প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত চুৰিনামৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 09 JAN 2023 4:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত চুৰিনামৰ ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপাৰচাদ সন্তোখীক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি সন্তোখীয়ে ৭-১৪ জানুৱাৰীলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে। সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সন্মানীয় বিশেষ অতিথি হৈছে ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপাৰচাদ সন্তোখী।

বৈঠকত দুয়োগৰাকী নেতাই হাইড্ৰ'কাৰ্বন, প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, ডিজিটেল পদক্ষেপ আৰু আইচিটি আৰু ক্ষমতা নিৰ্মাণকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত আলোচনা কৰে।

চুৰিনামে লাইনছ অফ ক্ৰেডিটৰ পৰা লাভ কৰা ঋণ পৰিশোধৰ পুনৰ্নবীকৰণৰ বাবে ভাৰতক প্ৰশংসা কৰে।

ৰাষ্ট্ৰপতি সন্তখীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে আলোচনাত মিলিত হব আৰু ১০ জানুৱাৰী ২০২৩ তাৰিখে বিদায়ী অধিৱেশন আৰু প্ৰবাসী ভাৰতীয় সন্মান বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ইন্দোৰত গ্লোবেল ইনভেষ্টৰ্ছ ছামিটৰ উদ্বোধনী অধিৱেশনতো অংশগ্ৰহণ কৰিব। তাৰ পিছত তেওঁ আহমেদাবাদ আৰু নতুন দিল্লী ভ্ৰমণ কৰিব।

 

***

DS/AK/KG



(Release ID: 1889929) Visitor Counter : 96