰাজ্য স্তৰৰ গণ্য মান্য ব্যক্তিসকলৰ দ্বাৰা ইএমআৰএছৰ উদ্ঘাটন কৰা হয়। উদ্ঘাটন কৰা ১২খন বিদ্যালয়ৰ ভিতৰত ৪খন বিদ্যালয়ৰ উদ্ঘাটন অন্ধ্ৰপ্ৰদেশত, ২-২খনকৈ বিদ্যালয়ৰ উদ্ঘাটন অৰুণাচল প্ৰদেশ আৰু কেৰালাত আৰু ১-১খনকৈ বিদ্যালয়ৰ উদ্ঘাটন গুজৰাট, ছিক্কিম, তামিলনাডু আৰু তেলেংগানাত কৰা হয়। (সূচী অনুবন্ধ ৩ত আছে)

ii) সাংস্কৃতিক মিলন ২০২২

জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা সমাজ (এনইএছটিএছ)য়ে ৩১ অক্টোবৰৰ পৰা ২ নৱেম্বৰ ২০২২লৈকে কৰ্ণাটকৰ বেংগালুৰুত ইএমআৰএছ ৰাষ্ট্ৰীয় সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰে। এই ঐতিহাসিক সময়ত জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিংহ সৰুতা মুখ্য অতিথি আছিল।

iii) ইএমআৰএছ খেল বৈঠক ২০২২

ইএমআৰএছ খেল বৈঠক ২০২২ৰ তৃতীয় সংস্কৰণৰ আয়োজন ১৭ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰ ২০২২লৈকে কৰা হয়। জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিংহ সৰুতাৰ দ্বাৰা এই সমাৰোহৰ আনুষ্ঠানিক ৰূপত উদ্ঘাটন কৰা হয়। খেলো ইণ্ডিয়াৰ ভাবনাৰ ৰেঙনি দেখুৱাই ইএমআৰএছ ৰাষ্ট্ৰীয় খেল বৈঠকে ছাত্ৰ-ছাত্ৰীৰ মাজত খেলত অংশগ্ৰহণৰ এক শক্তিশালী ভাবনাৰ সৃষ্টি কৰে যি জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাভাৱিকভাৱেই থাকে আৰু য'ত তেওঁলোক নিপুণ হয়। এই বৈঠকে জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ খেলত বিপুল ক্ষমতা প্ৰদৰ্শন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

iv) ইএমআৰএছ শিক্ষকক ৰাষ্ট্ৰীয় পুৰস্কাৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ছিক্কিমৰ একলব্য মডেল আৱাসিক বিদ্যালয় (ইএমআৰএছ) গংগয়েপৰ এজন সক্ষম তথা অসাধাৰণ প্ৰাচাৰ্য শ্ৰী সিদ্ধাৰ্থ যোনজোনক ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ-২০২২ প্ৰদান কৰে। শ্ৰী সিদ্ধাৰ্থ যোনজোনে ইএমআৰএছ গংগয়েপৰ প্ৰতিষ্ঠা বৃদ্ধি কৰাত উল্লেখযোগ্য বৰঙণি আগবঢ়াই নিজৰ পেশাৰ প্ৰতি নিজৰ সংকল্পবদ্ধতা আৰু নিষ্ঠা দেখুৱায় আৰু বিদ্যালয়ক নতুন উচ্চতালৈ লৈ গৈছে। তেওঁ এই প্ৰতিষ্ঠিত পুৰস্কাৰ লাভ কৰা কোনো ইএমআৰএছ বিদ্যালয়ৰ তৃতীয় শিক্ষক। ইয়াক লাভ কৰা আন দুজন শিক্ষকৰ ভিতৰত আছে ২০২১ত ছত্তিশগড়ৰ বাস্তাৰৰ কৰপাৱাণ্ড, কৰপাৱাণ্ড বকাৱাণ্ডৰ একলব্য মডেল আৱাসিক বিদ্যালয়ৰ প্ৰবক্তা শ্ৰী প্ৰমোদ কুমাৰ শুক্লা তথা ২০২০ত উত্তৰাখণ্ডৰ ডেৰাডুনৰ জোগলা, কলসী একলব্য মডেল আৱাসিক বিদ্যালয়ৰ উপ-প্ৰাচাৰ্য শ্ৰীমতী সুধা পেনুলী অন্তৰ্ভুক্ত আছে।

-ঝাৰখণ্ড, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তিশগড় ৰাজ্যৰ অনুসূচিত জনজাতিৰ তালিকাত কিছু বিশেষ সমুদায়ৰ সমাৱেশন অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ তালিকাত সংশোধন

১। সমুদায়ৰ সূচীৰ সন্দৰ্ভত অধিসূচনা

ক্ৰম সংখ্যা

আদেশৰ নাম

অধিসূচনাৰ তাৰিখ

ৰাজ্য/ইউটিৰ নাম যাৰ বাবে প্ৰযোজ্য (যেনেদৰে সংশোধিত)

অন্তৰ্ভুক্ত কৰা সমুদায়

সংবিধান (অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি) আদেশ (সংশোধন) অধিনিয়ম ২০২২ (২০২২ৰ সংখ্যা ৮)

৮-৪-২০২২

-

ঝাৰখণ্ড

i

অনুসূচিত জাতিৰ তালিকাত ক্ৰম সংখ্যা ৩ত সূচীবদ্ধ ভোক্তাক আঁতৰোৱা হয়

ii

অনুসূচিত জনজাতিৰ তালিকাত এটা নতুন প্ৰৱিষ্টিৰ ৰূপত পূৰণক অন্তৰ্ভুক্ত কৰা হয় আৰু

iii

অনুসূচিত জনজাতিৰ সূচীত ক্ৰম সংখ্যা ১৬ত প্ৰৱিষ্টি, খৰৱাৰৰ পৰ্যায়বাসী হিচাপে ভোক্তা, দেশৱাৰী, গনঝু, দোতালবন্দী (দৱালবন্দী), পটবন্দী, ৰাউত, মাঝিয়া, খৈৰী (খেৰী)ৰ সমাৱেশন

iv

অনুসূচিত জনজাতিৰ তালিকাত ক্ৰম সংখ্যা ২৪ত (মুণ্ডা)ৰ পৰ্যায়বাসী হিচাপে তামডিয়া/তামাডিয়াৰ সমাৱেশন

সংবিধান (অনুসূচিত জনজাতি) আদেশ (সংশোধন) অধিনিয়ম ২০২২ (২০২২ৰ সংখ্যা ৯)

১৮-৪-২০২২

ত্ৰিপুৰা

ত্ৰিপুৰা ৰাজ্যৰ অনুসূচিত জনজাতিৰ সংখ্যাত প্ৰৱিষ্টি ৯ত 'কুকি' উপ জনজাতি হিচাপে দাৰলোং

সংবিধান (অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি) আদেশ (দ্বিতীয় সংশোধন) অধিনিয়ম ২০২২ (২০২২ৰ সংখ্যা ২০)

২৪-১২-২০২২

উত্তৰপ্ৰদেশ

উত্তৰপ্ৰদেশৰ সন্ত কবীৰনগৰ, কুশীনগৰ, চন্দৌলী আৰু ভদোহী জিলাত গোণ্ড, ধুৰিয়া, নায়ক, ওঝা, পঠাৰী, ৰাজগোণ্ড

 

২। সংসদৰ দুয়োখন সদনত বিধেয়ক পাৰিত হয় যদিও মাননীয় ৰাষ্ট্ৰপতিৰ সন্মতিৰ অপেক্ষাত

 

ক্ৰম সংখ্যা

বিধেয়কৰ নাম

সমুদায়

স্থিতি

সংবিধান (অনুসূচিত জনজাতি) আদেশ (দ্বিতীয় সংশোধন) বিধেয় ২০২২ (তামিলনাডু ৰাজ্য সন্দৰ্ভত)

কুৰিবিক্ৰমৰ লগতে নৰকোৰিবন

কেবিনেটৰ মঞ্জুৰী- ১৪-০৯-২০২২

 

লোকসভাত প্ৰস্তুত ০৯-১২-২০২২

 

লোকসভাত পাৰিত ১৫-১২-২০২২

 

ৰাজ্যসভাত পাৰিত ২২-১২-২০২২

 

মাননীয় ৰাষ্ট্ৰপতিৰ সন্মতিৰ অপেক্ষাত, সন্মতি পালেই ইয়াক এক অধিনিয়ম হিচাপে অধিসূচিত কৰা হ'ব

সংবিধান (অনুসূচিত জনজাতি) আদেশ (চতুৰ্থ সংশোধন) বিধেয়ক ২০২২ (কৰ্ণাটক ৰাজ্য সন্দৰ্ভত)

কৰ্ণাটকৰ অনুসূচিত জনজাতিৰ তালিকাত ক্ৰম সংখ্যা ১৬ত 'কাদু কুৰুবা'ৰ পৰ্যায়বাসী হিচাপে বেট্টা-কুৰুবা

কেবিনেটৰ মঞ্জুৰী- ১৪-০৯-২০২২

 

লোকসভাত প্ৰস্তুত ০৯-১২-২০২২

 

লোকসভাত পাৰিত ১৯-১২-২০২২

 

ৰাজ্যসভাত পাৰিত ২২-১২-২০২২

 

মাননীয় ৰাষ্ট্ৰপতিৰ সন্মতিৰ অপেক্ষাত, সন্মতি পালেই ইয়াক এক অধিনিয়ম হিচাপে অধিসূচিত কৰা হ'ব

 

৩। সংসদত লম্বিত বিধেয়ক

 

ক্ৰম সংখ্যা

বিধেয়কৰ নাম

সমুদায়

স্থিতি

সংবিধান (অনুসূচিত জনজাতি) আদেশ (তৃতীয় সংশোধন) বিধেয়ক ২০২২ (হিমাচল প্ৰদেশ ৰাজ্য সন্দৰ্ভত)

অনুসূচিত জনজাতিৰ তালিকাত সিৰমোৰ জিলাৰ ট্ৰান্স গিৰি ক্ষেত্ৰৰ 'হট্টী' সমুদায়ক অন্তৰ্ভুক্ত কৰা, সেইসমূহ সমুদায়ক বাহিৰ কৰা যি হিমাচল প্ৰদেশ ৰাজ্যৰ বাবে অনুসূচিত জাতি হিচাপে আগৰে পৰা অধিসূচিত

কেবিনেটৰ মঞ্জুৰী- ১৪-০৯-২০২২

 

লোকসভাত প্ৰস্তুত ০৯-১২-২০২২

 

লোকসভাত পাৰিত ১৬-১২-২০২২

 

স্থিতি ৰাজ্যসভাত লম্বিত

 

অহা বাজেট অধিৱেশনত পৰৱৰ্তী কাৰ্য কৰিব পাৰি

সংবিধান (অনুসূচিত জনজাতি) আদেশ (পঞ্চম সংশোধন) বিধেয়ক ২০২২ (ছত্তিশগড় ৰাজ্য সন্দৰ্ভত)

নিম্নলিখিত সমাৱেশন আছে:

 

-প্ৰৱিষ্টি সংখ্যা ৫ত ভাৰিয়া ভূমিয়াৰ পৰ্যায়বাসীৰ ৰূপত ভূইঁয়া, ভূইয়াঁ, ভূয়াঁ

 

ইয়াৰ ইংৰাজী ভাৰ্ছনক সলনি নকৰাকৈ ভাৰিয়াৰ ভৰিয়াৰ ৰূপত সংশোধন, যেনে প্ৰৱিষ্টি সংখ্যা ৫ত ভৰিয়া

 

-প্ৰৱিষ্টি সংখ্যা ৫ত পণ্ডোৰ ৰূপান্তৰ দেৱনাগৰী ভাৰ্ছনৰ ৰূপত পাণ্ডুৰ লগতে পঁডো, পণ্ডো, পন্ডো

 

-প্ৰৱিষ্টি সংখ্যা ১৪ত ধনৱাৰৰ পৰ্যায়বাসীৰ ৰূপত ধনুহাৰ/ধনুৱাৰ

 

-ইংৰাজী টেক্সটত সলনি নকৰাকৈ এছটি তালিকাত প্ৰৱিষ্টি সংখ্যা ১৬ত গদবা

 

-প্ৰৱিষ্টি সংখ্যা ১৬ত দেৱনাগৰী ভাৰ্ছনৰ এটা ৰূপান্তৰ হিচাপে গোণ্ডৰ লগতে গোঁড়

 

-প্ৰৱিষ্টি সংখ্যা ২৩ত কোন্ধৰ লগতে কোন্দ

 

-প্ৰৱিষ্টি সংখ্যা ২৭ত দেৱনাগৰী ভাৰ্ছনৰ এটা ৰূপান্তৰ হিচাপে কোডাকুৰ লগতে কোড়াকু

 

-প্ৰৱিষ্টি সংখ্যা ৩২ত নগেসিয়া, নাগাসিয়াৰ পৰ্যায়বাসীৰ ৰূপত কৃষক

 

-'ধাংগড়'ৰ প্ৰতিষ্ঠাৰ দ্বাৰা প্ৰৱিষ্টি সংখ্যা ৩৩ত অধিসূচিত হিন্দী ভাৰ্ছনত 'ধনগড়'ৰ সংশোধন

 

-প্ৰৱিষ্টি সংখ্যা ৪১ত সাৱৰ, সৱৰাৰ পৰ্যায়বাসীৰ ৰূপত সৌঁৰা, সঁৱৰা

 

-প্ৰৱিষ্টি সংখ্যা ৪৩ত বিনঝিয়া

কেবিনেটৰ মঞ্জুৰী- ১৪-০৯-২০২২

 

লোকসভাত প্ৰস্তুত ০৯-১২-২০২২

 

লোকসভাত পাৰিত ২১-১২-২০২২

 

স্থিতি ৰাজ্যসভাত লম্বিত

 

অহা বাজেট অধিৱেশনত পৰৱৰ্তী কাৰ্য কৰিব পাৰি

 

-গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় গৱেষণা প্ৰতিষ্ঠান উদ্ঘাটন কৰে

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা আজাদী কা অমৃত মহোৎসৱ সমাৰোহৰ এটা অংশ হিচাপে, গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৭ জুন, ২০২২ত নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় গৱেষণা প্ৰতিষ্ঠান উদ্ঘাটন কৰে।

এনটিআৰআই এটা প্ৰধান আৰু সৰ্বোচ্চ ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিষ্ঠান আৰু ইয়াৰ পৰিকল্পনা একাডেমিক, কাৰ্যকৰী আৰু বিধায়ী ক্ষেত্ৰত জনজাতীয় বিচাৰ, বিষয়ৰ আধাৰ হিচাপে কৰা হৈছে। ই অন্য বিখ্যাত গৱেষণা প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, সংগঠন তথা একাডেমিক নিকায় আৰু সম্পদ কেন্দ্ৰৰ সৈতে সহযোগ আৰু নেটৱৰ্ক স্থাপন কৰে। ই ২৭টা জনজাতীয় গৱেষণা প্ৰতিষ্ঠান (টিআৰআই), উৎকৃষ্টতা কেন্দ্ৰ (চিঅ'ই), এনএফএছটিৰ গৱেষণা বিদ্বানৰ পৰিকল্পনাৰ নিৰীক্ষণো কৰে আৰু ই গৱেষণা তথা প্ৰশিক্ষণৰ মানদণ্ড সংশোধনৰ বাবে ব্যৱস্থা কৰে।

-জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে অনুসূচিত জনজাতিৰ সাংসদৰ উপস্থিতিত ২৩ জুলাই ২০২২ত জনজাতীয় পদ্ম পুৰস্কাৰ বিজেতাসকলক সন্মানিত কৰে

ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হোৱাত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ঐতিহাসিক বিজয়ৰ সমাৰোহ পালন কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ২৩ জুলাই ২০২২ত নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় গৱেষণা প্ৰতিষ্ঠানত দেশৰ জনজাতীয় পদ্ম পুৰস্কাৰ বিজেতা তথা অনুসূচিত জনজাতিৰ সাংসদসকলৰ আতিথ্য কৰে।

-সংবিধানৰ অনুচ্ছেদ ২৭৫ (১)ৰ জৰিয়তে অনুদান

সংবিধানৰ অনুচ্ছেদ ২৭৫ (১)ৰ ব্যৱস্থা অনুসৰি, অনুসূচিত ক্ষেত্ৰত প্ৰশাসনৰ স্তৰ বৃদ্ধি কৰিবলৈ তথা জনজাতীয় লোকৰ কল্যাণৰ বাবে অনুসূচিত জনজাতি অধ্যুষিত ২৬খন ৰাজ্যলৈ অনুদান জাৰি কৰা হয়। এয়া এক বিশেষ ক্ষেত্ৰীয় কাৰ্যক্ৰম আৰু ৰাজ্যক ১০০ শতাংশ অনুদান প্ৰদান কৰা হয়। শিক্ষা, স্বাস্থ্য, দক্ষতা বিকাশ, জীৱিকা, খোৱাপানী, স্বচ্ছতা আদি ক্ষেত্ৰত আন্তঃগাঁথনিৰ কাৰ্যকলাপত ব্যৱধান হ্ৰাস কৰিবলৈ এছটি জনসংখ্যাৰ নিৰ্ণিত আৱশ্যকতাৰ আধাৰত পুঁজি জাৰি কৰা হয়।

-জনজাতীয় বিকাশৰ বাবে প্ৰতিবছৰে ডিএপিএছটি/টিএছপি ফাণ্ড নিৰ্ধাৰিত কৰিবলৈ ৪২টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগক অধিদেশিত কৰা হৈছে

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৪২ৰ জৰিয়তে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশ (ইউটি)ত প্ৰসাৰিত ৭৩০ৰো অধিক অনুসূচিত জনজাতি অধিসূচিত। নবীনতম দিশনিৰ্দেশ অনুসৰি, জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত, ৪১টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগে ডিএপিএছটি ফাণ্ড হিচাপে নিজৰ মুঠ যোজনা আৱণ্টনৰ এক নিশ্চিত শতাংশ নিৰ্ধাৰিত কৰি আছে। ডিএপিএছটি ফাণ্ডৰ ব্যয় প্ৰতিবছৰে বচনবদ্ধ কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ দ্বাৰা দেশত অনুসূচিত জনজাতিৰ ত্বৰিত সামাজিক-অৰ্থনৈতিক বিকাশৰ বাবে শিক্ষা, স্বাস্থ্য, কৃষি, জলসিঞ্চন, পথ, আৱাস, খোৱাপানী, বৈদ্যুতিকৰণ, সংস্থাপন সৃষ্টি, দক্ষতা বিকাশ আদিৰ সৈতে সম্পৰ্কযুক্ত তেওঁলোকৰ যোজনাৰ বাবে কৰা হয়। ইয়াৰ উপৰিও, ৰাজ্য চৰকাৰসমূহৰ পৰাও মুঠ ৰাজ্য যোজনাৰ সন্দৰ্ভত ৰাজ্যত এছটি অধ্যুষিত (লোকপিয়ল ২০১১)ৰ অনুপাতত জনজাতি উপ-যোজনা (টিএছপি) ফাণ্ড নিৰ্ধাৰিত কৰাৰ অপেক্ষা কৰা হয়।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ৯ আগষ্ট ২০২২ত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাৰ সৈতে ৩৭৮খন স্কুলৰ ইএমআৰএছ ছাত্ৰ-ছাত্ৰীৰ এক ভাৰ্চুৱেল বাৰ্তালাপৰ আয়োজন কৰে

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ৯ আগষ্ট ২০২২ত বিশ্বৰ ভাৰতীয় লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় গৱেষণা প্ৰতিষ্ঠানত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা তথা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা আৰু জলশক্তি ৰাজ্য মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডুৰ সৈতে ৩৭৮খন স্কুলৰ ইএমআৰএছ ছাত্ৰ-ছাত্ৰীৰ এক ভাৰ্চুৱেল পাৰস্পৰিক বাৰ্তা 'সংবাদ'ৰ আয়োজন কৰে। ৩৭৮খন ইএমআৰএছে ভাৰ্চুৱেল পদ্ধতিত পৰস্পৰ বাৰ্তা সত্ৰত অন্তৰ্ভুক্ত হয়।

 

খুণ্টিত মেগা স্বাস্থ্য শিৱিৰ আয়োজিত, ৬০,০০০ৰো অধিক লোকে ভাগ লয়

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, আয়ুষ মন্ত্ৰালয় আৰু স্থানীয় প্ৰশাসনে সংযুক্ত ৰূপত ঝাৰখণ্ডত ২৬ জুন, ২০২২ত মেগা স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে। দেশজুৰি ৩৫০ৰো অধিক চিকিৎসকে সিকল চেল ৰোগ, ৰক্তহীনতা আৰু অন্য ৰোগৰ বাবে ৬০,০০০ৰো অধিক জনজাতীয় লোকৰ চিকিৎসাৰ বাবে একত্ৰিত হয়। স্বাস্থ্য মেলাত, চিকিৎসকসকলে বিনামূলীয়া পৰীক্ষা কৰে আৰু বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে।

 

-কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই পালঘৰত 'মন্থন শিৱিৰ' উদ্ঘাটন কৰে

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই ১৪ জুলাই, ২০২২ত মহাৰাষ্ট্ৰৰ পালঘৰত জনজাতীয় সমুদায়ৰ কৰ্তৃত্ব, কল্যাণ তথা বিকাশৰ ওপৰত এখন দুদিনীয়া সন্মিলন 'মন্থন শিৱিৰ'ৰ উদ্ঘাটন কৰে। ইয়াত অনুসূচিত জনজাতি ঘটক (https://stcmis.gov.in/) জনজাতীয় লোকৰ স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত চৰ্চাও অন্তৰ্ভুক্ত আছিল।

মহাৰাষ্ট্ৰৰ অতিৰিক্ত, জম্মু-কাশ্মীৰ, বিহাৰ, ছত্তিশগড়, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰপ্ৰদেশ, গোৱা, ঝাৰখণ্ড, পশ্চিমবংগ, মণিপুৰ, ত্ৰিপুৰা, গুজৰাট, দাদৰ আৰু নগৰ হাভেলি, অসম, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ, ছিক্কিম, নাগালেণ্ড, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুৰ জনজাতীয় কল্যাণ বিভাগৰ প্ৰতিনিধিয়েও সন্মিলনত ভাগ লয়।

 

-জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ১৭ ফেব্ৰুৱাৰী, ২০২২ত তেলেংগানাৰ ৰাজ্যিক মহোৎসৱ মেদৰাম জাথাৰাক সীমাহীন উৎসাহেৰে সমৰ্থন দিয়ে

আজাদী কা অমৃত মহোৎসৱৰ জৰিয়তে, ভাৰত চৰকাৰে ঘোষণা কৰে যে জনজাতীয় সংস্কৃতি আৰু ঐতিহ্য ২০২২ৰ আকৰ্ষণ হ'ব। মেদৰাম জাথাৰাৰ আয়োজন দেৱী সম্মকা আৰু দেৱী সৰলাম্মাৰ সন্মানত কৰা হয়। ইয়াৰ আয়োজন দুবছৰত এবাৰ "মাঘ" (ফেব্ৰুৱাৰী) মাহত পূৰ্ণিমাৰ দিনা কৰা হয়। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে মেদৰাম জাথাৰা ২২ৰ পৰা সম্পৃক্ত বিভিন্ন কাৰ্যকলাপৰ বাবে ২.২৬ কোটি টকাৰ মঞ্জুৰী দিয়ে। মেদৰাম জাথাৰা ভাৰতৰ দ্বিতীয় সবাতোকৈ ডাঙৰ মেলা যাক তেলেংগানাৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় সমুদায়- কোয়া জনজাতিৰ দ্বাৰা চাৰি দিন ধৰি পালন কৰা হয়। ইয়াৰ উপৰিও, এয়া তেওঁলোকৰ ব্যতিক্ৰমী জনজাতীয় পৰম্পৰা আৰু সংস্কৃতি তথা ঐতিহ্যক সংৰক্ষণ কৰাত জনজাতিসকলক সহায় কৰে আৰু বিশ্বজনীন স্তৰত তেওঁলোকৰ জনজাতীয় ইতিহাসক উৎসাহিত কৰে।

 

-বন অধিকাৰ অধিনিয়ম (এফআৰএ) বৰ্ষ ২০২২ৰ সময়ছোৱাত প্ৰাপ্তি, অনুসূচিত জনজাতি আৰু অন্য পৰম্পৰাগত বনবাসী (বন অধিকাৰৰ মান্যতা) অধিনিয়ম, ২০০৬

জম্মু আৰু কাশ্মীৰে বন অধিকাৰ অধিনিয়মৰ ৰূপায়ণ আৰম্ভ কৰে। ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্য অনুসৰি, ৩০-০৬-২০২২লৈকে ৪৪,৪৬,১০৪টা বন অধিকাৰ দাবী (৪২,৭৬,৮৪৪টা ব্যক্তিগত দাবী তথা ১,৬৯,২৬০টা সামূহিক দাবী) নথিভুক্ত কৰা হয় আৰু ২২,৩৫,৮৪৫টা টাইটেল (২১,৩৩,২৬০টা ব্যক্তিগত টাইটেল তথা ১,০২,৫৮৫টা সামূহিক টাইটেল) বিতৰণ কৰা হৈছে আৰু একৰত বন ভূমিৰ সীমা ১,৬০,৩০,৬৪০.৬৮ (৪৫,৪৮,১১৯টা ব্যক্তিগত তথা ১,১৪,৮২,৫২১টা সামূহিক)। এছটি আৰু অন্য পৰম্পৰাগত বনবাসী (বন অধিকাৰৰ মান্যতা) অধিনিয়ম, ২০০৬ৰ জৰিয়তে মুঠ ৩৯,০৯,৬৮৮ (৮৭.৯৪ শতাংশ) দাবী নিষ্পত্তি কৰা হৈছে।

কেলেণ্ডাৰ বছৰৰ সময়ছোৱাত এফআৰএৰ প্ৰভাৱশালী তথা ত্বৰিত ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে ২১-১০-২০২২ত জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ অধ্যক্ষতাত এখন বৈঠক আয়োজিত কৰা হৈছিল।

 

ডিজিটেল উদ্যমিতাৰ মাধ্যমত জনজাতীয় সমুদায়ৰ উত্থানৰ বাবে জিঅ'এএল কাৰ্যক্ৰমৰ দ্বিতীয় পৰ্যায় ২৮ জুন ২০২২ত লঞ্চ কৰা হৈছে

জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই গইং অনলাইন এজ লিডাৰ্ছ (জিঅ'এএল) কাৰ্যক্ৰমৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰে। এই কাৰ্যক্ৰম জনজাতি পৰিক্ৰমা মন্ত্ৰালয় তথা মেটা (ফেচবুক)ৰ এটা সংযুক্ত পদক্ষেপ। জিঅ'এএল ২.০ পদক্ষেপৰ লক্ষ্য হৈছে দেশৰ জনজাতীয় সমুদায়ৰ মাজত উদ্যমিতাক উৎসাহিত কৰাৰ জৰিয়তে ১০ লাখ যুৱক-যুৱতীক ডিজিটেল মাধ্যমত দক্ষতা প্ৰদান কৰা আৰু তেওঁলোকৰ বাবে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰৰ কৰিবলৈ সুযোগ মুকলি কৰা।

জৈৱিক জনজাতীয় সামগ্ৰী আৰু হস্তশিল্পৰ বাবে এক জীৱন্ত প্ৰদৰ্শনী আৰু বজাৰৰ উদ্ঘাটন ভাৰ্চুৱেল মাধ্যমত ট্ৰাইফেডৰ উপাধ্যক্ষ শ্ৰী পৱিত্ৰ কুমাৰ কানহাৰৰ উপস্থিতিত ২১ মাৰ্চ, ২০২২ত ট্ৰাইফেডৰ অধ্যক্ষ শ্ৰী ৰামসিংহ ৰাঠৱাৰ দ্বাৰা কৰা হয়। এই ১০ দিনীয়া প্ৰদৰ্শনীৰ আয়োজন ২১ মাৰ্চৰ পৰা ৩০ মাৰ্চ ২০২২ত ভোপালৰ ভোপাল হাটত কৰা হয় আৰু ইয়াত দেশজুৰি ১৫ৰো অধিক ৰাজ্যৰ প্ৰতিনিধিত্ব কৰা ৭০ৰ অধিক ষ্টল প্ৰদৰ্শন কৰা হৈছিল।

 

-ট্ৰাইফেডে ৮ মাৰ্চ ২০২২ত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত জীৱিকা সৃষ্টিৰ ক্ষেত্ৰত ৭৫গৰাকী জনজাতীয় মহিলাৰ প্ৰাপ্তিক সন্মানিত কৰে

-শ্ৰী অৰ্জুন মুণ্ডাই ট্ৰাইফেডৰ ১৪টা মৌ উৎপাদক কৃষক সংগঠন (এফপিঅ')ৰ উদ্ঘাটন কৰে।

-মহাৰাষ্ট্ৰত ট্ৰাইফেডে ১৪ জুন, ২০২২ত আদি চিত্ৰ কাৰ্যক্ৰমৰ আয়োজন কৰে

-এতিয়ালৈকে ৩২২৫টা বন ধন বিকাশ কেন্দ্ৰ স্বীকৃত

-কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই ২১ জুন, ২০২২ত ঝাৰখণ্ডৰ খুণ্টিৰ বীৰছা মুণ্ডা মহাবিদ্যালয়ৰ আইৱাইডি সমাৰোহৰ নেতৃত্ব কৰে।

ভাৰত চৰকাৰে 'মানৱতাৰ বাবে যোগ' থীমেৰে ২১ জুন, ২০২২ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইৱাইডি) ২০২২ৰ সমাৰোহ পালন কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২২ত এই বছৰ ৭৫তম আজাদী কা অমৃত মহোৎসৱৰ ৰূপত পালন কৰি থকা হৈছে।

-টাটা ইলেক্ট্ৰনিক লিমিটেড তথা জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা ঝাৰখণ্ডৰ চাৰিখন জিলাত এছটি ছোৱালীৰ মেগা ভৰ্তি অভিযান আয়োজিত কৰা হয়

টাটা ইলেক্ট্ৰনিকছ লিমিটেডৰ দ্বাৰা ১৮-১৯ ছেপ্টেম্বৰ, ২০২২ত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সমন্বয়ত খুণ্টি, সৰায়কেলা, চাইবাসা আৰু সিমডেগাত দুদিনীয়া ভৰ্তি অভিযানৰ আয়োজন কৰা হয়। এই পদক্ষেপে বহুত ভাল সঁহাৰি লাভ কৰে আৰু জিলাৰ গ্ৰামীণ ক্ষেত্ৰৰ পৰা ভৰ্তি কাৰ্যত ২৬০০ৰো অধিক ছোৱালী আৰু যুৱতীয়ে ভাগ লয় যাৰ ভিতৰত ১৮৯৮গৰাকী ছোৱালীৰ দুদিনত বাছনি কৰা হয়।

 

-জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ঝাৰখণ্ডৰ সৰাইকেলা খৰছোৱানত এদিনীয়া মেগা স্বাস্থ্য শিবিৰ 'অবুআ বুগিন হোডমো- আমাৰ ভাল স্বাস্থ্যৰ আয়োজন কৰে

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ঝাৰখণ্ডৰ সৰাইকেলা খৰছোৱানত ৪ ডিচেম্বৰ, ২০২২ত সফলতাৰে এদিনীয়া বিনামূলীয়া মেগা স্বাস্থ্য শিবিৰ 'অবুআ বুগিন হোডমো- (আমাৰ ভাল স্বাস্থ্য)ৰ আয়োজন কৰে। জুন, ২০২২ত খুণ্টি শিবিৰৰ সফলতাৰ পাছত ৰাজ্যত জনজাতীয় লোকক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰা এয়া দ্বিতীয় সফল স্বাস্থ্য শিবিৰ আছিল।

মেগা স্বাস্থ্য শিবিৰৰ আয়োজন সংযুক্ত ৰূপত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, আয়ুষ মন্ত্ৰালয়, এনএইচআৰএম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, টাটা ষ্টিল ফাউণ্ডেশ্যন আৰু জিলা প্ৰশাসনৰ দ্বাৰা কৰা হৈছিল য'ত জনজাতীয় সমাজৰ বাবে উন্নত স্বাস্থ্য সেৱা তথা সংশ্লিষ্ট সুবিধাৰ পৰিকল্পনা কৰা হৈছিল।

 

-প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনা (পিএমএএজিৱাই): সংযোজনৰ মাধ্যমত জনজাতি অধ্যুষিত গাঁৱৰ সামগ্ৰিক বিকাশ

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ২০২১-২২ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাত ৰূপায়ণৰ বাবে 'প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনা (পিএমএএজিৱাই) নামেৰে জনজাতীয় উপ-যোজনা (এছিএৰ পৰা টিএছএছ)ৰ বাবে 'বিশেষ কেন্দ্ৰীয় সাহায্যৰ আগৰ যোজনাৰ পুনৰুদ্ধাৰ কৰে, যাৰ লক্ষ্য হৈছে প্ৰায় ৪.২২ কোটি (মুঠ জনজাতীয় জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ)ৰ জনসংখ্যাক সামৰি উল্লেখযোগ্য জনজাতীয় জনসংখ্যাৰ সৈতে গাঁৱৰ সামগ্ৰিক বিকাশ কৰা। এতিয়ালৈকে, ১৯২৭.০০ কোটি টকাৰ ধনৰাশি আগতেই ৰাজ্যসমূহক জাৰি কৰা হৈছে।

-অক্টোবৰ, ২০২২ত আয়োজিত লম্বিত বিষয় ২.০ৰ নিষ্পত্তিৰ বাবে বিশেষ অভিযানৰ জৰিয়তে, বিভিন্ন মাপকাঠিত মন্ত্ৰালয়ৰ ৰূপায়ণ এনেধৰণৰ:

 

ক্ৰম সংখ্যা

মাপকাঠি

টাৰ্গেট

প্ৰাপ্তি

সাংসদ সম্পৰ্কীয়

৩২

২৭

আইএমচি সম্পৰ্কীয় (কেবিনেট প্ৰস্তাৱ)

০৬

০৬

ৰাজ্য চৰকাৰ সম্পৰ্কীয়

০১

০১

গণ অভিযোগ

১২০

১২০

পিএমঅ' সম্পৰ্কীয়

১৩

১৩

গণ অভিযোগ আপীল

৩১

৩১

নিয়ম/প্ৰক্ৰিয়া সৰল কৰা

ৰেকৰ্ড প্ৰবন্ধ (ফাইল)

এ। ভৌতিক ফাইল

বি। ই-ফাইল

১০৩২ (সমীক্ষাৰ কাৰণে)

 

১৮৩ (বিডিঙৰ বাবে চিহ্নিত)

 

৭৬৪ (সমীক্ষাৰ বাবে ৰখা হয়)

১০৩২ (সমীক্ষাকৃত)

 

১৮৩ (বিড কৰা হয়)

 

 

৪৬০ (বণ্ড)

মুক্ত কৰা ঠাই

০ বৰ্গফুট

০ বৰ্গফুট

১০

স্বচ্ছতা অভিযান

৪১

৪১

১১

অৰ্জিত ৰাজহ

০ টকা

০ টকা

 

অনুলগ্নক-১

ছাত্ৰবৃত্তি যোজনাৰ জৰিয়তে ১ এপ্ৰিল ২০২২ৰ পৰা ৩১ ডিচেম্বৰ ২০২২লৈকে ব্যয় আৰু লাভাৰ্থীৰ বিৱৰণ

টক কোটি হিচাপত

 

 

স্কিমৰ নাম

বিত্ত বৰ্ষ ২০২২-২৩

ব্যয় (৩১ ডিচেম্বৰ ২০২২লৈকে)

লাভাৰ্থীৰ সংখ্যা

অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিক-পূৰ্ব ছাত্ৰবৃত্তি,

২১৬.৭৯

৫৫৩৭৫৭

অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিক-পৰৱৰ্তী ছাত্ৰবৃত্তি,

১৮০১.৪৭

২০৭৮৩৬৩

অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চতৰ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় অধ্যেতা স্কিম,

৯৫.২৮

২৬৮৫

অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰী (টপ ক্লাছ)ৰ বাবে উচ্চতৰ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তি স্কিম,

৩৪.৬৪

২৮৪৫

অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীক বিদেশত পঢ়িবলৈ ৰাষ্ট্ৰীয় অভাৰছিজ ছাত্ৰবৃত্তিৰ বাবে

১.৫২

১৯

 

মুঠ

২১৪৯.৭০

২৬৩৭৬৬৯

 

অনুলগ্নক-২

ক্ৰম সংখ্যা

ৰাজ্য

জিলা

প্ৰখণ্ড

ইএমআৰএছৰ নাম

মঞ্জুৰীৰ বছৰ

শিলান্যাসৰ বছৰ

আধাৰশিলা স্থাপন কৰোতা

উৰিষ্যা

ময়ুৰগঞ্জ

ৰাজগোবিন্দপুৰ

ইএমআৰএছ ৰাজগোবিন্দপুৰ

২০২১-২২

১৬-০৪-২০২২

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডু

উৰিষ্যা

ময়ুৰগঞ্জ

উডালা

ইএমআৰএছ উডালা

২০২১-২২

২২-০৪-২০২২

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডু

উৰিষ্যা

ময়ুৰগঞ্জ

সুকৃতি (মহুলডিহা)

ইএমআৰএছ সুকৃতি

২০২১-২২

২৩-০৪-২০২২

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডু

নাগালেণ্ড

কিফিৰ

কিফিৰ

ইএমআৰএছ কিফিৰ

২০১৮-১৯

২৬-০৪-২০২২

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা

উৰিষ্যা

কোৰাপুট

কুন্দুৰা

ইএমআৰএছ কুন্দুৰা

২০২১-২২

৩০-০৪-২০২২

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডু

মহাৰাষ্ট্ৰ

নাসিক

সুৰগনা

ইএমআৰএছ সুৰগনা

২০১৮-১৯

১৩-০৫-২০২২

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা

উৰিষ্যা

ময়ুৰগঞ্জ

ৰাৰৌণ

ইএমআৰএছ ৰাৰৌণ

২০২০-২১

১৯-০৫-২০২২

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী বিশ্বেশ্বৰ টুডু

গুজৰাট

নৰ্মদা

সাগবাৰা

ইএমআৰএছ সাগবাৰা

২০১৭-১৮

০৯-০৮-২০২২

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল

মধ্যপ্ৰদেশ

বুঢ়ানপুৰ

খাকনাৰ

ইএমআৰএছ নেপানগৰ (খাকনাৰ)

২০২০-২১

২৩-০৮-২০২২

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান

১০

মণিপুৰ

উখৰুল

উখৰুল নৰ্থ

ইএমআৰএছ উখৰুল নৰ্থ

২০২০-২১

১৯-০৯-২০২২

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শিক্ষা আৰু বিদেশ ৰাজ্য মন্ত্ৰী ডঃ আৰ কে ৰঞ্জন সিং

১১

নাগালেণ্ড

মাকোকচুং

মাংগকোলেম্বা

ইএমআৰএছ মাংকোলেম্বা

২০১৯-২০

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১২

নাগালেণ্ড

লোংগলেং

লোংগলেং

ইএমআৰএছ লোংগলেং

২০২০-২১

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১৩

নাগালেণ্ড

মাকোকচুং

আংপাংকং

ইএমআৰএছ আংপাংকং

২০২০-২১

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১৪

নাগালেণ্ড

কহিমা

বোৎসা

ইএমআৰএছ বোৎসা

২০২০-২১

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১৫

নাগালেণ্ড

টিউনছাং

নাকসেন

ইএমআৰএছ নাকসেন

২০২০-২১

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১৬

নাগালেণ্ড

জুনহেবোতো

জুনহেবোতো

ইএমআৰএছ জুনহেবোতো

২০২০-২১

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১৭

নাগালেণ্ড

পেৰেণ

পেৰেণ

ইএমআৰএছ পেৰেণ

২০২০-২১

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১৮

নাগালেণ্ড

টিউনছাং

নকলাক

ইএমআৰএছ নকলাক

২০২০-২১

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১৯

নাগালেণ্ড

মন

ফমছিং

ইএমআৰএছ ফমছিং

২০২১-২২

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

২০

নাগালেণ্ড

মাকোকচুং

চুৰাংকং

ইএমআৰএছ চুৰাংকং

২০২১-২২

০২-১১-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

 

অনুলগ্নক-৩

ক্ৰম সংখ্যা

ৰাজ্য

জিলা

প্ৰখণ্ড

ইএমআৰএছৰ নাম

মঞ্জুৰীৰ বছৰ

উদ্ঘাটনৰ তাৰিখ

উদ্ঘাটন কৰোতা

কেৰালা

পালাক্কড

এটাপেডি

ইএমআৰএছ এটাপেডি

২০১৭-১৮

২২-০৭-২০২২

কেৰালা চৰকাৰৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা শ্ৰেণী, দেৱাসওমছ সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কে ৰসাকৃষ্ণন

কেৰালা

কাসৰগোড

পাৰাপ্পা

ইএমআৰএছ কৰিন্থালম

২০১৮-১৯

১৬-০৭-২০২২

কেৰালা চৰকাৰৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা শ্ৰেণী, দেৱাসওমছ সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কে ৰসাকৃষ্ণন

গুজৰাট

সাবৰকণ্ড

পোশিনা

ইএমআৰএছ পশিনা

২০১৫-১৬

০৪-১০-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

অৰুণাচল প্ৰদেশ

তিৰপ

খোন্সা

ইএমআৰএছ খেলা

২০১৫-১৬

২২-০৫-২০২২

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ

অৰুণাচল প্ৰদেশ

লোগৰপাডা (পূৰ্বে ৱেষ্ট ছিয়াং)

তিৰবিন

ইএমআৰএছ তিৰবিন

২০১৬-১৭

২২-০৫-২০২২

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দ্বাৰা ভাৰ্চুৱেল পদ্ধতিত

তেলেংগানা

ভদ্ৰাদ্ৰি কোঠাগুডা

পলবঞ্চা

ইএমআৰএছ পলবঞ্চা

২০১৭-১৮

০৮-০৭-২০২২

তেলেংগানাৰ অনুসূচিত জনজাতি, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী শ্ৰীমতী সত্যাৱতী ৰাঠোড়

ছিক্কিম

নামচী

সদাম

ইএমআৰএছ সুনতোলে

২০১৫-১৬

১৯-০৮-২০২২

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰেণুকা সৰুতা

তামিলনাডু

কাঞ্চিপুৰম

চেংগালপেট

কত্তানকুলাথুৰ তিৰুপোৰুৰ

ইএমআৰএছ পত্তিপোলম

২০১৭-১৮

০২-১১-২০২২

তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিন

অন্ধ্ৰপ্ৰদেশ

পূৰ্ব গোদাবৰী

চিন্তুৰ

ইএমআৰএছ চিন্তুৰ

২০১৮-১৯

০৪-১২-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১০

অন্ধ্ৰপ্ৰদেশ

পূৰ্ব গোদাবৰী

ৰাজৱমাংগী

ইএমআৰএছ ৰাজৱমাংগী

২০১৯-২০

০৪-১২-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১১

অন্ধ্ৰপ্ৰদেশ

বিজিনগৰম

গুম্মা লক্ষ্মীপুৰম

ইএমআৰএছ জিএল পুৰম

২০১৯-২০

০৪-১২-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

১২

অন্ধ্ৰপ্ৰদেশ

পশ্চিম গোদাবৰী

বুট্টায়াগুডেম

ইএমআৰএছ বুট্টায়াগুডেম

২০১৯-২০

০৪-১২-২০২২

ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

 

***

NB/SK



(Release ID: 1890667) Visitor Counter : 244